ETV Bharat / state

Bajrang Dal Arms Training: বজৰং দলৰ অস্ত্র চালনাৰ প্ৰশিক্ষণ সন্দৰ্ভত বিৰোধী দলপতিৰ প্ৰতিক্ৰিয়া

author img

By

Published : Aug 1, 2023, 9:01 PM IST

বজৰং দলৰ অস্ত্র চালনাৰ প্ৰশিক্ষণৰ ঘটনাক লৈ সমগ্ৰ ৰাজ্যতে সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ । এই সন্দৰ্ভত ইতিমধ্যে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিভিন্ন দল-সংগঠনে । মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা কৰি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই এই সন্দৰ্ভত প্ৰকাশ কৰে প্ৰতিক্ৰিয়া ।

Leader of opposition Debabrata Saikia react on arms training
বজৰং দলৰ অস্ত্র চালনাৰ প্ৰশিক্ষণ সন্দৰ্ভত বিৰোধী দলপতিৰ প্ৰতিক্ৰিয়া

গুৱাহাটী,১ আগষ্ট: বজৰং দলৰ অস্ত্র চালনাৰ প্ৰশিক্ষণৰ ঘটনাই ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । উল্লেখ্য যে, মঙলদৈৰ মহর্ষি বিদ্যামন্দিৰ প্ৰাঙ্গনত ৰাষ্ট্ৰীয় বজৰং দলে অনুষ্ঠিত কৰা অস্ত্ৰ-শস্ত্ৰ প্ৰশিক্ষণ শিৱিৰক লৈ বিভিন্ন দল-সংগঠন সৰৱ হৈ পৰিছে । এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই

বিৰোধী দলপতিগৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে যে বজৰং দলে নিজৰ সুৰক্ষাৰ বাবে অস্ত্ৰ-শস্ত্ৰৰ প্ৰশিক্ষণৰ প্ৰয়োজন থকাৰ কথা কৈছে । তেনে হ'লে আইন-শৃংখলাৰ কথা জড়িত হৈ পৰিব । এইক্ষেত্রত ৰাজ্যপালে ৰাষ্ট্ৰপতি শাসনৰ বাবে ছুপাৰিছ কৰিব লাগে । তেওঁ লগতে কয় যে প্ৰশাসনে নিজৰ ইমেজৰ বাবে বিভিন্ন সাম্প্ৰদায়িক উত্তেজনা সৃষ্টিৰ কৰিব পৰা বিষয়ত নিজাববীয়াকৈ বিভিন্ন ধাৰাত গোচৰ ৰুজু কৰিব লাগে ।

বজৰং দলৰ প্ৰশিক্ষণ চলি থকাৰ সময়ত ৰাজ্য চৰকাৰৰ চোৰাংচোৰা বিভাগসমূহে কি কৰি আছিল বুলি প্ৰশ্ন উত্থাপন কৰে শইকীয়াই । লগতে তেওঁ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্রীৰ পৰা ইয়াৰ উত্তৰ বিচাৰে । আইন-শৃংখলা ৰক্ষা কৰাটো আৰক্ষীৰ দায়িত্ব । বিজেপি চৰকাৰৰ দিনত যদি হিন্দুসকল নিৰাপদ নহয় আৰু নিৰাপত্তাৰ বাবে অস্ত্রৰ প্ৰশিক্ষণ ল'ব লগীয়া হয় তেন্তে ইয়াতকৈ লাজৰ কথা কি হ'ব পাৰে বুলি তেওঁ উল্লেখ কৰে ।

তেওঁ লগতে কয় যে উগ্ৰপন্থীৰ ঘাটি বুলি কৈ যোৱা সময়চোৱাত মাদ্ৰাছাসমূহৰ ওপৰত বুলড’জাৰ চলোৱা হৈছিল । এতিয়া মহৰ্ষি বিদ্যামন্দিৰত এনেদৰে অস্ত্রৰ প্ৰশিক্ষণ চলাৰ বিষয়টোৱে চৰকাৰখনৰ নিৰপেক্ষতাক লৈ প্ৰশ্নৰ অৱতাৰনা কৰিছে বুলি দেৱব্ৰত শইকীয়াই উল্লেখ কৰে । তেওঁ এই ঘটনাৰ উচিত তদন্ত কৰাৰ বাবে দাবী জনায় ।

লগতে তেওঁ মুখ্যমন্ত্রীৰ টুইটলৈ অপেক্ষা নকৰি ব্যৱস্থা গ্ৰহণৰ বাবে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ প্ৰতি আহ্বান জনায় । প্ৰসংগক্ৰমে তেওঁ কয় যে বিগত সময়চোৱাত অসমত বিভিন্ন শক্তিয়ে সাম্প্ৰদায়িক উত্তেজনা বৃদ্ধিৰ বাবে চেষ্টা কৰিছে । আনকি মুখ্যমন্ত্রীয়ে নিজে কৈছে যে অসমত মিঞাসকলৰ বাবে শাক-পাচলিৰ দাম বৃদ্ধি পাইছে । ইয়াৰ দ্বাৰা এটা সম্প্ৰদায়ক টাৰ্গেট কৰি লোৱা হৈছে। প্ৰকৃততে মধ্যভোগী আৰু ছিণ্ডিকেটৰ বাবে মূল্যবৃদ্ধি হৈছে ।

লগতে পঢ়ক: Dhemaji Man in Record Books :ধেমাজিৰ এগৰাকী মিঠাইৰ দোকানীৰ বিশ্ব ৰেকৰ্ড গঢ়াৰ কাহিনী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.