ETV Bharat / state

একাংশ জুনিয়ৰ কলেজৰ বিৰুদ্ধে সৰৱ কৃষক শ্ৰমিক উন্নয়ন পৰিষদ ! - দিচপুৰ প্ৰেছ ক্লাব

"ৰাজ্যত কাঠফুলাৰ দৰে অনুমতিবিহীন ভাৱে গঢ়ি উঠিছে একাংশ জুনিয়ৰ কলেজ । কিন্তু এই সমূহ জুনিয়ৰ কলেজৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰে মাধ্যমিক শিক্ষা সাংসদে ।" এই অভিযোগ কৃষক শ্ৰমিক উন্নয়ন পৰিষদৰ ।

একাংশ জুনিয়ৰ কলেজৰ বিৰুদ্ধে সৰৱ কৃষক শ্ৰমিক উন্নয়ন পৰিষদ
author img

By

Published : Sep 6, 2019, 11:17 PM IST

গুৱাহাটী,6ছেপ্টেম্বৰঃ "ৰাজ্যত কাঠফুলাৰ দৰে অনুমতিবিহীন ভাৱে গঢ়ি উঠিছে একাংশ জুনিয়ৰ কলেজ । কিন্তু এই সমূহ জুনিয়ৰ কলেজৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰে মাধ্যমিক শিক্ষা সাংসদে" ।- শুকুৰবাৰে দিছপুৰ প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰি এই গুৰুতৰ অভিযোগ উত্থাপন কৰে কৃষক শ্ৰমিক উন্নয়ন পৰিষদে । তেওঁলোকৰ অভিযোগ মাধ্যমিক শিক্ষা সংসদৰ অনুমতি অবিহনেই একাংশ চৰকাৰী মহাবিদ্যালয়ৰ লগত বুজাবুজি কৰি চলায় আছে শিক্ষাৰ এই ব্যৱসায় । যি তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে পোহৰলৈ আহিছে ।

একাংশ জুনিয়ৰ কলেজৰ বিৰুদ্ধে সৰৱ কৃষক শ্ৰমিক উন্নয়ন পৰিষদ

আনহাতে কেৱল শিক্ষাৰ নামত ব্যৱসায় চলোৱাৰ উদ্দেশ্যেই ৰাজ্যৰ ভিন্ন প্ৰান্তত এনে জুনিয়ৰ কলেজ গঢ় লৈ উঠিছে বুলি অভিযোগ সংগঠনটোৰ । কিন্তু এই বিষয়ে সকলো জানি শুনিও কুম্ভকৰ্ণ নিদ্ৰাত সংশ্লিষ্ট বিভাগটো আছে বুলি ক্ষোভ উজাৰে সংগঠনটোৱে । সংগঠনটোৰ মতে ৬০% জুনিয়ৰ কলেজৰে নাই প্ৰয়োজনীয় নথি পত্ৰ ।

Intro:ৰাজ্যত কাঠফুলাৰ দৰে অনুমতিবিহীন ভাৱে গঢ়ি উঠিছে একাংশ জুনিয়ৰ কলেজ ।কিন্তু এই সমূহ জুনিয়ৰ কলেজৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰে মাধ্যমিক শিক্ষা সাংসদে । এই অভিযোগ কৃষক শ্ৰমিক উন্নয়ন পৰিষদৰ ।

Body:শুকুৰবাৰে দিচপুৰ প্ৰেছ ক্লাবত এক সংবাদমেল সম্বোধন কৰি এই এই গুৰতৰ অভিযোগ উত্থাপন কৰে সংগঠনটোৱে । তেওঁ লোকৰ অভিযোগ মাধ্যমিক শিক্ষা সংসদৰ অনুমতি অবিহনেই একাংশ চৰকাৰী মহাবিদ্যালয়ৰ লগত বুজাবুজি কৰি চলায় আছে এই ব্যৱসায় । যি তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে পোহৰলৈ আহিছে । কেৱল শিক্ষাৰ নামত ব্যৱসায় চলোৱাৰ উদ্দেশ্যেই ৰাজ্যৰ ভিন্ন প্ৰান্তত গঢ় লৈ উঠিছে এনে জুনিয়ৰ কলেজ । কিন্তু এই বিষয়ে সকলো জানি শুনিও কুম্ভকৰ্ণ নিদ্ৰাত সংশ্লিষ্ট বিভাগটো আছে বুলি ক্ষোভ উজাৰে । সংগঠনটোৰ মতে ৬০%জুনিয়ৰ কলেজৰে নাই প্ৰয়োজনীয় নথি পত্ৰ । সেয়ে তেওঁলোকে শিক্ষা বিভাগক সাত দিনৰ ভিতৰত সেই সমূহ বন্ধ কৰিবলৈ সময়সীমা বান্ধি দিছে ।অন্যথাই তেওঁ লোকে নিজেই ব্যৱস্থা গ্ৰহন কৰিব এনে জুনিয়ৰ কলেজৰ বিৰুদ্ধে ।

Conclusion:লিপিকা ডেকা, গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.