গুৱাহাটী,৩ জুন : "পাতাল ভৈৰৱী"ৰ স্ৰষ্টা প্ৰতিথযশা সাহিত্যিক ড০ লক্ষ্মীনন্দন বৰা আৰু নাই । কালৰূপী কৰ'ণাই স্বনামধন্য সাহিত্যিকগৰাকীক লৈ গ'ল ঘূৰি নহাৰ বাটেৰে । কৰ'ণাত আক্ৰান্ত হৈ গুৰুতৰভাৱে অসুস্থ হৈ পৰা বৰেণ্য কথাশিল্পী, বিশিষ্ট সাহিত্যিক ড৹ লক্ষ্মীনন্দন বৰাই বৃহস্পতিবাৰে দুপৰীয়া গুৱাহাটীৰ এক্সেল কেয়াৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে ।
উল্লেখ্য যে শৰীৰত ক'ভিডৰ উপস্থিতি ধৰা পৰাত ২০ মে'ত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট সাহিত্যিক ড৹ লক্ষ্মীনন্দন বৰাক হাস্পতালত ভৰ্তি কৰোৱা হৈছিল । স্বাস্থ্যৰ অৱস্থা ক্ৰমাৎ বেয়ালৈ গতি কৰাত ২৪ মে'ত তেওঁক ক'ভিড আই চি ইউত ভৰ্তি কৰোৱা হয় । কিন্তু অৱশেষত তেওঁ নিয়তিৰ ওচৰত হাৰ মানিলে । 'পদ্ম' সন্মানেৰে সন্মানিত বিশিষ্ট গল্পকাৰ, ঔপন্যাসিক, শিক্ষাবিদ ড০ লক্ষ্মীনন্দন বৰাৰ মৃত্যুত ৰাজ্যজুৰি শোকৰ ছাঁ পৰিছে ।
নগাঁও জিলাৰ হাতীচোং অঞ্চলৰ কুজিদাঁহ গাঁৱত ১৯৩১ চনৰ পহিলা মাৰ্চত জন্ম গ্ৰহণ কৰা লক্ষ্মীনন্দন বৰাৰ পিতৃ ফেটুৰাম বৰা আৰু মাতৃ ফুলেশ্বৰী বৰা । লক্ষ্মীনন্দন বৰাই বেবেজিয়া পণ্ডিত কনকচন্দ্ৰ শৰ্মা হাইস্কুলত মাধ্যমিক শিক্ষা আৰম্ভ কৰিছিল যদিও পাছলৈ নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ত নাম ভৰ্তি কৰে আৰু ১৯৪৮ চনত সেই বিদ্যালয়ৰ পৰাই প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। পাছত কটন মহাবিদ্যালয়ত নাম ভৰ্তি কৰে আৰু ১৯৫২ চনত কটন মহাবিদ্যালয়ৰ পৰা স্নাতক পৰীক্ষাত উত্তীৰ্ণ হয়। ইয়াৰ পাছত তেওঁ ১৯৫৪ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে ।
১৯৫৫ চনত শ্বিলঙৰ ছেইণ্ট এন্থনী কলেজত পদাৰ্থ বিজ্ঞানৰ প্ৰৱক্তাৰূপে লক্ষ্মীনন্দন বৰাই কৰ্মজীৱনৰ পাতনি মেলে। তাৰপিছত জগন্নাথ বৰুৱা মহাবিদ্যালয়, নগাঁও মহাবিদ্যালয়, কটন মহাবিদ্যালয় আদিত শিক্ষকতা কৰি ১৯৫৮ চনত যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত যোগদান কৰে। ১৯৯২ চনত তেখেত অসম কৃষি বিশ্ববিদ্যালয়ৰ অধ্যাপকৰূপে অৱসৰ গ্ৰহণ কৰে। তেওঁ কিছুদিন জাৰ্মানীৰ গোটেনবাৰ্গ বিশ্ববিদ্যালয়ৰ বতৰ বিজ্ঞানৰ ভিজিটিং প্ৰফেচৰ হিচাপে, ইণ্ডো-জাৰ্মান গৱেষণা প্ৰকল্পৰ আৰু অসম প্ৰদূষণ ব’ৰ্ডৰ অধ্যক্ষ ৰূপেও দায়িত্ব নিৰ্বাহ কৰে । তেওঁ ১৯৭৯ চনত কিছুদিনৰ বাবে কলিকতাৰ পৰা প্ৰকাশ হোৱা 'দ্য ইকনমিকচ টাইমছ্' কাকতৰ যোৰহাটৰ সংবাদদাতা হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল । তদুপৰি ১৯৯২ৰ পৰা ১৯৯৫ চনলৈ সাপ্তাহিক 'ৰংপুৰ' কাকতৰো তেওঁ সম্পাদক আছিল।
