ETV Bharat / state

Left Organizations protest : মহিলা মল্লযুঁজাৰুৰ ওপৰত চলা যৌন নির্যাতনৰ ন্যায় বিচাৰি বাওঁপন্থী সংগঠনৰ প্ৰতিবাদ

দিল্লীৰ যন্তৰ-মন্তৰত মহিলা মল্লযুঁজাৰুসকলৰ প্ৰতিবাদী কাৰ্যসূচী অব্যাহত আছে ৷ অভিযুক্ত বিজেপি সাংসদ ব্ৰিজভূষণ শ্বৰণ সিঙক গ্ৰেপ্তাৰৰ দাবীত একাধিক বাওঁপন্থী সংগঠনে গুৱাহাটীৰ দীঘলীপুখুৰীৰ পাৰত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে (Left Organizations protest in Guwahati) ৷

author img

By

Published : May 18, 2023, 4:21 PM IST

Updated : May 18, 2023, 4:51 PM IST

Left Organizations protest to support wrestlers protest
মহিলা মল্লযুঁজাৰুৰ ওপৰত চলা যৌন নির্যাতনৰ ন্যায় বিচাৰি বাওঁপন্থী সংগঠনৰ প্ৰতিবাদ

গুৱাহাটী, 18 মে’: দিল্লীৰ যন্তৰ-মন্তৰত অব্যাহত আছে মহিলা মল্লযুঁজাৰুসকলৰ প্ৰতিবাদী কাৰ্যসূচী (Wrestlers protest in Delhi) ৷ মহিলা মল্লযুঁজাৰুৰ ওপৰত চলা যৌন নির্যাতনৰ ন্যায় বিচাৰি আৰু অভিযুক্ত বিজেপি সাংসদ ব্ৰিজভূষণ শ্বৰণ সিঙক গ্ৰেপ্তাৰৰ দাবীত বৃহস্পতিবাৰে একাধিক বাওঁপন্থী সংগঠনে গুৱাহাটীৰ দীঘলীপুখুৰীৰ পাৰত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে (Left Organizations protest in Guwahati) ৷

নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতি (AIDWA), ভাৰতৰ ছাত্ৰ ফেডাৰেছন (SFI), অসম ৰাজ্যিক কৃষক সভা (AIKS) , ভাৰতীয় গণতান্ত্ৰিক যুৱ ফেডাৰেছন (DYFI), চেণ্টাৰ অৱ ইণ্ডিয়ান ট্ৰেড ইউনিয়ন (CITU) আৰু অসম ৰাজ্যিক কৃষি মজদুৰ ইউনিয়ন(ASKU)কে ধৰি কেইবাটাও বাওঁপন্থী সংগঠনে গুৱাহাটীৰ লগতে অসমৰ বিভিন্ন জিলাত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে (Left Organizations to support wrestlers protest) ৷

কাৰ্যসূচীত অংশগ্ৰহণ কৰা প্ৰতিবাদকাৰীসকলে হাতে হাতে বেনাৰ ফ্লেগ, ফেষ্টুনলৈ বিভিন্ন শ্নোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷ কাৰ্যসূচীত অংশ লৈ ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছনৰ ৰাজ্যিক নেতা নিৰকুংশ নাথে কয় যে, দেশ বিদেশৰ পৰা পদক জয় কৰি ভাৰতলৈ গৌৰৱ কঢ়িয়াই অনা দেশৰ আগশাৰীৰ মল্লযুঁজাৰুসকলে দিল্লীৰ যন্ততৰ-মন্তৰত যোৱা 23 এপ্ৰিলৰ পৰা অবিৰতভাৱে বিক্ষোভ প্ৰদৰ্শন কৰি আছে ৷

ভাৰতৰ মল্লযুঁজাৰু ফেডাৰেছনৰ সভাপতি তথা শাসকীয় বিজেপি দলৰ প্ৰভাৱশালী সাংসদ ব্ৰিজভূষণ শ্বৰণ সিঙে প্ৰায় 12 বছৰে মহিলা মল্লযুঁজাৰুসকলক বলপূৰ্বক যৌন শোষণ কৰি অহাৰ বিৰুদ্ধে মল্লযুঁজাৰুসকলে ব্ৰিজভূষণক গ্ৰেপ্তাৰ কৰাৰ লগতে ফেডাৰেছনৰ সভাপতি পদৰ পৰা অপসাৰণ কৰিবলৈ দাবী কৰিছে৷ সাতগৰাকী মহিলা মল্লযুঁজাৰুক যৌন আতিশয্য চলোৱাৰ অভিযোগ উত্থাপিত হৈছে আৰু তাৰে এগৰাকী নাবালিকা ৷

