ETV Bharat / state

হৰে কৃষ্ণ মন্দিৰত শ্ৰীকৃষ্ণ জন্মাষ্টমীৰ সামৰণি - Sri Krishna Janmashtami

হৰে কৃষ্ণ মুভমেন্ট গুৱাহাটীৰ উদ্যোগত উত্তৰ গুৱাহাটী হৰে কৃষ্ণ মন্দিৰত চাৰি দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা কৃষ্ণ জন্মাষ্টমীৰ আজি সামৰণি পৰে (Krishna Janmashtami celebrations at Hare Krishna Temple in North Guwahati ) ।

Krishna Janmashtami celebrations ended today at Hare Krishna Temple in North Guwahati
গুৱাহাটী হৰে কৃষ্ণ মন্দিৰত চাৰিদিনীয়া কাৰ্যসূচীৰে আয়োজিত শ্ৰীকৃষ্ণ জন্মাষ্টমীৰ সামৰণি
author img

By

Published : Aug 21, 2022, 10:27 PM IST

গুৱাহাটী, ২১ আগষ্ট: ৰাজ্যজুৰি আনন্দ উল্লাহৰ মাজেৰে উদযাপিত হ’ল শ্ৰীকৃষ্ণৰ জন্মাষ্টমী (Sri Krishna Janmashtami) ৷ হৰে কৃষ্ণ মুভমেন্ট গুৱাহাটীৰ উদ্যোগত উত্তৰ গুৱাহাটীৰ হৰে কৃষ্ণ মন্দিৰত চাৰি দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা কৃষ্ণ জন্মাষ্টমীৰ আজি সামৰণি পৰে (Krishna Janmashtami celebrations at Hare Krishna Temple in North Guwahati )।

হৰে কৃষ্ণ মুভমেন্ট গুৱাহাটীৰ উপ-সভাপতি বিজয় পণ্ডিত দাসে কয়- "২০১০ চনৰ পৰা হৰে কৃষ্ণ মন্দিৰত শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উদযাপন কৰি আহিছো । ক’ভিড সৃষ্ট পৰিৱেশৰ বাবে যোৱা দুবছৰ নীতি-নিৰ্দেশনা মাজেৰে উদযাপন কৰা হৈছিল শ্ৰীকৃষ্ণৰ জন্মাষ্টমী ৷ কিন্তু এইবাৰ ক’ভিড মুক্ত পৰিৱেশ হোৱাৰ বাবে ১৮-২১ আগষ্টলৈ হৰে কৃষ্ণ মন্দিৰত চাৰিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছিল শ্ৰীকৃষ্ণৰ জন্মাষ্টমী । ১৮-১৯ আগষ্টত লাড্ডু গোপালৰ অভিষেক হয় । ২০ আগষ্টত নন্দোৎসৱ উদযাপন কৰা হয় ৷"

আনহাতে জন্মাষ্টমী উপলক্ষে প্ৰথমৰ পৰা দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ লগতে সাংস্কৃতিক কাৰ্যসূচীও অনুষ্ঠিত হয় । এইবাৰ জন্মাষ্টমীত ৫০ হাজাৰতকৈ অধিক ভক্তৰ সমাগম হয় বুলি তেওঁ জানিবলৈ দিয়ে (Sri Krishna Janmashtami program concludes) ।

লগতে পঢ়ক: মাজুলীৰ কমলাবাৰী বিবেকানন্দ কেন্দ্ৰত শ্ৰী কৃষ্ণৰ জন্মাষ্টমী উদযাপন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.