ETV Bharat / state

বিধানসভাৰ বাজেট অধিবেশনৰ প্ৰথম দিনা লাষ্ট গেটত উত্তাল প্ৰতিবাদ

সোমবাৰে লাষ্ট গেটত বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদৰ মাজতে দেখা গ'ল উত্তৰ পূব সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমছৰ শতাধিক কৰ্মীৰ উত্তাল প্ৰতিবাদ। সংগঠনটোৰ কৰ্মী সকলে তেওঁলোকৰ বিভিন্ন দাবী উত্থাপন কৰি লাষ্ট গেটৰ আকাশ-বতাহ উত্তাল কৰি তোলে।

বিধানসভাৰ বাজেট অধিবেশনৰ প্ৰথম দিনা লাষ্ট গেটত উত্তাল প্ৰতিবাদ
বিধানসভাৰ বাজেট অধিবেশনৰ প্ৰথম দিনা লাষ্ট গেটত উত্তাল প্ৰতিবাদ
author img

By

Published : Mar 3, 2020, 11:03 AM IST

গুৱাহাটী,3 মাৰ্চঃ সোমবাৰৰ পৰা আৰম্ভ হৈছে অসম বিধানসভাৰ বাজেট অধিবেশন। অধিবেশনৰ প্ৰথমদিনাই লাষ্ট গেটত দেখা গ'ল উত্তাল প্ৰতিবাদ। বিভিন্ন দল সংগঠনে তেওঁলোকৰ দাবী সমূহক লৈ উত্তাল কৰিলে লাষ্ট গেটৰ পৰিৱেশ।

বিধানসভাৰ বাজেট অধিবেশনৰ প্ৰথম দিনা লাষ্ট গেটত উত্তাল প্ৰতিবাদ
লাষ্ট গেটত বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদৰ মাজতে দেখা গ'ল উত্তৰ পূব সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমছৰ শতাধিক কৰ্মীৰ উত্তাল প্ৰতিবাদ। সংগঠনটোৰ কৰ্মী সকলে তেওঁলোকৰ বিভিন্ন দাবী উত্থাপন কৰি লাষ্ট গেটৰ আকাশ-বতাহ উত্তাল কৰি তোলে। বি টি আৰত বসবাস কৰা ধৰ্মীয় সংখ্যালঘু লোকসকলৰ সম-অধিকাৰ আৰু সম-উন্নয়নৰ বাবে বি টি আৰত ধৰ্মীয় সংখ্যালঘু বৰ্ড গঠন কৰা। অসমৰ চৰ উন্নয়ন সঞ্চালত চৰ অঞ্চলৰ উন্নয়নৰ বাবে চৰকাৰে আবন্টন দিয়া ৪৫ কোটি ৩৬ লাখ টকাৰ দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি এই দুৰ্নীতিৰ তদন্তৰ ব্যৱস্থা কৰা,ওদালগুৰি জিলাৰ পানেৰীত হত্যাকাণ্ডৰ বলি হোৱা খাইৰুল হকৰ হত্যাকাণ্ডৰ তদন্তৰ দায়িত্ব চি বি আইক অৰ্পণ কৰা আদি কেইটাও দাবী লৈ উত্তৰ পূব সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমছৰ শতাধিক কৰ্মীয়ে অসম বিধানসভাৰ বাজেট অধিবেশনৰ প্ৰথমদিনা লাষ্ট গেটত প্ৰতিবাদ সাব্যস্ত কৰে ৷ সংগঠনটোৱে বড়ো আন্দোলনত উগ্ৰপন্থীৰ হাতত নিহত হোৱা পৰিয়ালৰ সদস্যসকলক চৰকাৰী চাকৰিৰ লগতে ১০ লাখ টকাৰ এককালীন সাহায্য প্ৰদানৰ দাবীও জনায়। সংগঠনটোৱে তেওঁলোকৰ দাবী সমূহৰ অতি শীঘ্ৰে পূৰণ কৰাৰ বাবে প্ৰতিবাদস্থলীৰ পৰা চৰকাৰক এখন স্মাৰকপত্ৰও প্ৰেৰণ কৰে।

লগতে চাওকঃ

খেতিয়কৰ প্ৰমাণ পত্ৰ প্ৰদানৰ নামত ধন সংগ্ৰহৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.