ETV Bharat / state

মহানগৰীৰ পাঞ্জাবাৰীত ভয়ংকৰ ভূমিস্খলন

author img

By

Published : May 26, 2020, 4:12 PM IST

মহামাৰী কৰ‘ণা ভাইৰাছে আতংক সৃষ্টি কৰাৰ সময়তে গুৱাহাটীৰ পাঞ্জাবাৰীত সংঘটিত হয় এক ভয়ংকৰ ভূমিস্খলনৰ ঘটনা ।

landslide at guwahati panjabari
মহানগৰীৰ পাঞ্জাবাৰীত ভূমিস্খলন

গুৱাহাটী, 26মেঃ কেইবাদিনো ধৰি হৈ থকা মুষলধাৰ বৰষুণৰ ফলত মঙলবাৰে পুৱা পাঞ্জাবাৰীৰ বিষ্ণুনগৰৰ এটা পৰিয়ালৰ পাকঘৰত ওপৰৰ গাৰ্ড ৱাল আৰু পাহাৰৰ মাটি খহি পৰে ৷ যাৰ ফলত পৰিয়ালটোৰ পাকঘৰৰ দেৱাল ভাঙি যোৱাৰ বাবে বিস্তৰ ক্ষতি সাধন হয় । অৱশ্যে এই ঘটনাত কোনো লোকে হতাহত হোৱা নাই যদিও ভূমিস্খলনৰ ফলত দেৱনাথ নামৰ ব্যক্তিজনৰ পাকঘৰৰ দুটা গেছ ছিলিণ্ডাৰ, বাচন বর্তন আদিকে ধৰি বহু খাদ্য সামগ্ৰী মাটিৰ তলত পোত যায় ।

মহানগৰীৰ পাঞ্জাবাৰীত ভূমিস্খলন

পাঞ্জাবাৰী বিষ্ণুনগৰৰ নিবাসী ধনঞ্জয় দেৱনাথৰ পৰিয়ালটোৱে মঙলবাৰে পুৱা শুই থকা অৱস্থাতে ৬ বজাত এটা হঠাৎ এটা প্ৰকাণ্ড শব্দ শুনি সাৰ পায় আৰু উঠি আহি পাকঘৰৰ দেৱাল ভাঙি পাহাৰৰ ওপৰৰ মাটি আৰু শিল সোমাই থকা দেখা পায় । আতংকিত হৈ পৰিয়ালটোৱে ঘটনা সন্দৰ্ভত সাতগাঁও আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হয় । আৰক্ষীৰ প্ৰাথমিক তদন্তত ধনঞ্জয় দেৱনাথৰ ঘৰৰ ওপৰত থকা বিপিন শৰ্মা নামৰ লোকজনে ঘৰৰ চৌহদত অবিজ্ঞানসন্মতভাৱে নিৰ্মান কৰা গাৰ্ড ৱাল খহি যোৱাৰ বাবে পাহাৰৰ শিল মাটি বাগৰি পৰে বুলি নিশ্চিত হয় । আৰক্ষীয়ে দুয়োটা পৰিয়ালক সজাগ আৰু সচেতন হৈ থাকিবলৈ আহ্বান জনায় । আনহাতে বিপিন শৰ্মাৰ নির্মীয়মান অট্টালিকাটো যি কোনো মুহূৰ্তত খহি যাব পাৰে বুলি স্থানীয় লোকে আশংকা প্ৰকাশ কৰিছে ।

লগতে পঢ়কঃ সঞ্জয় মিশ্ৰাৰ ‘ৱাহ জিন্দেগী’লৈ স্বদেশী জাগৰণ মঞ্চৰ আৰ্থিক সমৰ্থন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.