ETV Bharat / state

চৰকাৰৰ বৰ্ষপুৰ্তিৰ প্ৰাকমুহূৰ্তত ব্যৰ্থতাৰ তালিকা বিৰোধী দলপতিৰ

author img

By

Published : May 9, 2022, 7:33 PM IST

Updated : May 9, 2022, 7:51 PM IST

মহা ধুমধামেৰে মঙলবাৰে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হব চৰকাৰৰ প্ৰথম বৰ্ষপুৰ্তি (First anniversary of Himanta Biswa government) ৷ বৰ্ষপুৰ্তিৰ প্ৰাকমুহূৰ্তত চৰকাৰৰ ব্যৰ্থতাৰ দীঘলীয়া তালিকা দিলে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৷

leader-of-the-opposition-debabrat-saikia-reacts-on-governments-first-anniversary
চৰকাৰৰ বৰ্ষপুৰ্তিৰ প্ৰাকমুহূৰ্তত ব্যৰ্থতাৰ তালিকা বিৰোধী দলপতিৰ

নিউজ ডেস্ক, ৯ মে': মঙলবাৰে বিশাল কাৰ্যসূচীৰে খানাপাৰাত অনুষ্ঠিত হব ড৹ হিমন্তবিশ্ব শৰ্মা চৰকাৰৰ প্ৰথমটো বৰ্ষপুৰ্তি (First anniversary of Himanta Biswa government) । প্ৰায় ডেৰ লক্ষাধিক লোকৰ সমাবেশেৰে এই বৰ্ষপুৰ্তি অনুষ্ঠান সফল কৰিবলৈ ইতিমধ্যে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে বিজেপি দল আৰু চৰকাৰৰ লগতে মিত্ৰ দল অগপ আৰু ইউ পি পি এলে ।

আনহাতে, মহা ধুমধামেৰে চৰকাৰে এই প্ৰথম বৰ্ষপুৰ্তি আয়োজন কৰিলেও বৰ্ষপুৰ্তিৰ প্ৰাকমুহূৰ্তত চৰকাৰৰ এবছৰীয়া বৰ্ষপুৰ্তিৰ ব্যৰ্থতাৰ এখন দীঘলীয়া তালিকা প্ৰকাশ কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই (Government's failure list published by Debabrat Saikia) । ১৫ টা ব্যৰ্থতাৰ তালিকা ৰাজহুৱা কৰি বিৰোধী দলপতি গৰাকীয়ে কয় যে কেগে প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি স্বাস্থ্য শিতানত ৰাজ্য চৰকাৰ সমূহে মুঠ বাজেট আবন্টনৰ ৮ শতাংশ পুঁজি ব্যৱহাৰ কৰিব লাগে যদিও অসমত তেনে হোৱা নাই ।

একেদৰে নিটি আয়োগে প্ৰকাশ কৰা বিকাশৰ তালিকাত অসমৰ গুৱাহাটী চহৰৰ স্থান সৰ্বনিম্ন । বিৰোধী দলপতিয়ে লগতে কয় যে বানিজ্যিক বিকাশৰ ক্ষেত্ৰতো অসমৰ স্থান হৈছে সৰ্বনিম্ন ।

আনহাতে, ক'ভিডৰ সময়ত ৰাজ্যৰ ক্ষুদ্ৰ ব্যৱসায়ী সকলক সকাহ দিবলৈও চৰকাৰখনে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ তোলে বিৰোধী দলপতিগৰাকীয়ে । বানমুক্ত অসম গঢ়াৰ প্ৰতিশ্ৰুতিও এইখন চৰকাৰে পূৰণ কৰিব নোৱাৰিলে বুলি অভিযোগ তুলি বিৰোধী দলপতিগৰাকীয়ে আৰু কয় যে ২০২১ চনৰ চৰকাৰী শিক্ষা সম্পৰ্কীয় প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি ৰাজ্যৰ ৫৭ শতাংশ বিদ্যালয়তে আজি পৰ্যন্ত নাই পুথিভঁৰাল ।

আনহাতে, সংসদত কেন্দ্ৰীয় মন্ত্ৰীয়ে দাঙি ধৰা এক তথ্য সদৰী কৰি বিৰোধী দলপতিগৰাকীয়ে কয় যে ৰাজ্যত এইখন চৰকাৰৰ দিনতেই প্ৰতিদিনে পাঁচটিকৈ শিশু যৌন নিৰ্যাতনৰ বলি হবলগীয়া হৈছে । ২০১৭ চনৰ পৰা ২০২১ চনলৈ অসমত ৪৯,৯৯৬ টা শিশু যৌন নিৰ্যাতনৰ গোচৰ ৰুজু হৈছে বুলিও তেওঁ প্ৰকাশ কৰে ।

লগতে পঢ়ক : মঙলবাৰে ডেৰ লাখ লোকৰ উপস্থিতিত হিমন্ত চৰকাৰৰ প্ৰথম বৰ্ষপূৰ্তি

Last Updated : May 9, 2022, 7:51 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.