লক্ষ্মীনন্দন বৰাই ৰামধেনুত গল্পকাৰ ৰূপে আত্মপ্ৰকাশ কৰিছিল । তেওঁৰ গল্পসমূহ ৰামধেনু, নতুন অসমীয়া, অৰুণাচল আদিত প্ৰকাশ হৈছিল। সাংবাদিকতাৰ লগতো জড়িত বৰাৰ বাৰটি গল্প সংকলন আৰু পঁচিছখনৰো অধিক উপন্যাস প্ৰকাশ হৈছে । ১৯৮৮ চনত তেখেতে "পাতাল ভৈৰৱী" গ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা আৰু ২০০৪ চনত অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিছিল । আনহাতে ২০০৮ চনত ব্যতিক্ৰমধৰ্মী কল্পবিজ্ঞান উপন্যাস ‘কায়কল্প’ৰ বাবে তেওঁক সৰস্বতী সন্মানেৰে সন্মানিত কৰা হৈছিল ।
ড॰ বৰা অসম সাহিত্য সভাৰ ১৯৯৬ চনৰ বোকাখাত অধিবেশনৰ সভাপতি আছিল । তেওঁ "গৰিয়সী" আলোচনীৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল । ১৯৬২ চনত প্ৰকাশিত 'নিশাৰ পূৰৱী' তেওঁৰ প্ৰথম উপন্যাস । "কাল বলুকাত খোজ" তেওঁৰ আত্মজীৱনীমূলক গ্ৰন্থ । ২০১৫ চনৰ ২৬ জানুৱাৰীত তেওঁক 'পদ্মশ্ৰী' বঁটাৰে সন্মানিত কৰা হৈছিল । তেওঁৰ সৃষ্টিৰাজিৰ অন্যতম সৃষ্টি হৈছে "পাতাল ভৈৰৱী", "কায়কল্প" আৰু "যাকেৰি নাহিকে উপাম"। সৃষ্টিৰ বিশালতাৰে তেওঁ অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে ।
তেওঁৰ সৃষ্টিৰাজিৰ ভিতৰত ঔপন্যাস হৈছে গংগা চিলনীৰ পাখি, যাকেৰি নাহিকে উপাম, পাতাল ভৈৰৱী, শিখৰ সুৰভি, মেঘালী দুপৰ, বলুকাত বিজুলী, উত্তৰ পুৰুষ, বিশেষ এৰাতি, পতন, নায়ক অধিনায়ক, মৎস্যকন্যা, সেহি গুণনিধি,মেঘত মাদল বাজে, কায়কল্প, চতুৰংগ, কাঁচিয়লিৰ কুঁৱলী, মন মাটি মেঘ, গৌৰি ৰূপক, নিষিদ্ধ চেতনা, মাজত তৃষাৰ নৈ, মাটিত মেঘৰ ছাঁ, দহন দুলড়ী, বহ্ন ব্যাকুলতা, কাল ডিঙৰাৰে পাল, আকাশ থমকি ৰয়, ছাঁ জুইৰ পোহৰত, গণেশগুৰি, আকৌ শৰাইঘাট, এৰাবাৰীৰ লেছেৰী, প্ৰেয়সী, পাখি, হিয়াত তিৰেবিৰায় ।
নাটক হৈছে মহে গুণ গুণ কৰে, চুটিগল্প হৈছে দৃষ্টিৰূপা, সেই সুৰে উতলা, গোপন গধূলি, অচিন কইনা, এই ৰূপ এই চন্দ, ব্যতিক্ৰম, দুষ্টৰ কাৰাগাৰ, প্ৰেয়সী ইত্যাদি। সেইদৰে ভ্ৰমণ কাহিনী হৈছে জোৰালগা জাৰ্মানীত, সীমাৰ পৰিধি ভাঙি । এইগৰাকী প্ৰথিতযশা সাহিত্যিকৰ অসমীয়া সাহিত্যলৈ অন্যতম উল্লেখযোগ্য অৱদান হ’ল— ‘যাকেৰি নাহিকে উপাম’ আৰু ‘গঙা-চিলনিৰ পাখি’। ১৯৬৩ চনত ৰচিত ‘গঙা-চিলনিৰ পাখি’ৰ আধাৰতে প্ৰয়াত পদূম বৰুৱাই একে নামেৰে চলচ্চিত্ৰও নিৰ্মাণ কৰিছিল । সৃষ্টিৰ বিশালতাৰে এটা "অনুষ্ঠান" স্বৰূপ হৈ পৰা প্ৰথিতযশা সাহিত্যিকগৰাকীৰ মৃত্যুত আজি সমগ্ৰ ৰাজ্য শোকস্তব্ধ হৈ পৰিছে । মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শৰ্মাই ডঃ বৰাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে ।