ETV Bharat / state

কমতাপুৰ স্বায়ত্ব পৰিষদ গঠনৰ স্বাৰ্থত একত্ৰিত হ'ল 19 টা সংগঠন

author img

By

Published : Jan 21, 2021, 8:59 PM IST

বৃহস্পতিবাৰে দিছপুৰ প্ৰেছ ক্লাৱত এক বিশেষ সংবাদমেল সম্বোধন কৰে কোচ ৰাজবংশীৰ 19 সংগঠনৰ নেতৃত্বই ৷ সংবাদমেলত কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ গঠনৰ স্বাৰ্থত কোচ ৰাজবংশীৰ 19 সংগঠন একত্ৰিত হোৱা কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে ৷

koch rajbangshi press meet
কমতাপুৰ স্বায়ত্ব পৰিষদ গঠনৰ স্বাৰ্থত একত্ৰিত হ'ল 19 টা সংগঠন

দিছপুৰ, 21 জানুৱাৰী : একত্ৰিত হ'ল কোচ ৰাজবংশীৰ 19 টা সংগঠন ৷ এই উপলক্ষে বৃহস্পতিবাৰে কোচ ৰাজবংশীৰ 19 টা সংগঠনৰ নেতৃত্বই দিছপুৰ প্ৰেছ ক্লাৱত এক সংবামেল সম্বোধন কৰে ৷

উক্ত সংবামেলতে সংগঠন কেইটাৰ নেতৃত্বই একত্ৰিত হোৱাৰ কথা আনষ্ঠানিকভাৱে ঘোষণা কৰে ৷ লগতে সংগঠন কেইটাৰ নেতৃত্বই কোচ ৰাজবংশী সকলৰ বাবে আজিৰ দিনটো ঐতিহাসিক দিন হিচাপে আখ্যা দিয়ে ৷ ইফালে, কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ গঠনৰ বাবে চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তকো বিপুল ভাৱে আদৰণি জনাই বৃহস্পতিবাৰে গঠন হোৱা কোচ ৰাজবংশীৰ যৌথ মঞ্চই ৷

সংবাদমেলত বিষয়াববীয়া সকলে কয়, কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদখন কোচ ৰাজবংশী জনগোষ্ঠীৰ সংগ্ৰামী সত্বাৰ লগত জড়িত থকা ব্যক্তিৰ দ্বাৰা গঠন কৰিব লাগে ৷ সেয়েহে কোচ ৰাজবংশীৰ আন আন সংগঠনকো স্বায়ত্ব পৰিষদ গঠনৰ স্বাৰ্থত একলগ হ'বলৈ সংবাদমেলত কোচ ৰাজবংশীৰ যৌথ মঞ্চই জনালে আহ্বান ৷

লগতে পঢ়ক: বিয়লি 5 বজাৰ দহটা গুৰুত্বপূৰ্ণ সংবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.