ETV Bharat / state

Mother’s Day 2023 : মাতৃ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীলৈ ৰাজ্যৰ মাতৃ সমাজৰ পত্ৰ - ধঁপাতৰ আসক্তিৰ পৰা যুৱ প্ৰজন্মক ৰক্ষা

মাতৃ দিৱসৰ লগত সংগতি ৰাখি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী লৈ এখন পত্ৰ প্ৰেৰণ শতাধিক মাতৃৰ (Letter to PM Modi on occasion of Mothers Day) ৷ সন্তানক ধঁপাতৰ কৰাল গ্ৰাসৰ পৰা ৰক্ষা কৰিবৰ বাবে দেশখনক ধঁপাত মুক্ত কৰাৰ আহ্বান শতাধিক মাতৃৰ ৷

Letter to PM Modi on occasion of Mothers Day 2023
দেশখনক ধঁপাত মুক্ত কৰাৰ আহ্বান শতাধিক মাতৃৰ
author img

By

Published : May 14, 2023, 7:30 PM IST

গুৱাহাটী, ১৪ মে’ : মাতৃ দিৱসৰ লগত সংগতি ৰাখি কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফ’ৰামৰ উদ্যোগত দেওবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শতাধিক মাতৃয়ে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী লৈ এখন পত্ৰ প্ৰেৰণ কৰে (Mother’s Day 2023) । ৰাজ্যৰ মাতৃ সমাজে এই পত্ৰখনৰ জৰিয়তে ধঁপাতৰ আসক্তিৰ পৰা যুৱ প্ৰজন্মক ৰক্ষা কৰাৰ স্বাৰ্থত ধঁপাত নিয়ন্ত্ৰণ আইন অধিক কঠোৰ কৰিবলৈ প্ৰধানমন্ত্ৰীক আহ্বান জনায় । এই অভিযানত ৰাজ্যৰ বিভিন্ন চহৰৰ মাতৃ সমাজে স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰে (Letter to PM Modi on occasion of Mothers Day)।

শতাধিক মাতৃয়ে স্বাক্ষৰ কৰা এই পত্ৰখনৰ জৰিয়তে জনস্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি সংসদৰ আগন্তুক বৰ্ষাকালীন অধিৱেশনত এখন শক্তিশালী ধঁপাত বিৰোধী আইন গৃহীত কৰাৰ বিষয়টো জৰুৰীভাৱে বিবেচনা কৰিবলৈ প্ৰধানমন্ত্ৰীক আহ্বান জনোৱা হয় (Tobacco Free India)।

Letter to PM Modi on occasion of Mothers Day 2023
ধঁপাতৰ আসক্তিৰ পৰা যুৱ প্ৰজন্মক ৰক্ষা

পত্ৰখনত মাতৃ সমাজে কয়, ‘‘মাক এনেকুৱা এখন আইন লাগে যাৰ দ্বাৰা আমি আমাৰ সন্তানক ধঁপাতৰ কৰাল গ্ৰাসৰ পৰা ৰক্ষা কৰি এটা ধঁপাত মুক্ত জীৱন দিব পাৰো । সন্তানৰ বাবে সদায় আশংকাত ভুগি থকা আমাৰ দৰে মাতৃসকলৰ বাবে এইয়া এক বৃহৎ সকাহ হ’ব । ধঁপাত সেৱনৰ বাবে নিৰ্দিষ্ট স্থানৰ ক্ষেত্ৰত নিষেধাজ্ঞা, বিক্ৰী স্থানৰ লগতে সকলোতে ধঁপাতৰ সকলো ধৰণৰ বিজ্ঞাপন বন্ধ কৰা, পেকেটৰ পৰিৱৰ্তে খোলাকৈ চিগাৰেটৰ বিক্ৰী বন্ধ কৰা, ধঁপাত সেৱনৰ আইনী বয়স ১৮ বছৰৰ পৰা ২১ বছৰলৈ বৃদ্ধি কৰা আদিৰ দৰে এখন শক্তিশালী ধঁপাত নিয়ন্ত্ৰণ আইন আমি বিচাৰো’’ ।

লগতে কয় যে এই সমূহে আমাৰ সন্তানক ধঁপাতৰ প্ৰতি আসক্ত হোৱাৰ পৰা ৰক্ষা কৰাৰ লগতে তেওঁলোকৰ জীৱন ৰক্ষা কৰিব । উল্লেখ্য কৰা প্ৰয়োজন যে মৃত্যুৰ ৬ টাৰ পৰা ৮ টা মূল কাৰকৰ ভিতৰত অন্যতম হৈছে ধঁপাত সেৱন । কৰ্কট, হৃদ, হাওঁফাওঁজনিত ৰোগৰ ৪০ শতাংশই ধঁপাত সেৱনৰ ফলত হয় ।

Letter to PM Modi on occasion of Mothers Day 2023
দেশখনক ধঁপাত মুক্ত কৰাৰ আহ্বান শতাধিক মাতৃৰ

মাতৃ হিচাবে আমি সদায় নিজৰ সন্তানক লৈ উদ্বিগ্ন হৈ থাকো বুলি পত্ৰখনত উল্লেখ কৰা হয় । ধঁপাত ব্যৱহাৰৰ ফলত হ'বলগীয়া ক্ষতিৰ পৰা নিজৰ সন্তানক কেতিয়াবা কেতিয়াবা অভিভাৱকসকলে যথেষ্ঠ চেষ্টা কৰিও ৰক্ষা কৰাত ব্যৰ্থ হয় ।ধঁপাতৰ ভয়াৱহতাৰ বিষয়ে অৱগত হোৱাৰ পিচতো ধঁপাতৰ ব্যাপক বিজ্ঞাপনে ল’ৰা ছোৱালীক গভীৰভাৱে প্ৰভাৱিত কৰে ।

এই সন্দৰ্ভত কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফ’ৰামৰ সচিব অধিবক্তা অজয় হাজৰিকাই কয় যে দেশৰ ১৩ বছৰৰ পৰা ১৫ বছৰৰ ভিতৰৰ এক-পঞ্চমাংশ ছাত্ৰ-ছাত্ৰীয়ে ধঁপাত সেৱন কৰা বুলি এক শেহতীয়া সমীক্ষাত প্ৰকাশ । দেশৰ ৩৮ শতাংশ ছাত্ৰই চিগাৰেট, ৪৭ শতাংশই বিড়ি আৰু ৫২ শতাংশই ধোঁৱা বিহীন ধঁপাত সেৱনৰ অভ্যাস ১০ বছৰ বয়সৰ পৰাই আৰম্ভ কৰে ।

লগতে পঢ়ক : Dr Sangeeta Dutta : ডাঃ সংগীতা দত্তই ধনৰ বিনিময়ত ক্ৰয় কৰিছিল সন্তান দুটিক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.