ETV Bharat / state

ৰাজ্যজুৰি উদযাপন বীৰ লাচিতৰ 397 সংখ্যক জন্ম জয়ন্তী - Kolibar lachit diwas celevartion

উত্তৰ পূৰ্বাঞ্চলৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ লগতে বৰপেটা, টীয়ক আৰু ফাঁচী বজাৰৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিৰ কাষত উদযাপন কৰা হয় লাচিত দিৱস ৷

ৰাজ্যজুৰি উদযাপন বীৰ লাচিতৰ 397 সংখ্যক জন্ম জয়ন্তী
author img

By

Published : Nov 24, 2019, 8:26 PM IST

গুৱাহাটী, 24 নৱেম্বৰঃ দেওবাৰে ৰাজ্যজুৰি উদযাপন কৰা হৈছে অসম মাতৃৰ বীৰ সন্তান লাচিত বৰফুকৰনৰ জন্ম জয়ন্তী ৷ উত্তৰ পূৰ্বাঞ্চলৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদত লাচিত দিৱসৰ দিনাই উন্মোচন কৰা হ'ল অসমীয়া জাতিৰ সৌৰ্য মহাবীৰ লাচিত বৰফুকনৰ বৃহৎ প্ৰতিমূৰ্তি ৷ ১৯৬১ চনতে স্থাপিত হোৱা অসম আৰ্হি ৭নং লাচিত বৰফুকন ছাত্ৰাবাসৰ সন্মূখত নিৰ্মাণ কৰা ১৮ ফুট উচ্চতাৰ প্ৰতিমূৰ্তিটো উদ্ধোধন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ প্ৰতাপ জ্যোতি সন্দিকৈয়ে ৷ ছাত্ৰবাসটোৰ প্ৰাক্তন আবাসীসকলে নিজা অনুদানেৰে নিৰ্মান কৰিছে আহোম সেনাপতি মহাবীৰ লাচিত বৰফুকনৰ এই প্ৰতিমূৰ্তিটো ৷ প্ৰতিমূৰ্তিটো সাজি উলিয়াইছে বিশিষ্ট ভাস্কৰ্য শিল্পী বীৰেন সিংহই ৷ আনহাতে, লাচিত দিৱসৰ লগত সংগতি ৰাখি আবাসটোৰ প্ৰয়াত প্ৰাক্তন ছাত্ৰসকলৰ আত্মাৰ সাদগতিৰ কামনাৰে মৌন প্ৰাৰ্থনা কৰাৰ লগতে এক অন্তৰংগ আলাপ অনুষ্ঠান অনুষ্ঠিত হয় ৷

গুৱাহাটী বিশ্ববিদ্যালয়ত লাচিত দিৱস উদযাপন

বৰপেটা, 24 নৱেম্বৰঃ বৰপেটাত দিনজোৰা কাৰ্যসূচীৰে ৰাম সেনাই উদযাপন কৰে বীৰ লাচিত বৰফুকনৰ 397 সংখ্যক জন্ম জয়ন্তী ৷ উক্ত অনুষ্ঠানৰ আৰম্ভনিতে লাচিত বৰফুকনৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন কৰে ৰাম সেনাৰ প্ৰমুখ দেৱজিৎ ডেকাই ৷ দিনজোৰা কাৰ্যসূচীৰে পালন কৰা লাচিত দিৱসৰ কাৰ্যসূচী অনুসৰি চিত্ৰাংকন প্ৰতিযেগিতা অনুষ্ঠিত কৰাৰ লগতে দিব্যাংগ লোকৰ মাজত বস্ত্ৰ বিতৰন কৰা হয় ৷

বৰপেটাত লাচিত দিৱস উদযাপন

টীয়ক, 24 নৱেম্বৰঃ টীয়কৰ লাহদৈগড়স্থিত বীৰ লাচিত বৰফুকন মৈদামত উদযাপন কৰা হৈছে লাচিত দিৱস ৷ যোৰহাট জিলা প্ৰশাসন তথা লাচিত মৈডাম সংৰক্ষণ সমিতিৰ উদ্যোগত দিনযোৰা কাৰ্যসূচীৰে উদযাপন কৰা হৈছে লাচিত দিৱস ৷ পুৱা পতাকা উত্তোলন কৰাৰ পাছতে বীৰজনাৰ প্ৰতিমূৰ্ত্তিত মাল্যাৰ্পন কৰা হয় ৷ মৈডামত পূজা অৰ্চনা কৰি বীৰজনাক শ্ৰদ্ধা জনোৱাৰ লগতে চিত্ৰাংকণ প্ৰতিযোগিতাকে ধৰি বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰে দিনযোৰা কাৰ্যসূচীৰে মৈডাম প্ৰাংগনত বীৰ লাচিত দিৱস উদযাপন কৰা হয় ৷

