গুৱাহাটী,29 অক্টোবৰ: কাইলৈ ধনৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মীৰ পূজা । কৰ’ণাসৃষ্ট পৰিৱেশৰ বাবে এইবাৰ ম্লান পৰিছে পূজাৰ আনন্দ-উচাহ ৷ কোভিড প্ৰট’কল মানি পূজা অনুষ্ঠিত কৰিবলৈ সাজু হৈছে ৰাজ্যৰ ভক্তপ্ৰাণ ৰাইজ । পূজাৰ বজাৰতো এইবাৰ কৰ’ণাৰ বিশেষ প্ৰভাৱ পৰিছে । প্ৰায় সেমেকা হৈ ৰৈছে মহানগৰীৰ বজাৰ-সমাৰ ।
গুৱাহাটীৰ মালিগাঁৱৰ পদপথত প্ৰতি বছৰে লক্ষ্মী পূজাৰ সময়ত একাংশ লোকে দেৱীৰ মূৰ্তিৰ লগতে পূজাৰ সা-সামগ্ৰী বিক্ৰী কৰে । উক্ত মাটিৰ মূৰ্তি সমূহৰ মূল্য হৈছে প্ৰায় 150-300 টকা পৰ্যন্ত । কিন্তু পূৰ্বৰ দৰে এইবাৰ বজাৰত নাই গ্ৰাহকৰ সংখ্যা । গ্ৰাহকৰ অভাৱত এতিয়া মূৰে-কপালে হাত দিছে বিক্ৰেতাসকলে । তদুপৰি দুই-এটা মূৰ্তি বিক্ৰী কৰিয়ে সন্তুষ্ট হ’বলগীয়া হৈছে বিক্ৰেতাসকল । একেই মন্দাৱস্থা পৰিলক্ষিত হৈছে পূজাৰ সামগ্ৰী বিক্ৰী কৰা বিপণীসমূহতো । পূজাৰ প্ৰাকক্ষণত পূৰ্বৰ দৰে সামগ্ৰীসমূহৰ মূল্যবৃদ্ধি হোৱা নাই যদিও কৰ’ণাৰ ভয়াৱহতাৰ বাবে গ্ৰাহকৰ উপস্থিতি সেৰেঙা হোৱা বুলি প্ৰকাশ কৰে বিক্ৰেতাসকলে ।
লগতে চাওকঃ JEE কাণ্ড : আজি আদালতত হাজিৰ কৰোৱা হ’ব 5 অভিযুক্তক