গুৱাহাটী, 15 জানুৱাৰী : শুকুবাৰে পুৱা ভাগত অন্ত পৰিল কৃষক মুক্তি সংগ্ৰাম সমিতিৰ 48 ঘন্টীয়া অনশন কাৰ্যসূচীৰ ৷ জেষ্ঠ সাংবাদিক নিতুমনি শইকীয়া আৰু সাহিত্যিক তথা সাংবাদিক মাইনী মহন্তই ফলৰ ৰস খোৱাই ভংগ কৰে কৃষক মুক্তিৰ এই অনশন কাৰ্যসূচী ৷
উল্লেখ্য যে,13 জানুৱাৰী অৰ্থাৎ ভোগালীৰ উৰুকা দিনটোৰ পৰা কৃষক মক্তি আৰু ছাত্ৰ মুক্তিৰ নেতা ক্ৰমে ধৈৰ্য্য কোঁৱৰ,মানস কোঁৱৰ,বিতু সোণোৱালে ৰূপায়ণ কৰে এই অনশন কাৰ্যসূচী ৷ দোষী সাব্যস্ত নোহোৱাকৈ কাৰাৰুদ্ধ কৃষক নেতা তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ মুক্তিৰ দাবীত আৰু সংশোধিত নাগৰিকত্ব আইন 2019 বাতিলৰ দাবীত এই অনশন কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷
লগতে পঢ়ক : শান্তি চুক্তিত স্বাক্ষৰ কৰিবলৈ সাজু আলোচনাপন্থী আলফা নেতা ৰাজু বৰুৱা