ETV Bharat / state

PPE kit scam : চি বি আই তথা সদন কমিটীৰ দ্বাৰা তদন্তৰ দাবী বিৰোধী দলপতিৰ - PPE kit scam

বিৰোধী দলপতি দেবব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া(Leader of opposition reacts on PPE kit scam) । বিৰোধী দলপতিগৰাকীয়ে ক’লে, অসম চৰকাৰে অধিক মূল্যত পি পি ই কীট আৰু চেনিটাইজাৰকে ধৰি ক'ভিডৰ সুৰক্ষাৰ সামগ্ৰী ক্ৰয় কৰিছিল । হিমন্ত বিশ্ব শৰ্মাই সকলো নীতি-নিৰ্দেশনা উলংঘা কৰি ঘনিষ্ঠ লোকৰ কোম্পানীক লাভৱান কৰিলে ।

leader-of-opposition-reacts-on-ppe-kit-scam
PPE kit scam : চি বি আই তথা সদন কমিটীৰ দ্বাৰা তদন্তৰ দাবী বিৰোধী দলপতিৰ
author img

By

Published : Jun 2, 2022, 6:19 PM IST

গুৱাহাটী, ২ জুন : ক'ভিডৰ সময়ত অসম চৰকাৰে ক্ৰয় কৰা পি পি ই কীটক লৈ উত্থাপিত কেলেংকাৰীৰ অভিযোগক কেন্দ্ৰ কৰি অব্যাহত আছে প্ৰতিক্ৰিয়া । এই সন্দৰ্ভত পুনৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধী দলপতি দেবব্ৰত শইকীয়াই(Leader of opposition reacts on PPE kit scam)। ক'ৰণা মহামাৰীৰ প্ৰথমটো ঢৌৰ সময়ত অসম চৰকাৰে অধিক মূল্যত দিয়া "PPE KIT"ৰ ঠিকা আৰু এই সমগ্ৰ প্ৰক্ৰিয়াটোত হোৱা কেলেংকাৰীৰ সন্দৰ্ভত চি বি আই তথা অসম বিধানসভাৰ সদন কমিটীৰ দ্বাৰা তদন্তৰ দাবী কৰিছে বিৰোধী দলপতিগৰাকীয়ে ।

আৰ টি আইৰ তথ্যৰ আধাৰত সংবাদ মাধ্যমত প্ৰকাশিত বাতৰিৰ উৰ্দ্ধৃতি দি তেওঁ কয় যে, এই কেলেংকাৰীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰিবাৰৰ নাম সাঙোৰ খাই পৰিছে । অভিযোগ অনুসৰি লকডাউন দিয়াৰ পূৰ্বেই আইন উলংঘা কৰি ৰিণিকী ভূঞা শৰ্মা আৰু ধানুকা নামৰ এজন লোকৰ দুটা কোম্পানীৰ পৰা ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন অসমে বহুখিনি পি পি ই কীট কিনাৰ ব্যৱস্থা কৰিছিল ।

PPE kit scam : চি বি আই তথা সদন কমিটীৰ দ্বাৰা তদন্তৰ দাবী বিৰোধী দলপতিৰ

কিন্তু সময়মতে সেয়া যোগান ধৰিব নোৱাৰৰ বাবে কৰ্তৃপক্ষই জাননী জাৰি কৰিছিল । তেতিয়া ৰিণিকী ভূঞা শৰ্মাই কেইটামান পি পি ই কীট কোম্পানীৰ চি এছ আৰৰ যোগেদি দান কৰা বুলি উল্লেখ কৰে বিৰোধী দলপতিগৰাকীয়ে ।

তেওঁ কয় যে, সেই সময়ত হিমন্ত বিশ্ব শৰ্মা স্বাস্থ্যমন্ত্ৰী আছিল আৰু তেওঁৰ অগোচৰে সেই সময়ত এনে অনিয়ম হোৱা বুলি মনে নধৰে । আনহাতে, অসম চৰকাৰে অধিক মূল্যত পি পি ই কীট আৰু চেনিটাইজাৰকে ধৰি ক'ভিডৰ সুৰক্ষাৰ সামগ্ৰী ক্ৰয় কৰিছিল । হিমন্ত বিশ্ব শৰ্মাই সকলো নীতি-নিৰ্দেশনা উলংঘা কৰি ঘনিষ্ঠ লোকৰ কোম্পানীক লাভৱান কৰিলে বুলি তেওঁ অভিযোগ উত্থাপন কৰে । অতি দোষনীয় এই ঘটনাৰ সম্প্ৰতি তেওঁ চি বি আইৰ তদন্ত দাবী কৰে ।

তেওঁ লগতে কয় যে, কেন্দ্ৰীয় চৰকাৰৰ গাইডলাইন উলংঘা কৰি হিমন্ত বিশ্ব শৰ্মাই নিজৰ পৰিয়ালৰ লোকক চৰকাৰৰ ব্যৱসায়-বাণিজ্য কৰাৰ সুবিধা কৰি দিছে । মুখ্যমন্ত্ৰীয়ে নিজৰ পৰিয়ালক দুৰ্নীতি কৰাৰ সুযোগ দিয়াটো দুৰ্ভাগ্যজনক বুলি উল্লেখ কৰি তেওঁ এই সমস্ত ঘটনাৰ চি বি আই তদন্ত নাইবা অসম বিধানসভাৰ এখন সদন কমিটিৰ যোগেদি তদন্ত কৰাৰ দাবী উত্থাপন কৰে(Debabrata Saikia demands CBI Enquiry on PPE kit purchase) ।

লগতে পঢ়ক : অসমীয়া বিজেপি বাৰ্তাৰ 66 সংখ্যক সংস্কৰণ উন্মোচন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.