ETV Bharat / state

হৰ্ছ ট্ৰেডিঙৰ আশংকা নুই কৰিব নোৱাৰি: খাম্ফা বৰগয়াৰী

author img

By

Published : Apr 13, 2021, 9:25 PM IST

আমাৰ প্ৰাৰ্থীক বিজেপিয়ে ক্ৰয় কৰিব নোৱাৰে । আমাৰ প্ৰাৰ্থীৰ দলৰ প্ৰতি তথা ৰাইজৰ প্ৰতি কমিটমেণ্ট আছে ৷ এই বুলি মন্তব্য কৰে বি পি এফৰ নেতা খাম্ফা বৰগয়াৰীয়ে ৷

হৰ্ছ ট্ৰেডিঙৰ আশংকা নুই কৰিব নোৱাৰি: খাম্ফা বৰগয়াৰী
হৰ্ছ ট্ৰেডিঙৰ আশংকা নুই কৰিব নোৱাৰি: খাম্ফা বৰগয়াৰী

গুৱাহাটী,১৩ এপ্ৰিল: হৰ্ছ ট্ৰেডিঙৰ আশংকাৰ পৰা মুক্ত হোৱা নাই বি পি এফ দল । কংগ্ৰেছ নেতৃত্বৰ মহাজোঁটৰ অংশীদাৰ দল বি পি এফৰ নেতা খাম্ফা বৰগয়াৰীয়ে মঙলবাৰে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে যে, হৰ্ছ ট্ৰেডিঙৰ আশংকা নুই কৰিব নোৱাৰি । ইফালে বিজেপিৰ পূৰ্বৰ ৰেকৰ্ড চালে সেই কথা সহজতে জানিব পৰা যায় বুলি তেওঁ বিজেপিক কটাক্ষ কৰে ।

উল্লেখ্য যে, মহাজোঁটৰ অংশীদাৰ এআইইউডিএফ দলে ইতিমধ্যে তেওঁলোকৰ প্ৰাৰ্থীসকলক ৰাজস্থানৰ আজমেৰৰ এখন বিলাসী হোটেলত ৰাখিছে । বি পি এফ দলেও তেওঁলোকৰ প্ৰাৰ্থীসকলক হৰ্ছ ট্ৰেডিঙৰ আশংকাত বাহিৰলৈ প্ৰেৰণ কৰা বুলি চৰ্চা হৈছে ।

এই সন্দৰ্ভত বি পি এফৰ নেতা খাম্ফা বৰগয়াৰীয়ে কয় যে, ‘আমাৰ কোনো প্ৰাৰ্থীক লুকুৱাই ৰখা হোৱা নাই । ৯ মাহৰ ব্যস্ততাপূৰ্ণ পৰিষদীয় নিৰ্বাচনৰ পাছত আমাৰ পৰিষদৰ সদস্য সকলে কিছু অৱসৰ বিনোদনৰ বাবে বাহিৰত যাব বিচাৰিছিল । তেওঁলোকৰ লগত আমাৰ বিধানসভা নিৰ্বাচনত অবতীৰ্ণ হোৱা চাৰি-পাঁচজন প্ৰাৰ্থীও গৈছে । তেওঁলোক ভয় খাই লুকাই থকা নাই । কিছু ছিংগাপুৰ গৈছে । মুঠ ১৩ জন গৈছে আৰু ইয়াৰ ভিতৰত চাৰি-পাঁচজন প্ৰাৰ্থী আছে । তেওঁলোক দুই-এদিনতে ঘূৰি আহিব । হৰ্ছ ট্ৰেডিঙৰ ভয়ত যোৱা নাই । আমাৰ প্ৰাৰ্থীক বিজেপিয়ে ক্ৰয় কৰিব নোৱাৰে । আমাৰ প্ৰাৰ্থীৰ দলৰ প্ৰতি তথা ৰাইজৰ প্ৰতি কমিটমেণ্ট আছে । তামুলপুৰৰ আমাৰ প্ৰাৰ্থীক বিজেপিয়ে লৈ গৈছে যদিও ৰাইজে আমাকে ভোট দিছে । পাছত দেখা যাব এণ্টিডিফেকচন ল' তাত কেনেকৈ আহে ।'

উল্লেখ যে, হৰ্ছ ট্ৰেডিঙে যে এতিয়া মহাজোঁটৰ নিদ্ৰা হৰণ কৰিছে সেয়া সেই কথা নুই কৰিব নোৱাৰি ৷

লগতে পঢ়ক: গুৱাহাটী প্ৰেছ ক্লাবত সাংবাদিকক বিতৰণ মাস্ক-ফেছ শ্বিল্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.