গুৱাহাটী, 28 ছেপ্তেম্বৰ: গুৱাহাটী মহানগৰীৰ গান্ধীবস্তিস্থিত মুখ্য কাৰ্যালয়ত সোমবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এক সংবাদমেল সম্বোধন কৰি SI পৰীক্ষাৰ কেলেংকাৰী সন্দৰ্ভত মন্তব্য প্ৰদান কৰে ৷ SI পৰীক্ষাত হোৱা এই গাফিলতিৰ সমগ্ৰ তদন্ত চিবিআইক অৰ্পন কৰিবলৈ দাবী উত্থাপন কৰে কৃষক মুক্তিয়ে ৷ আনহাতে বিজেপিৰ ৰাজ্যিক কাৰ্যালয়, কেশৱ ধাম আৰু দিশপুৰৰ পৰা পৰীক্ষাত কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগ তুলিছে সংগঠনটোৰ সভাপতি ভাস্কো ডি শইকীয়াই ৷
সংবাদমেলত সভাপতি গৰাকীয়ে কয় যে, ‘‘বিজেপি-আৰ এছ এছৰ হস্তক্ষেপত SI পৰীক্ষাত কেলেংকাৰী সংঘটিত হৈছে ৷ গতিকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকো তদন্তৰ আঁওতালৈ আনিব লাগে ৷ কোনো কাৰণতে যাতে দোষী সাৰি যাব নোৱাৰে তাৰ বাবে কঠোৰৰ পৰা কঠোৰতম পদক্ষেপ গ্ৰহণ কৰিব লাগে ’’ ৷
ইয়াৰোপৰি সভাপতি ভাস্কো ডি শইকীয়াই সোণোৱাল চৰকাৰে কৃষক নেতা অখিল গগৈ আৰু তেওঁৰ পৰিয়ালক মানসিকভাৱে নিৰ্যাতন চলাই নিঃশেষ কৰাৰ ষড়যন্ত্ৰ চলাইছে বুলি উল্লেখ কৰে ৷ চৰকাৰৰ শেহতীয়া নীতিক কঠোৰ সমালোচনা কৰি সভাপতি গৰাকীয়ে নতুন ৰাজনৈতিক দলৰ কাম পূৰ্ণগতিত চলি থকা বুলি সংবাদমেলযোগে জানিবলৈ দিয়ে ৷
লগতে পঢ়ক: সোণোৱাল চৰকাৰৰ বিৰুদ্ধে সৰৱ দুৰ্নীতি বিৰোধী যুৱ শক্তি