ইয়াৰ লগতে নেতাগৰাকীয়ে কয় যে, ব্ৰিজভূষণৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছে যে তেওঁ নিজ সাংসদ বাসগৃহত স্থাপন কৰা ৰেছলাৰ্চ ৱৰ্ল্ড ফেডাৰেছন অৱ ইণ্ডিয়াৰ কাৰ্যালয়কো যৌন শোষণৰ বাবে ব্যৱহাৰ কৰি আহিছে ৷ দাম্ভিক সাংসদগৰাকীয়ে মল্লযুঁজাৰুসকলক প্ৰকাৰন্তে ভাবুকি দিবলৈ গৈ নিজকে হত্যাকাৰী বুলিও পৰিচয় দিছে ৷ যোৱা জানুৱাৰী মাহতে মল্লযুঁজাৰুসকলে ব্ৰিজভূষণৰ বিৰুদ্ধে প্ৰথম অৱস্থান ধর্মঘট কৰিছিল, কিন্তু কোনো ব্যৱস্থা গ্ৰহণ নকৰা বাবে ২৫ এপ্ৰিলৰ পৰা যন্তৰ-মন্তৰত ধাৰাবাহিক আন্দোলনত নামিবলৈ বাধ্য হৈছে৷ মল্লযুঁজাৰুসকলে ন্যায় বিচাৰি আদালতৰো কাষ চাপিছে ৷

ইয়াৰ বিপৰীতে আৰক্ষীয়ে তদন্তৰ গতি লেহেমীয়া কৰিছে, ভুক্তভোগীসকলৰ ভাষ্য লিপিবদ্ধ কৰাৰ পৰা বিৰত আছে বুলিও অভিযোগ কৰে প্ৰতিবাদকাৰীসকলে ৷ নাথে আৰু কয় যে শাসকীয় দলৰ প্ৰভাৱশালী সাংসদজনৰ ৰক্ষণাবেক্ষণত ব্যস্ত হৈ পৰা বিজেপি দল আৰু চৰকাৰে নৈতিকতা বিসর্জন দিছে, আইনৰ শাসনৰ প্ৰতি বৃদ্ধাঙ্গুষ্ঠ প্ৰদৰ্শন কৰিছে, স্বৈৰাচাৰী পথ অৱলম্বন কৰিছে ৷ চৰকাৰে মল্লযুঁজাৰুসকলক আন্দোলন পৰিত্যাগ কৰিবলৈ মানসিক হেচাঁ দিছে, মাজনিশা আক্ৰমণ কৰিছে ৷ বি জে পি চৰকাৰৰ নিৰ্দেশত চৰকাৰে আন্দোলনস্থলীলৈ বিদ্যুৎ, পানী, খাদ্য যোগান ব্যৱস্থা কৰ্তন কৰা আদি চৰকাৰী দমনমূলক ব্যৱস্থা গ্ৰহণ কৰিছে ৷

বাওঁপন্থী নেতা নাথে অভিযোগ কৰি কয় যে, নৈতিকতাৰ বৰ বৰ কথা আওৰোৱা বিজেপি নেতা আৰু চৰকাৰৰ প্ৰকৃত চৰিত্ৰ মল্লযুঁজাৰু আন্দোলনে উদঙাই দিছে ৷ সাধাৰণ আৰু অমূলক কথাতে বিৰোধীৰ বিৰুদ্ধে অনবৰত চিবিআই, এনফৰ্চমেণ্টক লগাই ৰখা শাসকীয় দলটোৱে নিজ দলৰ নেতাৰ চৰম অনৈতিক কর্মকো প্ৰশ্ৰয় দিবলৈ কুণ্ঠাবোধ কৰা নাই ৷ ইমানখিনিৰ পিচতো মল্লযুঁজাৰুসকলে প্ৰদৰ্শন কৰা নৈতিক মনোবল আৰু সাহসে দেশৰ মানুহৰ মনতো সাহসৰ সঞ্চাৰ কৰিছে।

অসীম ত্যাগ আৰু কষ্টেৰে দেশলৈ সন্মান কঢ়িয়াই অনা মল্লযুঁজাৰুসকলৰ এই সংকটৰ মুহূৰ্তত ছাত্ৰ, যুৱ, নাৰী, শ্ৰমিক, কৃষককে ধৰি সমাজৰ সকলো অংশৰ লোক তেওঁলোকৰ কাৰ্ষত দৃঢ়ভাৱে থিয় দিয়াৰ প্ৰয়োজন বুলি বাওঁপন্থী সংগঠনৰ নেতাগৰাকীয়ে মন্তব্য কৰে ৷

লগতে পঢ়ক: Mysterious death of SI Junmoni Rabha:দ্বিতীয় দিনাও জোনমণি ৰাভাৰ মৃত্যুৰ অনুসন্ধান অব্যাহত চি আই ডিৰ

Last Updated : May 18, 2023, 4:51 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.