গুৱাহাটী,১ মে': ক'ভিডৰ ভয়াৱহ সংক্ৰমণৰ মাজতে শনিবাৰে সমগ্ৰ দেশৰ লগতে অসমতো বিশ্ব শ্ৰমিক দিৱস পালন কৰা হয় । শ্ৰমিকৰ নায্য অধিকাৰৰ দাবী উত্থাপন কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত ক'ভিড প্ৰটক'ল মানি মে' দিৱস পালন কৰা হয় ।
![labour day celebration](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-05-labour-day-celebration-assam-7209925_01052021170102_0105f_1619868662_1079.jpg)
শ্ৰমিক সংগঠন চিআইটিইউৰ ৰাজ্যিক সাধাৰণ সম্পাদক তপন শৰ্মাই জনোৱা মতে, অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ আৰু শিলচৰৰ পৰা কোকৰাঝাৰলৈ চিআইটিইউৰ অন্তৰ্ভুক্ত ইউনিয়ন তথা জিলা আৰু আঞ্চলিকৰ উদ্যোগত ১৭০ টা স্থানত মে' দিৱসৰ পতাকা উত্তোলন কৰা হয় । পৰিকল্পনা মতেই সীমিত সংখ্যক লোকৰ উপস্থিতিত কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।
![labour day celebration](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-05-labour-day-celebration-assam-7209925_01052021170102_0105f_1619868662_232.jpg)
এইবাৰ ক'ভিড পৰিস্থিতি প্ৰতি লক্ষ্য ৰাখি ট্ৰেড ইউনিয়ন সংগঠনবোৰে মে' দিৱসৰ কেন্দ্ৰীয় সমদল সভা তথা শোভাযাত্ৰা বাতিল কৰিছিল । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো মে' দিৱস অনুষ্টুপীয়াকৈ পালন কৰা হয় । মহানগৰীৰ বোন্দা, পাথৰ কুৱেৰী, পাঞ্জাবাৰী, বশিষ্ঠ, বৰাগাঁও, কালাপাহাৰ, বিৰুবাৰী, উলুবাৰী, পল্টন বজাৰ, পাণ্ডুৰ উপৰিও বিভিন্ন স্থানত মে' দিৱস পালন কৰা হয় ।
![labour day celebration](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-05-labour-day-celebration-assam-7209925_01052021170102_0105f_1619868662_488.jpg)
কামৰূপ জিলাৰ আমিনগাঁও, শুৱালকুছি, ডুমডুমা, বৰম্বৈ, ডিমু, ৰঙিয়া, জামতলা, গোৰেশ্বৰ, মহৰিপাৰা ইত্যাদি ঠাইত শ্ৰমিক দিৱস পালন কৰা হয় । আনহাতে চিআইটিইউ আৰু কৃষক সভাৰ যৌথ উদ্যোগত ভৱানীপুৰ বিধানসভা সমষ্টিৰ ভৱানীপুৰ, ৰৌমাৰী, কহৰা পথাৰ, ছাউলিয়াবড়ী , ধুমাৰ পথাৰ আৰু শুকমানাহ-কালজাৰত আন্তৰ্জাতিক মে' দিৱস উপলক্ষে পতাকা উত্তোলন কৰি শ্ৰমিকৰ সংহতি দিৱস পালন কৰা হয় ।
![labour day celebration](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-05-labour-day-celebration-assam-7209925_01052021170102_0105f_1619868662_525.jpg)
ভৱানীপুৰত পতাকা উত্তোলন কৰে চিআইটিইউৰ বৰপেটা জিলাৰ অভিনেত্ৰী ডলিমইনা চৌধুৰীয়ে । ধুমাৰ পথাৰত নজৰুল ইছলাম, ছাউলিয়াবড়ীত হজৰত আলী, ৰৌমাৰীত ওছমান গণি, কহৰা পথাৰত ইমান আলী আৰু শুকমানাহ-কালজাৰত মোবাৰক আলীয়ে পতাকা উত্তোলন কৰে ।