গুৱাহাটী, 8 ডিচেম্বৰ: কেন্দ্ৰই প্ৰৱৰ্তন কৰা তিনিখনকৈ কৃষি আইন বাতিল কৰাৰ দাবীত দেশজুৰি অব্যাহত আছে তীব্ৰ প্ৰতিবাদ ৷ কৃষি আইন বাতিলৰ দাবীৰে গণতান্ত্ৰিকভাৱে আন্দোলনত দিল্লীত নামি পৰিছে ২৫০ টাকৈ কৃষক সংগঠন ৷ যাৰ পৰিপ্ৰেক্ষিতত মঙলবাৰে কৃষি আইন বাতিলৰ দাবীৰে মহানগৰীৰ চান্দমাৰীত প্ৰতিবাদ সাব্যস্ত কৰিলে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৷
![কৃষি আইন বাতিলৰ দাবীৰে মহানগৰীত কৃষক মুক্তিৰ প্ৰতিবাদ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/9805798_image.jpg)
কেন্দ্ৰই প্ৰৱৰ্তন কৰা কৃষি আইনক কৃষকৰ পৰিপন্থী বুলি অভিহিক কৰি, ই পুঁজিপতি শ্ৰেণীকহে সহায় কৰিব বুলি অভিযোগ কৰে বিভিন্ন দল সংগঠনে ৷ মঙলবাৰে তিনিওখন কৃষি আইন প্ৰত্যাহাৰৰ দাবীত দেশৰ লগতে ৰাজ্যজুৰি ভিন্ন দল-সংগঠনৰ লগতে কৃষক সংগঠনসমূহেও ভাৰত বন্ধৰ পূৰ্ণ সমৰ্থন আগবঢ়ায় ৷ অভিন্ন নহ'ল কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মহানগৰ জিলা সমিতিও ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰতিকৃতি দাহ কৰি সংগঠনটোৱে চান্দমাৰীত সাব্যস্ত কৰিলে প্ৰতিবাদ ৷
লগতে পঢ়ক: আমগুৰিত ভাৰত বন্ধৰ পূৰ্ণ সমৰ্থন জনালে ঐক্য সেনা অসমে