ETV Bharat / state

বিষ্ণুৰাম মেধি আইন মহাবিদ্যালয়ৰ নৱ-নিৰ্মিত প্ৰশাসনিক ভৱন উদ্বোধন - Siddhartha Bhattacharya

চৰকাৰী আইন শিক্ষাৰ প্ৰতিষ্ঠান বিষ্ণুৰাম মেধি চৰকাৰী আইন মহাবিদ্যালয়ৰ নৱ নিৰ্মিত প্ৰশাসনিক ভৱনটো মুকলি কৰে শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই। মন্ত্ৰী গৰাকীৰ লগতে উপস্থিত থাকে দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰা ।

মধ্যাহ্ন ভোজনৰ খাদ্য বেয়া বুলি লিখিত কোনো অভিযোগ পোৱা নাইঃ শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য
author img

By

Published : Nov 7, 2019, 5:58 PM IST

Updated : Nov 7, 2019, 7:57 PM IST

গুৱাহাটী, 7 নৱেম্বৰঃ শতবৰ্ষ গৰকা ৰাজ্যৰ একমাত্ৰ চৰকাৰী আইন শিক্ষাৰ প্ৰতিষ্ঠান বিষ্ণুৰাম মেধি চৰকাৰী আইন মহাবিদ্যালয়ৰ নৱ নিৰ্মিত প্ৰশাসনিক ভৱনটো বৃহস্পতিবাৰে মুকলি কৰে শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই। এই উপলক্ষে অনুষ্ঠিত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত মন্ত্ৰী গৰাকীৰ লগতে উপস্থিত থাকে দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাও । নৱ নিৰ্মিত ভৱনত এটা সভা কক্ষ , শ্ৰেণী কোঠা আৰু মহাবিদ্যালয়ৰ প্ৰশাসনিক কাৰ্যালয় থাকিব । অনুষ্ঠানত মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই তেওঁৰ ভাষণত নিজৰ অধিবক্তা জীৱনৰ স্মৃতি ব্যক্ত কৰে । ছাত্ৰ ছাত্ৰী সকলক একো একোজন সুদক্ষ অধিবক্তা হোৱাৰ পৰামৰ্শও দিয়ে মন্ত্ৰী গৰাকীয়ে । অনুষ্ঠানত মহাবিদ্যালয়খনৰ অধ্যক্ষ ডঃ ভূপেশমল্ল বুজৰবৰুৱাও উপস্থিত থাকে। অনুষ্ঠানটোৰ আঁত ধৰে মহাবিদ্যালয়খনৰ সহকাৰী অধ্যাপিকা, সুলেখিকা ডঃ সংগীতা ৰাণী কলিতাই । সহকাৰী অধ্যাপিকা ড. বিনীতা শৰ্মা আৰু বৰ্ণালী শৰ্মাৰ মংগলাচৰণৰে আৰম্ভ হোৱা অনুষ্ঠানটোৰ উদ্দেশ্য ব্যাখ্যা কৰে সহকাৰী অধ্যাপক অমৰজ্যোতি শৰ্মাই । শেষত শলাগৰ শৰাই যাচে সহকাৰী অধ্যাপক ডঃ লোহিত চৰ্দাৰে ।

মধ্যাহ্ন ভোজনৰ খাদ্য বেয়া বুলি লিখিত কোনো অভিযোগ পোৱা নাইঃ শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য

আনহাতে অনুষ্ঠানৰ অন্তত সংবাদ মাধ্যমৰ আগত মধ্যাহ্ন ভোজনৰ বিতৰ্ক সন্দৰ্ভত মন্তব্য কৰি মন্ত্ৰী গৰাকীয়ে কয় -- এতিয়া পৰ্যন্ত আমি মধ্যাহ্ন ভোজনৰ খাদ্য বেয়া বুলি লিখিত একো অভিযোগ পোৱা নাই । আইন হাতত তুলি লোৱা সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হব ।খাদ্যৰ ক্ষেত্ৰত বাৰম্বাৰ কৈ আছোঁ আমাৰ খাদ্য সম্পূৰ্ণ নিকা আৰু চেণ্ট্ৰেলাইজড কীটচেনৰ পৰা আহে আৰু খাদ্য পৰীদৰ্শকে পৰীক্ষা কৰে।গতিকে কিবা যদি আসোৱাহ আছে তেনেহলে লিখিত অভিযোগ দিয়ক।গাড়ী ৰাস্তাত ৰখাই খাদ্য খিনি পেলাই দিছে,কেনেকৈ গম পালে এই খাদ্য খিনি বেয়া ? মধ্যাহ্ন ভোজন একাংশৰ কাৰণে সোণৰ কণী পৰা হাঁহ আছিল।একাংশ ন্যস্ত স্বাৰ্থও জড়িত থকা ব্যক্তিয়ে এই আন্দোলন চলাইছে বুলি মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে ।

