ETV Bharat / state

সমাগত নিৰ্বাচন: ৰাজ্যত 48 ঘণ্টাত লক্ষাধিক টকা আৰু সুৰা জব্দ - ৰাজ্যৰ নিৰ্বাচন বিভাগ

সমাগত অসম বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন ৷ 7-8 মাৰ্চত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা 53 লক্ষাধিক টকাৰ নগদ ধন আৰু 3.96 কোটিৰো অধিক মূল্যৰ সুৰা জব্দ কৰা হৈছে ৷ লগতে উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ অন্যান্য নিচাযুক্ত দ্ৰব্য ৷ ৰাজ্যৰ নিৰ্বাচন বিভাগে সদৰী কৰিছে এই তথ্য ৷

Lakhs of rupees and Alcohol Seized in 48 hours in the state
নিৰ্বাচন:ৰাজ্যত 48 ঘণ্টাত লক্ষাধিক টকা আৰু সুৰা জব্দ
author img

By

Published : Mar 9, 2021, 5:41 PM IST

নিউজ ডেস্ক,9 মাৰ্চ : নিৰ্বাচনকেন্দ্ৰিক পৰিৱেশৰ মাজতে নিৰ্বাচনী আচৰণ বিধি যাতে সকলোৱে মানি চলে তাৰ বাবে তীক্ষ্ণ নজৰ ৰাখিছে অসম আৰক্ষী, ফ্লায়িং স্কোৱাড, স্থিৰ নিৰীক্ষণকাৰী দল (sst) আৰু আবকাৰী বিভাগে ৷ ৰাজ্যৰ নিৰ্বাচন বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি, যোৱা 48 ঘণ্টাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা 53 লক্ষাধিক টকাৰ নগদ ধন আৰু 3.96 কোটিৰো অধিক মূল্যৰ সুৰা জব্দ কৰা হৈছে ৷

7 মাৰ্চৰ দিনটোত অসম আৰক্ষী, ফ্লায়িং স্কোৱাড আৰু স্থিৰ নিৰীক্ষণকাৰী দলে পৃথকে পৃথকে কৰা অভিযানত প্ৰায় 17,106 লিটাৰ সুৰা জব্দ হয় ৷ আবকাৰী বিভাগে জব্দ কৰে 28,541 লিটাৰ সুৰা ৷ ইয়াৰ বিপৰীতে 799 গ্ৰাম হেৰ’ইন, 92.6 কিল’গ্ৰাম ভাং আৰু 85 গ্ৰাম ব্ৰাউন চুগাৰো ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা জব্দ কৰা হয় ৷ জব্দ হোৱা সুৰাখিনিৰ মূল্য প্ৰায় 4 লাখ টকা ৷ তদুপৰি জব্দ কৃত হেৰ’ইন, ভাং আৰু ব্ৰাউন চুগাৰখিনিৰ মূল্য প্ৰায় 65 লাখ টকা হোৱাৰ অনুমান প্ৰকাশ কৰিছে সংশ্লিষ্ট বিভাগে ৷

ইফালে, 8 মাৰ্চৰ দিনটোত 19 লাখৰো অধিক নগদ ধন জব্দ কৰাৰ লগতে 29,890 লিটাৰ সুৰা জব্দ কৰা হয় ৷ আবকাৰী বিভাগৰ অভিযানত জব্দ হোৱা সুৰাৰ পৰিমাণ হৈছে 41,690 লিটাৰ ৷ এই সুৰাখিনিৰ মূল্য 3.51 কোটি টকাৰো অধিক হ'ব বুলি সদৰী কৰিছে নিৰ্বাচন বিভাগে ৷ সমান্তৰালভাৱে অসম আৰক্ষী, ফ্লায়িং স্কোৱাড, স্থিৰ নিৰীক্ষণকাৰী দলে 20 লাখৰো অধিক মূল্যৰ 95.82 গ্ৰাম হেৰ’ইন, 136 কিল’গ্ৰাম ভাং জব্দ কৰে ৷ উল্লেখ্য যে, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা এই নিচাযুক্ত দ্ৰব্যখিনি জব্দ কৰা হয় ৷

লগতে পঢ়ক: ঢেকীয়াজুলি সমষ্টিৰ বাবে কংগ্ৰেছ ফেক্টৰ নহয়

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.