ETV Bharat / state

হিমন্ত বিশ্বৰ সৎ সাহস নাই বাবে আলোচনাত KMSSক নামাতিলে: অখিল গগৈ - আমছু

শনিবাৰে কৃষক নেতা অখিল গগৈয়ে সম্বোধন কৰে এখন সংবাদ মেল ৷ সংবাদ মেলত CABৰ বিৰোধিতা,CAB সন্দৰ্ভত AASU,আমছুৰ গৃহমন্ত্ৰীৰ লগত আলোচনা সন্দৰ্ভত ভিন্ন মন্তব্য কৃষক নেতাগৰাকীৰ

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সংবাদমেল
কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সংবাদমেল
author img

By

Published : Nov 30, 2019, 5:03 PM IST

গুৱাহাটী, 30 নৱেম্বৰ: " সাংবিধানিক ৰক্ষা কবচৰ নামত যদি AASU য়ে দিল্লীৰ কথা মানি আহে তেন্তে অসমৰ ৰাইজে কেতিয়াও AASU সমৰ্থন নকৰিব" শনিবাৰে গান্ধী বস্তিৰ কার্যালয়ত এখন সংবাদ মেল সম্বোধন কৰি এই মন্তব্য কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈয়ে ৷ CAB সন্দৰ্ভত দিল্লীত গৃহমন্ত্ৰীৰ লগত হোৱা আলোচনাত কৃষক মুক্তি সংগ্ৰাম সমিতিক আমন্ত্ৰণ নকৰাৰ ক্ষেত্ৰত হিমন্ত বিশ্ব আৰু বিজেপিৰ সৎ সাহস নাই বুলিয়ো মন্তব্য কৰে অখিল গগৈয়ে।

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সংবাদমেল

আনহাতে এসময়ত আমছুক হিমন্ত বিশ্ব শৰ্মাই বাংলাদেশী সংগঠন বুলি আখ্যা দিছিল কিন্তু এতিয়া অমিত শ্বাহৰ সৈতে হোৱা আলোচনাৰ বাবে আমছুক কিয় মাতিলে বুলি হিমন্ত বিশ্ব শৰ্মালৈ মুকলি প্ৰশ্ন কৰে অখিল গগৈয়ে। ইয়াৰোপৰি উক্ত সংবাদমেলত শেষতীয়াকৈ বিশ্বজিৎ দৈমাৰীয়ে কৰা মন্তব্যক সমালোচনা কৰে কৃষক নেতাগৰাকীয়ে। লগতে Inner line permit থকা ৰাজ্য সমূহত নাগৰিকত্ব সংশোধনী বিধেয়ক প্রযোজ্য নহয় বুলি কেন্দ্ৰই টোপ দিয়া বুলিয়ো অখিল গগৈয়ে সংবাদ মেলখনত কয় ৷

লগতে পঢ়ক: ই টি ভি ভাৰত EXCLUSIVE : কয়লা-চুপাৰিৰ পিছত এইবাৰ "হজ"ৰ নামত ছিণ্ডিকেট!

অসম চুক্তিৰ 6 নং দফাত সামাজিক,অৰ্থনৈতিক,সাংস্কৃতিক সুৰক্ষাৰ কথা হে লিখা আছে ৰাজনৈতিক বা আন আন সুৰক্ষাৰ কথা লিখা নাই। গতিকে অসম চুক্তিৰ 5 নং দফা বাদ দি 6 নং দফা মানি লোৱা নহ'ব বুলি স্পষ্ট কৰে কৃষক নেতা অখিল গগৈয়ে। CAB যদিহে গৃহীত হয় তেন্তে ভাৰতীয় সংবিধানৰ 14,25 অনুচ্ছেদক অৱমাননা কৰা হ'ব। গতিকে সংবিধান বিৰোধী এই CAB কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কেতিয়াও মানি নলয় দৰকাৰ হ'লে গুলি খাই মৃত্যুবৰণ কৰাৰ হুংকাৰ দিয়ে অখিল গগৈয়ে।

Intro: কৃষক মুক্তি সংগ্ৰাম সমিতিৰ গান্ধী বস্তিৰ কার্যলয়ত অখিল গগৈৰ সংবাদমেল। শেষতীয়াকৈ বিশ্বজিৎ দৈমাৰীয়ে কৰা মন্তব্যক সমালোচনা অখিল গগৈৰ । দল সংগঠনক লৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে আলোচনাত মিলিত হোৱাৰ পিছতে CAB লৈ এতিয়া ৰাজনৈতিক মহলত বিভিন্ন দল সংগঠন, আৰু লোকে মন্তব্য প্ৰকাশ কৰিছে। অখিল গগৈয়ে সংবাদমাধ্যমক স্পষ্ট ৰূপত জানিবলৈ দিছে যে inner line permit thoka ৰাজ্য সমূহক নাগৰিকত্ব সংশোধনী বিধেয়ক প্রযোজ্য নহয় বুলি কেন্দ্ৰই টোপ দিছে।

Body:অসমচুক্তিৰ 6 নং দফাত সামাজিক ,অৰ্থনৈতিক , সাংস্কৃতিক সুৰক্ষাৰ কথা হে লিখা আছে ৰাজনৈতিক বা আন আন সুৰক্ষাৰ কথা লিখা নাই। গতিকে অসম চুক্তিৰ 5 নং দফা বাদ দি 6 নং দফা মানি লোৱা নহব বুলি স্পষ্ট কৰে অখিল গগৈয়ে। সাংবিধানিক ৰক্ষা কৱচৰ নামত যদি AASU য়ে দিল্লীৰ কথা মানি আহে তেন্তে কেতিয়াও অসমৰ ৰাইজে AASU সমৰ্থন নকৰিব । হিমন্ত বিশ্ব শৰ্মাই অসম বিধান সভাত অসমৰ কিছু ভুৱা তথ্য দাখিল কৰিব এই বক্তব্য অখিল গগৈৰ। সৎ সাহস হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ নাই বাবে আলোচনাৰ বাবে কৃষক মুক্তিক মাতি নপঠালে বুলি কলে অখিল গগৈয়ে। এসময়ত আমছু নামৰ সংগঠন টোক হিমন্ত বিশ্ব শৰ্মাই বাংলাদেশী সংগঠন আখ্যা দিছিল কিন্তু এতিয়া অমিত শ্বাহৰ সৈতে হোৱা আলোচনাৰ বাবে কিয় মাতিলে এই মুকলি প্ৰশ্ন অখিল গগৈৰ। প্ৰতাপী নৰেন্দ্ৰ মোডীয়ে বাংলাদেশ, পাকিস্তান, আফগানিস্তানত শোষিত হৈ থকা হিন্দু সকলক কূটনৈতিক আৰু শক্তি প্ৰদর্শনেৰে আনুগত্য স্বীকাৰ কৰাওক দৰকাৰ হলে এই মন্ত্যব্য অখিল গগৈৰ।

Conclusion:অখিল গগৈয়ে স্পষ্ট ভাষাত কয় যে কেব যদি গৃহীত হয় তেন্তে ভাৰতীয় সংবিধানৰ 14, 25 অনুচ্ছেদক অৱমাননা কৰা হব। গতিকে সংবিধান বিৰোধী এই কেব কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কেতিয়াও মানি নলয় দৰকাৰ হলে গুলি খাই মৃত্যুবৰণ কৰাৰ হুংকাৰ অখিল গগৈৰ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.