Intro:Corrected:

শতবৰ্ষ গৰকা ৰাজ্যৰ একমাত্ৰ চৰকাৰী আইন শিক্ষাৰ প্ৰতিষ্ঠান বিষ্ণুৰাম মেধি চৰকাৰী আইন মহাবিদ্যালয়ৰ নৱ নিৰ্মিত প্ৰশাসনিক ভৱনটো বৃহস্পতিবাৰে মুকলি কৰে শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই। এই উপলক্ষে অনুষ্ঠিত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত মন্ত্ৰী গৰাকীৰ লগতে উপস্থিত থাকে দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাও । Body:এই নৱ নিৰ্মিত ভৱনত এটা সভা কক্ষ , শ্ৰেণী কোঠা আৰু মহাবিদ্যালয়ৰ প্ৰশাসনিক কাৰ্যালয় থাকিব । মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই তেওঁৰ ভাষণত নিজৰ অধিবক্তা জীৱনৰ স্মৃতি ব্যক্ত কৰে । ছাত্ৰ ছাত্ৰী সকলক একো একোজন সুদক্ষ অধিবক্তা হোৱাৰ পৰামৰ্শও দিয়ে মন্ত্ৰী গৰাকীয়ে । অনুষ্ঠানত মহাবিদ্যালয়খনৰ অধ্যক্ষ ডঃ ভূপেশমল্ল বুজৰবৰুৱাও উপস্থিত থাকে। অনুষ্ঠানটোৰ আঁত ধৰে মহাবিদ্যালয়খনৰ সহকাৰী অধ্যাপিকা, সুলেখিকা ডঃ সংগীতা ৰাণী কলিতাই । সহকাৰী অধ্যাপিকা বিনীতা শৰ্মা আৰু বৰ্ণালী শৰ্মাৰ মংগলাচৰণৰে আৰম্ভ হোৱা অনুষ্ঠানটোৰ উদ্দেশ্য ব্যাখ্যা কৰে সহকাৰী অধ্যাপক ডঃ অমৰজ্যোতি শৰ্মাই । শেষত শলাগৰ শৰাই যাচে সহকাৰী অধ্যাপক ডঃ লোহিত চৰ্দাৰে ।Conclusion:আনহাতে অনুষ্ঠানৰ অন্তত সংবাদ মাধ্যমৰ আগত মধ্যাহ্ন ভোজনৰ বিতৰ্ক সন্দৰ্ভত মন্তব্য কৰি মন্ত্ৰী গৰাকীয়ে কয় -- এতিয়া পৰ্যন্ত আমি মধ্যাহ্ন ভোজনৰ খাদ্য বেয়া বুলি লিখিত একো অভিযোগ পোৱা নাই । আইন হাতত তুলি লোৱা সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হব ।খাদ্যৰ ক্ষেত্ৰত বাৰম্বাৰ কৈ আছোঁ আমাৰ খাদ্য সম্পূৰ্ণ নিকা আৰু চেণ্ট্ৰেলাইজড কীটচেনৰ পৰা আহে আৰু খাদ্য পৰীদৰ্শকে পৰীক্ষা কৰে।গতিকে কিবা যদি আসোৱাহ আছে তেনেহলে লিখিত অভিযোগ দিয়ক।গাড়ী ৰাস্তাত ৰখাই খাদ্য খিনি পেলাই দিছে,কেনেকৈ গম পালে এই খাদ্য খিনি বেয়া ? মধ্যাহ্ন ভোজন একাংশৰ কাৰণে সোণৰ কণী পৰা হাঁহ আছিল।একাংশ ন্যস্ত স্বাৰ্থও জড়িত থকা ব্যক্তিয়ে এই আন্দোলন চলাইছে বুলি মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে ।
Last Updated : Nov 7, 2019, 7:57 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.