ETV Bharat / state

Industrialists Letter to CM Himanta: বিধায়ক ভাস্কৰ শৰ্মাৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীলৈ লিখা পত্ৰখনত কি আছে ?

author img

By ETV Bharat Assamese Team

Published : Oct 9, 2023, 6:59 PM IST

বিধায়ক ভাস্কৰ শৰ্মাই কলকাতাৰ এজন উদ্যোগপতিয়ে স্থাপন কৰা উদ্যোগ কাঢ়ি লোৱা বিষয়টোক লৈ ৰৌজাল-বৌজাল ৰাজ্য ৷ বিজেপি বিধায়কগৰাকীয়ে গুণ্ডাগিৰি কৰাৰ অভিযোগ তুলি মুখ্যমন্ত্ৰী ড৹ শৰ্মালৈ পত্ৰ লিখি ন্যায় বিচাৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হ’ল ৷ প্ৰকৃততে কি আছে মুখ্যমন্ত্ৰীলৈ লিখা পত্ৰখনত ? জানো আহক...

Industrialists Letter to CM Himanta
বিধায়ক ভাস্কৰ শৰ্মাৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীলৈ লিখা পত্ৰ

গুৱাহাটী, ৯ অক্টোবৰ : বিজেপিৰ বিধায়ক ভাস্কৰ শৰ্মাই কলকাতাৰ এজন উদ্যোগপতিৰ পৰা মাৰ্ঘেৰিটাত 'ব্ৰাইটছাইন ক’ক এণ্ড প্ৰাইভেট লমিটেড’ নামৰ এটা উদ্যোগ ভয়-ভাবুকিৰে কাঢ়ি লোৱাৰ খবৰে অস্বস্তিত পেলাইছে বিজেপিক ৷ মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মা আৰু তেওঁৰ তিনিগৰাকী সহযোগীৰ বিৰুদ্ধে খোদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ উদ্যোগটোৰ বৰ্তমানৰ সঞ্চালক মহেশ ভীমচৰিয়াই লিখিছে এখন বিস্ফোৰক পত্ৰ ৷ ইয়াৰ পূৰ্বেও বিভিন্ন সময়ত বহুবাৰ বিধায়ক ভাস্কৰ শৰ্মাৰ বিৰুদ্ধে কয়লা ছিণ্ডিকেটৰ নেতৃত্ব দিয়াৰ অভিযোগ উত্থাপিত হৈ আহিছিল যদিও এইবাৰৰ দৰে মুখ্যমন্ত্ৰীলৈ পত্ৰ লিখি পোনপটীয়াকৈ কোনেও অভিযোগ কৰা নাছিল ৷

বিধায়ক ভাস্কৰ শৰ্মাৰ বিৰুদ্ধে চিনেমাৰ ভিলেইনৰ ষ্টাইলত উদ্যোগ কাঢ়ি লোৱাৰ অভিযোগ মুখ্যমন্ত্ৰীক দিয়াৰ পাছত সৰৱ হৈ পৰিছে বিৰোধী ৰাইজৰ দলৰ সভাপতি অখিল গগৈ, কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ আদি ৷ ভাস্কৰ শৰ্মাৰ প্ৰৱঞ্চনা কথা কি আছে মুখ্যমন্ত্ৰীলৈ লিখা পত্ৰখনত ?

“প্ৰতি, মাননীয় মুখ্যমন্ত্ৰী মহোদয়, অসম চৰকাৰ ৷ বিষয়- বিধায়ক শ্ৰী ভাস্কৰ শৰ্মা আৰু তেওঁৰ সহযোগী শ্ৰী বাবা কলিতা, শ্ৰী প্ৰদীপ সিং আৰু শ্ৰী চন্দন কলিতাৰ দ্বাৰা হোৱা প্ৰতাৰণা, অপৰাধমূলক আস্থা ভংগ, অপৰাধমূলক ভয়, জালিয়াতিৰ অভিযোগ ৷ সন্মানীয় মহাশয়,অসমত বিনিয়োগ কৰা ব্যৱসায়ীসকলৰ সাম্প্ৰতিক আৰু চলি থকা দৃশ্যপট আপোনাৰ দৃষ্টিগোচৰ আৰু সদয় দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছো । ২০২২ চনৰ ফেব্ৰুৱাৰী মাহত শ্ৰী প্ৰদীপ সিং আৰু চন্দন কলিতাই ঈশান জৈন ডাঙৰীয়াক লগ কৰি মাৰ্ঘেৰিটা অঞ্চলত এটি ক’ক উদ্যোগ স্থাপনৰ প্ৰস্তাৱ আগবঢ়ায় ।

