ETV Bharat / state

"অখিল গগৈক কাৰাগাৰৰ ভিতৰত মাৰি পেলাব বিজেপি চৰকাৰে"- হুছেইন মহম্মদ ছাজাহান

কেন্দ্ৰীয় কাৰাগাৰত গুৰুতৰভাৱে অসুস্থ কৃষক নেতা অখিল গগৈ । প্ৰচণ্ড জৰ,পেটৰ বিষ আৰু কঁকালৰ বিষত আক্ৰান্ত অখিল গগৈক বিজেপি চৰকাৰে কাৰাগাৰাৰ ভিতৰতে হত্যা কৰাৰ ষড়যন্ত্ৰ কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা হুছেইন মহম্মদ ছাজাহানে ৷

author img

By

Published : Mar 2, 2020, 7:48 PM IST

অখিল গগৈ
অসুস্থ অখিল গগৈ

গুৱাহাটী, 2 মাৰ্চঃ গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত কাৰাবন্ধী হৈ থকা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য উপদেষ্টা অখিল গগৈ গুৰুতৰভাবে অসুস্থ । প্ৰচণ্ড জৰ,পেটৰ বিষ আৰু কঁকালৰ বিষত আক্ৰান্ত অখিল গগৈ পৰি আছে কাৰাগাৰৰ কোঠাত। সোমবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেইবাগৰাকী নেতাই অখিল গগৈক কাৰাগাৰত সাক্ষাৎ কৰিবলৈ গৈছিল যদিও অসুস্থ অখিল গগৈক ল'গ কৰিব নোৱাৰিলে সতীৰ্থসকলে । অখিলক কাৰাগাৰত ল'গ কৰিবলৈ যোৱা সতীৰ্থ সকলক অখিলৰ অসুস্থতাৰ খবৰ দিয়ে কাৰাবন্ধী হৈ থকা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অন্যান্য নেতা সকলে ।

"অখিল গগৈক কাৰাগাৰৰ ভিতৰত মাৰি পেলাব বিজেপি চৰকাৰে"- হুছেইন মহম্মদ ছাজাহান

কাৰাবন্ধী অখিলৰ অসুস্থতা সদৰ্ভত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা হুছেইন মহম্মদ ছাজাহানে কয়, "বিজেপি চৰকাৰৰ মন্ত্ৰী সকলে অখিল গগৈক কাৰাগাৰৰ ভিতৰতে হত্যা কৰাৰ ষড়যন্ত্ৰ কৰিছে । অখিল গুৰুতৰভাৱে অসুস্থ, অখিলক উপযুক্ত চিকিৎসাৰ প্ৰয়োজন যদিও বিজেপি চৰকাৰে অখিলক প্ৰদান কৰা নাই উপযুক্ত চিকিৎসা৷"

কিছুদিন পূৰ্বে অখিলক চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰা হৈছিল যদিও অখিলক নামমাত্ৰ চিকিৎসা প্ৰদান কৰি পুনৰ কাৰাগাৰলৈ নিয়া হয় বুলি অভিযোগ উত্থাপন কৰে হুছেইন মহম্মদ ছাজাহানে । অখিল গগৈক পুনৰ চিকিৎসালয়ত ভৰ্তি কৰাৰ প্ৰয়োজন বুলিও মন্তব্য কৰে ছাজাহানে । কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা গৰাকীয়ে চৰকাৰক শীঘ্ৰে অখিল গগৈক উন্নত চিকিৎসা প্ৰদানৰ দাবী জনাই, অন্যথা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলিও হুংকাৰ দিয়ে হুছেইন মহম্মদ ছাজাহানে ।

উল্লেখ্য যে, নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ অন্যতম নেতা অখিল গগৈক মাওবাদীৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল ।

আৰু পঢ়কঃ গো-মূত্ৰৰে কেঞ্চাৰ আৰু কৰ'ণা ভাইৰাচ প্ৰতিকাৰৰ উপায় দিলে সুমন হৰিপ্ৰিয়াই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.