ETV Bharat / state

অসম গ্ৰন্থমেলাৰ লাইখুঁটা স্থাপন

author img

By

Published : Dec 17, 2021, 8:36 PM IST

শুকুৰবাৰে চানমাৰিস্থিত অসম অভিযান্ত্ৰিক মহাবিদ্যালয় খেলপথাৰত স্থাপন কৰা হ'ল অসম গ্ৰন্থমেলাৰ লাইখুঁটা(Lai khuta of Assam Book Fair erected) । ২৯ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হ'ব অসম গ্ৰন্থমেলা ।

Lai khuta of Assam Book Fair erected in Guwahati
অসম গ্ৰন্থমেলাৰ লাইখুঁটা স্থাপন

গুৱাহাটী, ১৭ ডিচেম্বৰ: পৰম্পৰাগত ৰীতি-নীতিৰে শুকুৰবাৰে স্থাপন কৰা হ'ল অসম গ্ৰন্থমেলাৰ লাইখুঁটা(Assam Book Fair Lai khuta erected in Chandmari) । চানমাৰিস্থিত অসম অভিযান্ত্ৰিক খেলপথাৰত ২৯ ডিচেম্বৰৰ পৰা ১২ দিনীয়াকৈ গ্ৰন্থমেলা অনুষ্ঠিত হ'ব(Assam Book Fair to held at Chandmari) । অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সন্থাই প্ৰথমবাৰলৈ যুটীয়াভাৱে অসম গ্ৰন্থমেলাৰ আয়োজন কৰিছে । আজি অসম গ্ৰন্থমেলাৰ লাইখুঁটা স্থাপন কাৰ্যসূচীত উপস্থিত থাকে অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতা, উপাধ্যক্ষ সুমন্ত চলিহা, বিশিষ্ট লেখক ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰীৰ লগতে সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সন্থাৰ বিষয়ববীয়াসকল ।

অসম গ্ৰন্থমেলাৰ লাইখুঁটা স্থাপন

লাইখুঁটা স্থাপনত উপস্থিত থাকি বিশিষ্ট লেখক ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰীয়ে কয়-"গ্ৰন্থমেলাত অসমৰ মানুহ উপচি পৰিব তাত সন্দেহ নাই । অসমীয়া গ্ৰন্থৰ বিক্ৰীৰে অভিলেখ সৃষ্টি কৰাবলৈ ৰাইজক আহ্বান । পিছত যাতে অসমীয়া গ্ৰন্থতকৈ ইংৰাজী গ্ৰন্থৰ বিক্ৰীৰ বেছি হ'ল বুলি শুনিবলগীয়া নহয় তাৰ বাবে অসমবাসীক আহ্বান জনায় "। অসমীয়া ভাষাৰ জনপ্ৰিয়তা যে বৰ্তমানো আছে সেয়া ৰাইজে গ্ৰন্থমেলাত গ্ৰন্থ ক্ৰয় কৰি চৰকাৰক প্ৰমাণ কৰি দিবলৈও তেওঁ আহ্বান জনায় ।

আনহাতে, অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই কয় যে, গুৱাহাটী গ্ৰন্থমেলাত যোৱা বৰ্ষত গ্ৰন্থ বিক্ৰীৰ সংখ্যাই অভিলেখ সৃষ্টি কৰিছিল । অসম গ্ৰন্থমেলাৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উপৰিও বহুকেইজন বিশিষ্ট সাহিত্যিক ।

ইফালে, গ্ৰন্থমেলাত বাংলাদেশৰ বহু কেইটা প্ৰকাশক গোষ্ঠীয়ে অংশগ্ৰহণৰ বাবে যোগাযোগ কৰি থকা বুলি জানিবলৈ দিয়ে । লগতে দিল্লী, কলকাতাৰো বিপণীয়ে অংশগ্ৰহণ কৰিব । অৱশ্যে, বহু প্ৰকাশক আৰু বিক্ৰেতা আহিছে যদিও ঠাই দিব পৰা নাই বুলিও তেওঁ মন্তব্য কৰে ।

লগতে পঢ়ক:অসমীয়া সংস্কৃতি জীয়াই ৰখাৰ স্বাৰ্থত আছুৰ উদ্যোগত অনুষ্ঠিত হৈছে ভাওনা : শংকৰজ্যোতি বৰুৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.