ETV Bharat / state

PPE Kit controversy: সদন কমিটীৰ তদন্ত বিচাৰি অধ্যক্ষলৈ পত্র বিৰোধী দলপতিৰ - Leader of opposition Debabrat Saikia demand for constitute house committee

অসম চৰকাৰৰ বিভিন্ন বিভাগৰ পুঁজি আৱণ্টন হয় অসম বিধানসভাৰ মজিয়াত । সেয়ে এই পুঁজি ব্যয়ৰ অপব্যৱহাৰৰ জবাবদিহি কৰাও বিধানসভাৰ দায়িত্ব । সদন কমিটী গঠন কৰি ক'ভিডৰ সময়ত বিভিন্ন সামগ্ৰী ক্ৰয়ৰ কথাখিনিৰ ওপৰত প্ৰাৰম্ভিক এক তদন্তৰ ব্যৱস্থা কৰিবলৈ অধ্যক্ষৰ প্ৰতি দাবী বিৰোধী দলপতি দেবব্ৰত শইকীয়াৰ ।

সদন কমিটীৰ তদন্ত বিচাৰি অধ্যক্ষলৈ পত্র বিৰোধী দলপতিৰ

author img

By

Published : Jun 7, 2022, 9:05 PM IST

গুৱাহাটী, 7 জুন: ক’ভিডৰ সময়ত অসম চৰকাৰে ক্ৰয় কৰা ক’ভিড প্ৰতিৰোধী সামগ্ৰীৰ ক্ষেত্ৰত হোৱা অনিয়মৰ সদন কমিটীৰ দ্বাৰা তদন্ত কৰাৰ দাবী উত্থাপন কৰিছে বিৰোধী দলপতি দেবব্ৰত শইকীয়াই । এই সন্দৰ্ভত আজি বিৰোধী দলপতিগৰাকীয়ে অসম বিধানসভাৰ অধ্যক্ষক এক পত্ৰ প্ৰদান কৰে (Leader of opposition Debabrat Saikia demand for constitute house committee) । উল্লেখ্য যে পি পি ই কিট কেলেংকাৰীক লৈ শেহতীয়াকৈ ৰাজ্যৰ ৰাজনীতি উত্তাল হৈ পৰিছে । বিশেষকৈ মুখ্যমন্ত্ৰীৰ পৰিবাৰৰ নাম সাঙোৰ খাই পৰা এই কেলেংকাৰীক লৈ সৰৱ হৈ পৰিছে বিৰোধী দলসমূহ ।

যাৰ পৰিপ্ৰেক্ষিতত এই সন্দৰ্ভত সদন কমিটীৰ দ্বাৰা তদন্ত কৰাৰ বাবে দাবী জনাই বিৰোধী দলপতিগৰাকীয়ে অধ্যক্ষক পত্ৰ প্ৰদান কৰে (Debabrat Saikia sent letter to speaker for house committee enquiry on PPE scam) । পত্ৰ যোগে তেওঁ কয় যে ২০২০ চনৰ মাৰ্চ মাহৰ পৰা অসমত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে ক’ভিড প্ৰতিৰোধী বিভিন্ন সা-সামগ্ৰী ক্ৰয় কৰাৰ উপৰিও অসমৰ বিভিন্ন অঞ্চলত ক’ভিড চিকিৎসালয় নিৰ্মাণ কৰিছিল । সেই সকলোবোৰৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ দুৰ্নীতিৰ অভিযোগ বিভিন্ন সময়ত উত্থাপন হৈ আহিছে ।

শেহতীয়াকৈ মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ কেইজনমান ব্যৱসায়ী আৰু মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ সৈতে সম্পর্ক থকা কেইটামান ব্যৱসায়িক প্ৰতিষ্ঠানক নীতি-নিয়ম উলংঘা কৰি ক’ভিড প্ৰতিৰোধী সামগ্ৰী যোগানৰ ঠিকা উচ্চ হাৰত দিয়াৰ তথ্য প্ৰকাশ পাইছে । তদুপৰি মুখ্যমন্ত্ৰীয়ে নিজেই বিমান বন্দৰলৈ গৈ অসম চৰকাৰৰ হৈ গ্ৰহণ কৰা ক'ভিড প্ৰতিৰোধী পি পি ই কিট সন্দৰ্ভত দিয়া বিভিন্ন বিভ্ৰান্তিমূলক তথ্য পোহৰলৈ আহিছে । তেওঁ কয় যে যিহেতু অসম চৰকাৰৰ বিভিন্ন বিভাগৰ পুঁজি আৱণ্টন অসম বিধানসভাৰ মজিয়াত হয়, সেয়েহে এই পুঁজি ব্যয়ৰ অপব্যৱহাৰৰ জবাবদিহি কৰাও বিধানসভাৰ দায়িত্ব ।

অসম বিধানসভাৰ বিৰোধী দলপতি হিচাপে তেওঁ সদন কমিটী গঠন কৰি ক'ভিডৰ সময়ত বিভিন্ন সামগ্ৰী ক্ৰয়ৰ কথাখিনিৰ ওপৰত প্ৰাৰম্ভিক এক তদন্তৰ ব্যৱস্থা কৰিবলৈ অধ্যক্ষৰ প্ৰতি দাবী জনায় । তেওঁ লগতে কয় যে ইয়াৰ পূৰ্বে বিভিন্ন সময়ত সদন কমিটী গঠন কৰি চৰকাৰীভাৱে হোৱা বিভিন্ন খাম-খেয়ালী উন্মোচন কৰি অসম বিধানসভাৰ মৰ্যদা আৰু সন্মান উচ্চ কৰাৰ নজিৰ আছে । সেয়েহে বিষয়টো বিবেচনা কৰি অসম বিধানসভাৰ গৌৰৱ অক্ষুন্ন ৰাখি গণতান্ত্ৰিক ব্যৱস্থা শক্তিশালী কৰিবলৈ তেওঁ অধ্যক্ষৰ প্ৰতি আহ্বান জনায় ।

লগতে পঢ়ক: ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ আধিপত্যত চিন্তিত শিক্ষামন্ত্ৰী ৰণোজ পেগু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.