গুৱাহাটী, ১৬ আগষ্ট : অসমত শাসনলৈ বিজেপি চৰকাৰ অহাৰ পূর্বে ২০১৬ চনতেই বিজেপিয়ে চাহ শ্ৰমিকৰ মজুৰি ৩৫১ টকা কৰাৰ প্ৰতিশ্ৰুতি দিছিল। মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ দিনত ২০১৮ চনত পল্লৱলোচন দাস শ্রমমন্ত্ৰী হৈ থকা সময়ত হোৱা চৰকাৰী বৈঠকত মজুৰি ৩৫১ টকা কৰাৰ কথা দোহাৰিছিল। কিন্তু দুর্ভাগ্যজনকভাৱে সেই প্রতিশ্রুতি আজিও পালন নকৰিলে বিজেপি চৰকাৰে।
এই সন্দৰ্ভত চি পি আই এম এলৰ নেতা বিবেক দাসে কয় যে, প্রচলিত শ্রম আইনক বুঢ়া আঙুলি দেখুৱাই বছৰৰ পাচত বছৰ ধৰি ৰাজ্যৰ সাত শতাধিক চাহ বাগানৰ মালিক পক্ষই প্রায় ১১ লাখ চাহ শ্রমিকক নির্বিচাৰে শোষণেই চলাই গৈছে। শিক্ষা, স্বাস্থ্য, আৱাসগৃহ, খোৱাপানী আদি এশ-এবুৰি সমস্যাত ভাৰাক্ৰান্ত চাহ শ্রমিকসকলে আজিও লাভ নকৰিলে ন্যূনতম মজুৰি। মালিক পক্ষৰ আইনভংগৰ এই অভিযানত পূৰ্বৰপৰা বৰ্তমানৰ চৰকাৰলৈ সকলোৱে সহযোগিতা আগবঢ়োৱাহে পৰিলক্ষিত হৈছে।
শ্রম আইন, কেন্দ্ৰীয় চৰকাৰৰ শ্ৰম মহাসন্মিলনৰ অনুমোদন, দাম বৃদ্ধিৰ সূচাংক আদিৰ হিচাপত আজিৰ তাৰিখত একোজন চাহ শ্ৰমিকৰ ন্যূনতম মজুৰি প্ৰায় ৬৬১ টকা হ’ব লাগে। ইফালে অভিযোগ অনুসৰি প্ৰাপ্য মজুৰিৰপৰা বঞ্চিত চাহ শ্রমিকসকলৰ, বিশেষকৈ কলঘৰত ন্যূনতম সুৰক্ষাৰ ব্যৱস্থাও নাই। তাৰ স্বৰূপ উদঙাই যোৱা ছমাহত লখিমপুৰ, ডিব্ৰুগড়, কাছাৰ আদিত কলঘৰত কৰ্মৰত কেইবাজনো শ্ৰমিকে কেইবাটাও গুৰুতৰ দুৰ্ঘটনাত পতিতহে হৈছে।
চি আই টি ইউৰ সাধাৰণ সম্পাদক তপন শৰ্মাই কয় যে, আঠ ঘণ্টা কাম কৰি এতিয়া ব্ৰহ্মপুত্ৰ উপত্যাকাত চাহ শ্রমিকে ২৩২ টকা আৰু বৰাক উপত্যকাত ২১৫ টকাহে মাত্র মজুৰিৰূপে লাভ কৰে। সকলো খণ্ডৰ শ্ৰমিকৰ বাবে ন্যূনতম মজুৰিৰ ব্যৱস্থা আছে যদিও চাহ শ্রমিক আজিও তাৰপৰা বঞ্চিত হৈ আছে।
তপন শৰ্মাই লগতে কয় যে, চৰকাৰে বাগিচাৰ মালিকৰ পক্ষ লৈ শ্রমিকক শোষণ কৰিবলৈ বাট মুকলি কৰি দিয়াক লৈ কংগ্ৰেছ বা বিজেপিৰ মাজত বহুত পার্থক্য নাই। কংগ্ৰেছে কৰা বেয়া কামখিনিত সাৰ-পানী দি বিজেপিয়েও শ্রমিকৰ শোষণ অব্যাহত ৰাখিছে। আনকি বাগিচা শ্রমিক আইন ৰূপায়ণৰ দায়িত্ব মালিকপক্ষৰ সলনি এতিয়াৰ বিজেপি চৰকাৰে লৈছে।
বাগিচাৰ মালিকপক্ষ আৰু চৰকাৰে চাহ শ্রমিকক কেৱল শোষণ চলাই গৈছে। চাহ বাগিচাৰ মালিকপক্ষই চাহ শ্রমিকক ন্যূনতম মজুৰি দিব নোৱাৰা পৰিস্থিতিৰ উদ্ভৱ হোৱা নাই।
চাহ শ্ৰমিকৰ নূন্যতম মজুৰিৰ দাবীত অহা ২৯ আগষ্টত অসমত তীব্ৰ আন্দোলন গঢ়ি তোলা হ'ব বুলি শৰ্মাই সদৰী কৰে ৷