গুৱাহাটী, ১৬ ডিচেম্বৰ: বছৰৰ পাছত বছৰ ধৰি বানে অসমক বিধ্বস্ত কৰি আহিছে যদিও কোনো এখন চৰকাৰে ইয়াৰ স্থায়ী সমাধানৰ বাবে ফলপ্ৰসু পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই । বাৰিষা আহিলেহে বানপানীৰ প্ৰসংগ চৰ্চালৈ আহে আৰু খৰালীৰ লগে লগে তল পৰে । প্রতিবছৰে হােৱা বানত একপ্রকাৰ বিধ্বস্ত হৈ পৰিছে অসম(Impact of flood in Assam) ।
![Property worth Rs 16,966 crore damaged due to flood](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-01-flood-destroyed-property-worth-rs-16966-crore-in-two-decades-7209925_16122021125420_1612f_1639639460_158.jpg)
তথ্য মতে বিগত দুটা দশকত ৰাজ্যখনত বানৰ ফলত মুঠ ১৬,৯৬৫.৯২ কোটি টকাৰ সা-সম্পত্তিৰ ক্ষতি হােৱাৰ লগতে প্রাণ হেৰুৱাইছে ১৫২৭ গৰাকী লােকে(Damages caused by flood in Assam) । আনহাতে, বান সমস্যা সমাধানৰ বাবে কেন্দ্রীয় চৰকাৰে বিগত দুটা পঞ্চবার্ষিক পৰিকল্পনাত মুঠ ২৩৮৩.১১ কোটি টকা ধার্য কৰিও আজিলৈকে মুকলি কৰি দিছে মাত্র ১২৮৬.৩৯ কোটি টকাহে(Centre's aid for Assam to tackle flood situation) । অসমৰ বান আৰু খহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘােষণা কৰাৰ বাবে ৰাজ্যৰ বিভিন্ন দল-সংগঠনে দীর্ঘদিন ধৰি দাবী উত্থাপন কৰি আহিছে যদিও কেন্দ্ৰীয় চৰকাৰে অলপো গুৰুত্ব দিয়া নাই ।
![Property worth Rs 16,966 crore damaged due to flood](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-01-flood-destroyed-property-worth-rs-16966-crore-in-two-decades-7209925_16122021125420_1612f_1639639460_268.jpg)
কেন্দ্ৰীয় চৰকাৰৰ তথ্য মতে ২০০০ চনৰ পৰা ২০২০ চনলৈকে প্রতিবছৰে হােৱা বানত সর্বাধিক প্রলয়ৰ সৃষ্টি হৈছিল ২০১৭ চনত । ২০১৭ চনত হােৱা বানত ৰাজ্যখনৰ হােৱা ক্ষয়-ক্ষতিৰ পৰিমাণ আছিল ৪১৬৪.৮১০ কোটি টকা ।
আনহাতে, বানত ৰাজ্যখনত ২০১৮ চনত ২৪৮০.৯৮০ কোটি, ২০১৯ চনত ৩১২১.৯৮০ কোটি আৰু ২০২০ চনত ২৪৪০.৭৩০ কোটি টকাৰ ক্ষতি হৈছে ।
![Property worth Rs 16,966 crore damaged due to flood](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-01-flood-destroyed-property-worth-rs-16966-crore-in-two-decades-7209925_16122021125420_1612f_1639639460_999.jpg)
![Property worth Rs 16,966 crore damaged due to flood](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-01-flood-destroyed-property-worth-rs-16966-crore-in-two-decades-7209925_16122021125420_1612f_1639639460_556.jpg)
বিগত একাদশ আৰু দ্বাদশ পঞ্চবার্ষিক পৰিকল্পনাত বান সমস্যা সমাধানৰ বাবে বান ব্যৱস্থাপনা আঁচনিৰ শিতানত ক্রমে ৮,০০০ কোটি টকা আৰু ১০,০০০ কোটি টকাৰ আঁচনি প্রস্তুত কৰা হৈছিল । কিন্তু কেন্দ্রীয় চৰকাৰে ইয়াৰ ভিতৰত ২৩৮৩.১১ কোটি টকাৰ ১৪১টা প্রকল্পতহে অনুমােদন জনালে । আনহাতে অনুমােদিত উক্ত ধনৰ ভিতৰত এতিয়ালৈকে কেন্দ্রীয় চৰকাৰে মুকলি কৰি দিছে মাত্র ১২৮৬.৩৯ কোটি টকাহে ।
![Property worth Rs 16,966 crore damaged due to flood](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-01-flood-destroyed-property-worth-rs-16966-crore-in-two-decades-7209925_16122021125420_1612f_1639639460_1083.jpg)
অৰ্থাৎ এতিয়াও কেন্দ্রীয় চৰকাৰে ১০৯৬.৭২ কোটি টকা মােকলাই দিবলৈকে বাকী আছে । যাৰ ফলত ১৪১টা প্রকল্প ভিতৰত ১০৫টা প্রকল্পৰ কামহে সমাপ্ত হৈছে । পৰিতাপৰ বিষয় যে, প্রতি বছৰে হােৱা বানত ৰাজ্যখনৰ কোটি কোটি টকাৰ সা-সম্পত্তি বিনষ্ট হোৱাৰ পাছতাে প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীৰ নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰখনে ৰাজ্যৰ বান সমস্যাৰ প্ৰতি অলপো গুৰুত্ব দিয়া নাই ।
লগতে পঢ়ক:শিৱসাগৰৰ দিখৌমুখত গঁড়ৰ মুক্ত বিচৰণ