তেওঁলোকে কৈছিল যে তেওঁলোক বিধায়ক ভাস্কৰ শৰ্মাৰ সহযোগী আৰু তেওঁলোকৰ ক’ক প্লাণ্টৰ এখন অনুজ্ঞাপত্ৰ আছে । তেওঁলোকে তেওঁক সেই অঞ্চলত বিনিয়োগ কৰিবলৈ পতিয়ন নিয়াইছিল আৰু লগতে আশ্বাস দিছিল যে ক’ক প্লাণ্ট স্থাপন কৰাৰ সময়ত তেওঁলোকৰ কোনো সমস্যা নহ’ব ৷ কিন্তু বিনিময়ত তেওঁ ভাস্কৰ শৰ্মা(বিধায়ক) ডাঙৰীয়াই ঠিক কৰা অনুসৰি প্ৰতিখন ট্ৰাকত ২০ হাজাৰ টকা প্ৰতিটো উদ্যোগে দি অহাৰ দৰেই দিব লাগিব । তেওঁলোকৰ চৰ্ত শুনাৰ পাছত ঈশান জৈন পতিয়ন গৈছিল আৰু তেওঁলোকৰ লগত মাৰ্ঘেৰিটালৈ গৈছিল ।

২০২২ৰ ছেপ্তেম্বৰত তিৰাপ মৌজাৰ অধীনৰ পো: অ: টিপং, পি:এছ: লেখাপানী মাৰ্ঘেৰিটা, জিলা- তিনিচুকীয়া, অসমৰ অন্তৰ্গত টিপং পানী নতুন গাঁৱত ক’ক উদ্যোযোগ স্থাপনৰ উদ্দেশ্যৰে ৭ বিঘা মাটি লৈ এটা ঘৰ ভাড়ালৈ লয় ৷ নিতুল শইকীয়া (লেজাৰ) আৰু আমাৰ কোম্পানী ব্ৰাইটশ্বাইন ক’ক এণ্ড ক’ল প্ৰাইভেট লিমিটেডৰ হৈ ঈশান জৈন আৰু প্ৰদীপ সিঙে সঞ্চালক হিচাবে স্বাক্ষৰ কৰা এক লীজৰ চুক্তিও কৰা হৈছিল ।

ঈশান জৈনে উক্ত ক’ক প্লাণ্টটো স্থাপনৰ কৰিবলৈ আৰম্ভ কৰিছিল আৰু প্ৰায় ৪.৫ কোটি টকাৰ বৃহৎ পৰিমাণৰ ধন বিনিয়োগ কৰিছিল । আমাৰ ১০০ শতাংশ বিনিয়োগেৰে ২০২২ চনৰ ডিচেম্বৰৰ ভিতৰত সমগ্ৰ ব্যৱস্থাপনা সম্পূৰ্ণ হৈছিল । প্লাণ্টটোৰ নিৰ্মাণ সম্পূৰ্ণ কৰি ইমান বিপুল পৰিমাণৰ বিনিয়োগ কৰাৰ পাছত ওপৰত উল্লেখ কৰা ব্যক্তিসকলে সম্পূৰ্ণৰূপে প্লাণ্টটোত থিতাপি বহিছিল আৰু তেওঁলোকে স্থানীয় গুণ্ডাসকলৰ সহায় আৰু প্ৰৰোচনাৰে ঈশান জৈনক নিজৰেই প্লাণ্টটোত প্ৰৱেশ কৰিবলৈ দিয়া নাছিল ।

