ETV Bharat / state

উপ নিৰ্বাচন : বিজেপিক ৱাকঅভাৰ দিব নেকি বিৰোধীয়ে - wakover to bjp

ৰাজ্যৰ ছয় সমষ্টিত হ’ব উপ নিৰ্বাচন ৷ উপ নিৰ্বাচনৰ বাবে প্ৰস্তুতি চলাইছে শাসক তথা বিৰোধীয়ে ৷ উপ নিৰ্বাচনত কংগ্ৰেছ দল অকলেই অৱতীৰ্ণ হ’ব, এই কথা প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷

in the by election wakover to bjp
উপ-নিৰ্বাচন: বিজেপিক ৱাকঅভাৰ দিব নেকি বিৰোধীয়ে
author img

By

Published : Sep 20, 2021, 2:12 PM IST

Updated : Sep 20, 2021, 2:19 PM IST

গুৱাহাটী, ২০ ছেপ্টেম্বৰ : ৰাজ্যসভাৰ নিৰ্বাচনত বিৰোধী বা কংগ্ৰেছে কোনো প্ৰাৰ্থী আগনবঢ়াই সৰ্বানন্দ সোণোৱালক ৱাকঅভাৰ দিয়াৰ দৰে ৰাজ্যৰ ছটা বিধানসভা সমষ্টিত হ’বলগীয়া উপ নিৰ্বাচনতো শিবিৰ বিভক্ত বিৰোধীয়ে বিজেপিক যেন ৱাকঅভাৰ দিবলৈ সাজু হৈছে । বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত সকলো বিৰোধী শক্তি একত্ৰিত হৈ ছটা সমষ্টিৰে উপ নিৰ্বাচনত অৱতীৰ্ণ হ’ব পাৰে বুলি ৰাজনৈতিক মহলত চৰ্চা চলিছিল যদিও এতিয়া সেই সম্ভাৱনা নোহোৱা হৈছে ।

in the by election wakover to bjp
উপ-নিৰ্বাচন: বিজেপিক ৱাকঅভাৰ দিব নেকি বিৰোধীয়ে

কিয়নো শিবিৰ বিভক্ত বিৰোধীয়ে নিজা নিজাকৈ উপ নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে । প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ইতিমধ্যে ঘোষণা কৰিছে যে, উপ নিৰ্বাচনত কংগ্ৰেছ দল অকলেই অৱতীৰ্ণ হ’ব । তেনেদৰে অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দলেও ইতিমধ্যে থাওৰা সমষ্টিৰ বাবে নিজাকৈ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে ।

বদৰুদ্দিন আজমল নেতৃত্বাধীন এআইইউডিএফেও ভৱানীপুৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব ।

লগতে পঢ়ক: উপ-নিৰ্বাচন বাহুবলী চৰকাৰৰ বাহুবলী ৰাজনীতিৰ উদাহৰণ: গৌৰৱ গগৈ

মুঠতে থানবান হৈ পৰিছে বিৰোধী ঐক্য । নক’লেও চলে যে, বিৰোধীৰ এনে তথৈবচ অৱস্থা দেখি ইয়াৰ পূৰ্ণ সুযোগ ল’বলৈ সাজু হৈছে শাসকীয় বিজেপি দল । বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই ধাৰাবাহিকভাৱে দাবী কৰি আহিছে যে, উপ নিৰ্বাচনত ছখন আসনৰ আটাইকেইখনেই বিজেপিৰ দখললৈ আহিব ।

আনহাতে, উপ নিৰ্বাচন আৰু বিৰোধী ঐক্য এই দুয়োটা বিষয়ক লৈ এতিয়াও ৰহস্যজনকভাৱে নীৰৱতা অৱলম্বন কৰিছে অসম জাতীয় পৰিষদে । কংগ্ৰেছেও কিন্তু জাতীয় পৰিষদৰে মিত্ৰতা কৰা নকৰা প্ৰসংগত এতিয়ালৈকে কোনো কথা স্পষ্টকৈ কোৱা নাই । একে সময়তে আটাইকেইটা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰি কংগ্ৰেছে ইতিমধ্যে জাননীও জাৰি কৰিছে । প্ৰাৰ্থিত্ব বিচৰাসকলে ২৭ ছেপ্তেম্বৰৰ ভিতৰত প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ হাতত আবেদন দাখিল কৰিব লাগিব ।

ইপিনে বিৰোধীৰ এনে দুৰ্দশা দেখি স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে বিজেপি । ২২ আৰু ২৩ ছেপ্তেম্বৰত উত্তৰ গুৱাহাটীত আয়োজন কৰা হৈছে দলটোৰ এখন বিশেষ ৰাজ্যিক কাৰ্যনিৰ্বাহক বৈঠক । মূলতঃ ছয় সমষ্টিৰ উপ নিৰ্বাচনৰ বিষয়ে আলোচনা কৰিবলৈকে এই কাৰ্যনিৰ্বাহকৰ আয়োজন কৰা হৈছে ।

লগতে পঢ়ক: উপ-নিৰ্বাচনত বিৰোধীৰ ঐক্যক লৈ চলা চৰ্চাৰ অন্ত

Last Updated : Sep 20, 2021, 2:19 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.