টীয়কত উদযাপন লাচিত দিৱস

গুৱাহাটী, 24 নৱেম্বৰঃ অসম চৰকাৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত ফাঁচী বজাৰৰ সমীপৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰৰ বীৰ লাচিতৰ প্ৰতিমূৰ্তিৰ কাষত উদযাপন কৰা হয় লাচিত দিৱস ৷ উক্ত অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল , সিদ্ধাৰ্থ ভট্টাচাৰ্য , নৱ দলে গুৱাহাটী সমষ্টিৰ সাংসদ কইন ওজা ৷ উল্লেখ্য যে, নতুন প্ৰজন্মই লাচিতৰ দৰে মনোবল আৰু সাহসেৰে আগুৱাই যোৱাৰ বাবে অনুপ্ৰেৰণা যোগায় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

গুৱাহাটীত উদযাপন লাচিত দিৱস

কলিয়াবৰ, 24 নৱেম্বৰঃ কলিয়াবৰত ব্যতিক্ৰমী ধৰণে উদযাপন লাচিত দিৱস ৷ সদৌ অসম মৰিয়া যুৱ ছাত্ৰ সন্থাৰ উদ্যোগত উদযাপন কৰা হয় লাচিত দিৱস ৷ লচিত দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰে ৰক্তদান শিৱিৰ ৷ শতাধিক লোকে এই শিৱিৰত অংশগ্ৰহণ কৰি ৰক্তদান কাৰ্যসূচী সফল কৰি তোলে ৷ জয়ন্তীপুৰ গাঁৱত যোৱা দুই বছৰ ধৰি এই ৰক্তদান শিৱিৰ আয়োজন কৰি থকা মৰিয়া যুৱ ছাত্ৰ সন্থাৰ এই পদক্ষেপক সকলোৱে আদৰণি জনাইছে ৷

কলিয়াবৰত উদযাপন লাচিত দিৱস

Intro:উত্তৰ পূৰ্বাঞ্চলৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদত লাচিত দিৱসৰ দিনাই উন্মোচন কৰা হ'ল অসমীয়া জাতিৰ সৌৰ্য বীৰ্জৰ প্ৰতীক মহাবীৰ লাচিত বৰফুকনৰ বৃহৎ প্ৰতিমূৰ্তি। ১৯৬১ চনতে স্থাপিত হোৱা অসম আৰ্হি ৭নং লাচিত বৰফুকন ছাত্ৰাবাসৰ সন্মূখত নিৰ্মাণ কৰা ১৮ ফুট উচ্চতাৰ প্ৰতিমূৰ্তিটো উদ্ধোধন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ প্ৰতাপ জ্যোতি সন্দিকৈয়ে। ছাত্ৰবাসটোৰ প্ৰাক্তন আবাসীসকলে নিজা অনুদানেৰে নিৰ্মান কৰিছে আহোম সেনাপতি মহাবীৰ লাচিত বৰফুকনৰ এই প্ৰতিমূৰ্তিটো। প্ৰতিমূৰ্তিটো বিশিষ্ট ভাস্কৰ্য শিল্পী বীৰেন সিংহই সাজি উলিয়াইছে। ইফালে লাচিত দিৱসৰ লগত সংগতি ৰাখি আবাসটোৰ প্ৰয়াত প্ৰাক্তন ছাত্ৰসকলৰ আত্মাৰ সাদগতিৰ কামনাৰে মৌন প্ৰাৰ্থনা কৰাৰ লগতে এক অন্তৰংগ আলাপ অনুষ্ঠান অনুষ্ঠিত হয়।

Body:Hirul Haque Conclusion:Guwahati
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.