২০২৩ চনৰ ২৪ জানুৱাৰী তাৰিখে সন্ধিয়া মাৰ্ঘেৰিটা থানাই শ্ৰী ঈশান জৈনক আটক কৰি ২০২৩ চনৰ ২৫ জানুৱাৰীৰ পুৱা ৮.০০ বজালৈকে তেওঁলোকৰ জিম্মাত ৰাখে আৰু ঈশান জৈনক মাৰ্ঘেৰিটা অঞ্চলৰ পৰা পলাই যাবলৈ কয় । ভাস্কৰ শৰ্মাৰ লোকসকলে ঈশান জৈনৰ পৰা বলপূৰ্বকভাৱে উদ্যোগটো নিয়ন্ত্ৰণ নিয়ে আৰু এতিয়া বিগত ৬ মাহ ধৰি অবৈধভাৱে অবিৰতভাৱে চলাই আছে । তেওঁলোকে কৈছিল যে তেওঁলোকে The Coal India Limited ৰ খনিসমূহত অবৈধ কয়লাখনিৰ কয়লা ব্যৱহাৰ কৰিব আৰু তেওঁলোকে ভাস্কৰ শৰ্মাক ৰয়েল্টি আৰু কৰ দিব লাগিব, যিটো মাৰ্ঘেৰিটাত চলি থকা সকলো কয়লাজাত উদ্যোগলৈ যোগান ধৰা আৰু খনিৰ ক্ষেত্ৰত কৰি থকা হৈছে ৷

মহাশয়, মই উল্লেখ কৰিব বিচাৰো যে সেই অঞ্চলত সম্পূৰ্ণ গুণ্ডাৰাজ, সমাজবিৰোধী আৰু ৰাজনৈতিক ব্যক্তি আৰু আৰক্ষীৰ মাজত নেক্সাছ চলি আছে । গতিকে, ১.৮.২০২৩ তাৰিখে তিনিচুকীয়ালৈ গৈ ৫.৮.২০২৩ তাৰিখে তিনিচুকীয়া জিলাৰ আৰক্ষী অধীক্ষকক লগ কৰি ১৫ ছেপ্টেম্বৰ, ২০২৩ লৈকে তাতেই থাকিলো । কিন্তু আৰক্ষী কিমান অসহায় সেয়া মই দেখিলো ।

মহোদয়, আমি কেৱল মুখ্যমন্ত্ৰীৰ স্বচ্ছ ভাৱমূৰ্তি বিবেচনা কৰি অসমত বিনিয়োগ কৰিছো আৰু কেতিয়াও ভবা নাছিলো যে বিধায়ক আৰু তেওঁৰ সহযোগীসকলে চলোৱা এনেধৰণৰ গুণ্ডাৰাজ ৰাজ্যখনত প্ৰভাৱ বিস্তাৰ আছে । মহোদয়, আমি সম্পূৰ্ণ অসহায়, আমাক ন্যায় লাগে আৰু ন্যায় বিৰাজ হ’বই লাগিব । এই বিষয়ত আপোনাৰ সঁহাৰি আৰু সহায়ৰ বাবে আমি বিনম্ৰ অনুৰোধ জনাইছো ।

BRIGHTSHINE COKE AND COAL PRIVATE LIMITED ৰ হৈ মহেশ ভীমসাৰিয়া, সঞ্চালক ৷’’

ৰাজ্যৰ সংবাদ মাধ্যমত মুখ্যমন্ত্ৰীলৈ এই পত্ৰৰ বাতৰি প্ৰকাশ হোৱাৰ প্ৰায় দুদিন পাৰ হৈ গ’ল ৷ কিন্তু এতিয়াও বিষয়টোত প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পৰা আঁতৰত আছে বিতৰ্কিত বিধায়ক ভাস্কৰ শৰ্মা আৰু বিজেপি দল ৷ আনহাতে মুখ্যমন্ত্ৰীৰ তৰফৰ পৰাও কোন মন্তব্য অথবা প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হোৱা নাই ৷

লগতে পঢ়ক: Allegation Against BJP MLA: ভয়-ভাবুকিৰে উদ্যোগ কাঢ়ি লোৱা বিজেপি বিধায়কক গ্ৰেপ্তাৰৰ দাবী অখিল গগৈৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.