গুৱাহাটী,২৫ ফেব্ৰুৱাৰীঃ মই যেন এটা বাটৰুৱা, জুমি জুমি চোৱা তুমি, তেনেকৈ নাচাবা আজলী ছোৱালী আদি ৰোমাণ্টিক গীতবোৰেৰে সকলোৰে আপোন আৰু সমাদৃত অসমৰ সংগীত জগতৰ বিশিষ্ট শিল্পী কুল বৰুৱা আৰু নায় ৷ দীৰ্ঘ দিনীয়া অসুস্থতাৰ অন্তত বুধবাৰে নিশা ১১.৪৫ বজাত ৰঙীন ডেউকা মেলি উৰি গ'ল অনন্তলৈ ৷ স্ব-গৃহতে ৮৩ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট শিল্পীগৰাকীয়ে ৷
বাৰ্ধক্যজনিত কাৰণত মৃত্যু হোৱা শিল্পী গৰাকীৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে শিলপুখুৰীস্থিত বাসগৃহত যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰ'ৱ জুবিন গাৰ্গ, সমুজ্জল কুমাৰ ভট্টাচাৰ্য, মনিষা হাজৰিকা, জেপি দাসৰ লগতে অসংখ্য অনুৰাগী উপস্থিত হৈ কণ্ঠশিল্পী গৰাকীক অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ৰাজ্য চৰকাৰৰ তৰফৰ পৰাও নৱগ্ৰহ শ্মশানত ৰাজ্যিক মৰ্যদাৰে শিল্পীগৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হয় ৷
উল্লেখ্য যে, ১৯৩৮ চনত জন্মগ্ৰহণ কৰা কণ্ঠশিল্পী কুল বৰুৱাই স্কুলত পঢ়ি থকা কালতে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অকণিৰ চ’ৰা আৰু চেমনীয়া চ’ৰাত গীত পৰিবেশন কৰিছিল । ১৯৬৮ চনত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নিয়মীয়া কণ্ঠশিল্পী স্বীকৃতি লাভ কৰা প্ৰখাত শিল্পীগৰাকীৰ কেইটিমান জনপ্ৰিয় গীত হৈছে ‘তেনেকৈ নেচাবা আজলি ছোৱালী’, ‘মই যেন এটা বাটৰুৱা’, ‘জুমি জুমি চোৱা তুমি’ ইত্যাদি । ইয়াৰোপৰি তেওঁ সেন্দূৰ, সাদৰী, বৃষ্টি প্ৰভাতী পখীৰ গান আদিৰ চলচ্চিত্ৰত নেপথ্য গায়ক ৰূপেও কণ্ঠদান কৰিছে ৷ এইগৰাকী শিল্পীৰ মৃত্যুত অসমবাসী ৰাইজৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গভীৰ শোক প্ৰকাশ কৰে ।