ETV Bharat / state

21 নৱেম্বৰত পৰাগ কুমাৰ দাসৰ সোঁৱৰণত অন্তিমখন তৰ্ক প্ৰতিযোগিতা - 21 নৱেম্বৰত পৰাগ কুমাৰ দাস সোঁৱৰণী তৰ্ক প্ৰতিযোগিতা

ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিলে পৰাগ কুমাৰ দাস সোঁৱৰণত অনুষ্ঠিত হৈ অহা পৰাগ কুমাৰ দাস সোঁৱৰণি সদৌ অসম আন্তঃমহাবিদ্যালয় তৰ্ক প্ৰতিযোগিতাই ৷ কিন্তু এই বৰ্ষত অন্তিমবাৰৰ বাবে অনুষ্ঠিত হ'ব তৰ্ক প্ৰতিযোগিতা খন ৷

last-debate-competition-at-rabindra-bhawan-in-memory-of-parag-kumar-das
21 নৱেম্বৰত পৰাগ কুমাৰ দাসৰ সোঁৱৰণত অন্তিমখন তৰ্ক প্ৰতিযোগিতা
author img

By

Published : Oct 4, 2021, 7:55 PM IST

গুৱাহাটী, 4 অক্টোবৰ : এইবছৰ অন্তিমবাৰলৈ অনুষ্ঠিত হ'ব প্ৰয়াত বিশিষ্ট সাংবাদিক তথা একালৰ প্ৰখ্যাত তাৰ্কিক পৰাগ কুমাৰ দাস সোঁৱৰণত 1997 চনৰ পৰা নিয়মীয়াকৈ অনুষ্ঠিত হৈ অহা সদৌ অসম পৰাগ কুমাৰ দাস সোঁৱৰণী তৰ্ক প্ৰতিযোগিতা ৷ 2022 বৰ্ষৰ পৰা এই তৰ্ক প্ৰতিযোগিতাখনৰ পৰিৱৰ্তে বিশিষ্ট সাংবাদিকজনৰ সোঁৱৰণত অনুষ্ঠিত হ'ব একোটা বাৰ্ষিক বক্তৃতানুষ্ঠান ৷

সেই অনুসৰি অহা 21 নৱেম্বৰত দিনৰ 11 বজাৰ পৰা মহানগৰীৰ ৰবীন্দ্ৰ ভৱনত অনুষ্ঠিত হ'ব 25 সংখ্যক তথা অন্তিমখন পৰাগ কুমাৰ দাস সোঁৱৰণী সদৌ অসম আন্তঃমহাবিদ্যালয় তৰ্ক প্ৰতিযোগিতা ৷ প্ৰতিযোগিতাৰ বিষয় হৈছে "কেৱল অধিক ক্ষমতা কেন্দ্ৰীভূত কৰাৰ স্বাৰ্থতে কেন্দ্ৰীয় চৰকাৰ উত্তৰ-পূব ভাৰতৰ আন্তঃৰাজ্যিক সীমা বিবাদ সমাধানত আগ্ৰহী নহয় ৷"

এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ ইচ্ছুক সকলে 9435044140 আৰু 9435048268 নম্বৰত যোগাযোগ কৰিবলৈ উদ্যোক্তা সকলে আহ্বান জনাইছে ৷

লগতে পঢ়কঃ চাপাখোৱা পাৱাৰ গ্ৰীড উপকেন্দ্ৰ উদ্বোধন কৰিলে মুখ্যমন্ত্ৰীয়ে

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.