ETV Bharat / state

মাজুলীৰ দেৱযানী দত্ত কলিতালৈ ‘আই পদ্মপ্রিয়া’ বঁটা

author img

By

Published : Mar 9, 2021, 1:36 PM IST

অসম লেখিকা সংস্থাই ‘আই পদ্মপ্রিয়া’ বঁটাৰে সন্মানিত কৰিলে বিশিষ্ট কণ্ঠশিল্পী, সত্ৰীয়া সংগীত বিশাৰদ, শিক্ষয়িত্ৰী দেৱযানী দত্ত কলিতাক । সোমবাৰে আন্তর্জাতিক নাৰী দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানত দেৱযানী দত্ত কলিতাক এই বঁটা প্ৰদান কৰে বিশিষ্ট সাহিত্যিক ড° নিৰুপমা মহন্তই ।

মাজুলীৰ দেৱযানী দত্ত কলিতালৈ ‘আই পদ্মপ্রিয়া’ বঁটা
মাজুলীৰ দেৱযানী দত্ত কলিতালৈ ‘আই পদ্মপ্রিয়া’ বঁটা

গুৱাহাটী, ৯ মার্চ: সোমবাৰে আন্তর্জাতিক নাৰী দিৱস উপলক্ষে অসম লেখিকা সংস্থাই গুৱাহাটীৰ আমবাৰীস্থিত প্ৰেছ ক্লাবত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানৰ আয়োজন কৰে । এই অনুষ্ঠানতে মাজুলীৰ কমাৰগাঁও নিবাসী বিশিষ্ট কণ্ঠশিল্পী, সত্ৰীয়া সংগীত বিশাৰদ, শিক্ষয়িত্ৰী দেৱযানী দত্ত কলিতাক অসম লেখিকা সংস্থাই ‘আই পদ্মপ্রিয়া’ বঁটাৰে সন্মানিত কৰে ।

মুখ্য অতিথিৰূপে উপস্থিত থাকি দেৱযানী দত্ত কলিতাক এই বঁটা প্ৰদান কৰে বিশিষ্ট সাহিত্যিক তথা সত্ৰীয়া সংস্কৃতিৰ গৱেষিকা ড° নিৰুপমা মহন্তই । এই সভাতে সংস্থাৰ আজীৱন সদস্যা, সু-শিক্ষয়িত্রী সবিতা দেৱীৰ ‘নিলিখা গল্প’ নামৰ গল্পপুথি উন্মোচন কৰা হয় ।

অনুষ্ঠানত উপস্থিত থাকে অসম লেখিকা সংস্থাৰ প্রাক্তন সভানেত্রী, শিশু সাহিত্য অকাডেমী বঁটাপ্রাপ্ত, বিশিষ্ট সাহিত্যিক প্রিয়া বাৰুকিয়াল বৰগোহাঁঞি আৰু প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা তথা বিশিষ্ট সাহিত্যিক ড° সুচিত্রা কাকতিৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি । আন্তর্জাতিক নাৰী দিৱসৰ এই অনুষ্ঠানত ‘আই পদ্মপ্রিয়া বঁটা’ৰ দাতা অৰুণা বৰাই বিশিষ্ট অতিথিৰ আসন অলংকৃত কৰে ।

লগতে পঢ়ক:কংগ্ৰেছৰ পৰা টিকট বঞ্চিত হৈ ৰাইজৰ দলত যোগদান নৰেন্দ্ৰ পাৱাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.