ETV Bharat / state

নুনমাটিৰ চেক্টৰ 1-ত ভূমিস্খলন - গুৱাহাটীত পুনৰ ভূমিস্খলন

নুনমাটিৰ চেক্টৰ-1 ত ভূমিস্খলন ৷ উজানবজাৰ-খাৰঘুলি সংযোগী পথত সংঘটিত হয় এই ভূমিস্খলনৰ ঘটনা ৷ ভূমিস্খলনৰ ফলত খহি গ'ল পথটোৰ বৃহৎ এছোৱা ৷

landslide at guwahati
landslide at guwahati
author img

By

Published : Oct 13, 2020, 3:43 PM IST

গুৱাহাটী, 13 অক্টোবৰ : মহানগৰী গুৱাহাটীত পুনৰ ভূমিস্খলনৰ ঘটনা ৷ নুনমাটিৰ চেক্টৰ-1 ত ভূমিস্খলন ৷ উজানবজাৰ-খাৰঘুলি সংযোগী পথত সংঘটিত হয় এই ভূমিস্খলনৰ ঘটনা ৷ ভূমিস্খলনৰ ফলত খহি গ'ল পথটোৰ বৃহৎ এছোৱা ৷ পথটোৰ কাষৰ নলা সমূহ নিম্ন মানৰ হোৱাৰ বাবেই এইদৰে খহি গ'ল বুলি আশংকা কৰিছে স্থানীয় লোকে ৷

landslide at guwahati
খহি গ’ল পথৰ বৃহৎ অংশ

ইয়াৰ উপৰিও নতুনকৈ নিৰ্মাণ কৰা পথটোৰ ওপৰেৰে অত্যধিক বোজাই ভৰ্তি বাহন চলাচল কৰাৰ ফলতে খহি যোৱাৰো সন্দেহ কৰা হৈছে ৷ নৱনিৰ্মিত এই পথটো খহি যোৱাত সমস্যাৰ সৃষ্টি হৈছে যাতায়ত কৰা লোকসকলৰ ৷ শীঘ্ৰেই পথছোৱা মেৰামতি নকৰিলে পথটো ছিগি যোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে সকলোৱে ৷

landslide at guwahati
নুনমাটিৰ চেক্টৰ 1-ত ভূমিস্খলন

উল্লেখ্য যে,ইয়াৰ পূৰ্বেও গুৱাহাটীত ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে ৷ মালিগাঁও,কাহিলীপাৰা আদি কেইবাটাও স্থানত সংঘটিত হোৱা ভূমিস্খলনৰ ঘটনাত প্ৰাণ হেৰুৱাব লগা হৈছে বহুকেইগৰাকীয়ে ৷

লগতে পঢ়ক : যোৰহাটত উপায়ুক্ত কাৰ্যালয়ত দালালিৰ দপদপনি !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.