ETV Bharat / state

Assam Govt cabinet decisions: সাগৰমালাত অন্তৰ্ভুক্ত গুৱাহাটীৰ ব্ৰহ্মপুত্ৰৰ সমীপৰ পাঁচ তীৰ্থস্থান - Smart meter connection in Assam

বৃহস্পতিবাৰে জনতা ভৱনত অনুষ্ঠিত হয় হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কেবিনেট বৈঠক ৷ পৰ্যটন, শিক্ষা, শক্তি আদি কেইবাটাও বিভাগৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় কেবিনেটত ৷ কেবিনেটৰ সিদ্ধান্ত সমূহ সংবাদ মাধ্যমক অৱগত কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই (Assam Govt cabinet decisions) ৷

Assam Govt cabinet decisions
অসম চৰকাৰ কেবিনেটৰ সিদ্ধান্ত সমূহ
author img

By

Published : Jan 12, 2023, 5:16 PM IST

অসম চৰকাৰ কেবিনেটৰ সিদ্ধান্ত সমূহ

গুৱাহাটী, ১২ জানুৱাৰী: মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত বৃহস্পতিবাৰে জনতা ভৱনত অনুষ্ঠিত ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধ‍ান্ত গ্ৰহণ কৰা হয় (Assam Govt cabinet decisions) । বৈঠকৰ অন্তত কেবিনেটৰ সিদ্ধান্তসমূহ সংবাদমেল যোগে অৱগত কৰে মন্ত্রী জয়ন্ত মল্ল বৰুৱাই । আজিৰ কেবিনেটত ৰাজ্যৰ পৰ্যটন ক্ষেত্রৰ বাবে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

সাগৰমালা আঁচনিৰ অধীনত গুৱাহাটীত ব্ৰহ্মপুত্রৰ সমীপত থকা পাঁচটা মন্দিৰ তথা তীৰ্থক্ষেত্রক ৰিভাৰ ক্ৰুজৰ দ্বাৰা সামৰি লোৱা হ'ব । কামাখ্যা, উমানন্দ, অশ্বক্লান্ত, দৌল গোবিন্দ আৰু পাণ্ডুৰ মন্দিৰক সামৰি ফেৰী চলাচল কৰিব (Sagar Mala scheme in Assam) । পৰ্যটকে ৰিভাৰ ক্ৰুজৰ যোগেদি এই পাঁচটা তীৰ্থস্থান ভ্ৰমণ কৰিব পাৰিব । আনহাতে কামাখ্যালৈ যোৱাৰ বাবে ফেৰীঘাটৰ পৰা লিফ্ট সদৃশ উইংচৰ ব্যৱস্থা থাকিব । এই আঁচনিৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৫৫ শতাংশ আৰু অসম চৰকাৰে ৪৫ শতাংশ ব্যয় বহন কৰিব । ৰাজ্যৰ পৰ্যটন ক্ষেত্রৰ বাবে এই আঁচনি ডাঙৰ সংযোগ (Key decisions taken by Assam cabinet) ।

আনহাতে, আজিৰ কেবিনেটে স্কিল তথা কাৰিকৰী শিক্ষাৰ ক্ষেত্রত উল্লেখযোগ্য সিদ্ধান্ত গ্ৰহণ কৰে । আই টি আইত অধ্যয়ন কৰা শিক্ষাৰ্থীৰ বাবে ভাল খবৰ লৈ আহিছে আজিৰ কেবিনেটে । আই টি আইৰ পাঠ্যক্ৰমক বিদ্যায়তনিক পাঠ্যক্ৰমৰ সমপৰ্যায়ৰ কৰা হৈছে । ইয়াৰ বাবে আই টি আইৰ পাঠ্যক্ৰমত বিদ্যায়তনিক আন কেতবোৰ পাঠ্যক্ৰমৰ সংযোজন কৰা হ'ব ।

সেই অনুসৰি, অষ্টম শ্ৰেণী উত্তীৰ্ণ হৈ আই টি আইত অধ্যয়ন কৰা শিক্ষাৰ্থীসকল দশম মানৰ সমপৰ্যায়ৰ হ'ব । সেইদৰে দশম শ্ৰেণী উত্তীৰ্ণ হৈ আই টি আইত অধ্যয়ন কৰা শিক্ষাৰ্থী দ্বাদশৰ সমপৰ্যায়ৰ হ'ব । পৰৱৰ্তী সময়ত চৰকাৰে 'ছেবা' আৰু 'কাউন্সিল'ৰ দৰে কাৰিকৰী শিক্ষাৰ বাবে পৃথক ব’ৰ্ড গঠন কৰিব । আই টি আই সমূহক বিদ্যালয়ৰ মৰ্যাদা দিয়া হ'ব (Separate board for Technical Education) ।

সেইদৰে কেবিনেটে ঢেকিয়াজুলিৰ বৰচলাত ৫০ মেগাৱাটৰ সৌৰ পাৰ্ক কৰাৰ বাবে অনুমোদন জনায় (Mega Solar park at Dhekiajuli)। বৰচলাৰ উচ্ছেদিত স্থানত হ'ব এই সৌৰ পাৰ্ক । আজিৰ কেবিনেটে ৪৪ লাখ লোকৰ ঘৰত ৪৬৬২ কোটি টকা ব্যয় সাপেক্ষে স্মাৰ্ট মিটাৰ লগোৱাৰ বাবে অনুমোদন জনায় (Smart meter connection in Assam) । ইয়াৰ ফলত ৫ হাজাৰ টেকনিচিয়ান আৰু ২ হাজাৰ ৰিচাৰ্জ এজেণ্টৰ প্ৰয়োজন হ'ব ।

আনহাতে আজিৰ কেবিনেটে কন্ট্ৰ’লাৰ অৱ লিগেল মেট্ৰল'জি বিভাগক খাদ্য আৰু অসমাৰিক যোগান বিভাগৰ সৈতে চামিল কৰে । সেইদৰে কেবিনেটে এন ডি আৰ এফৰ কেম্পাচৰ বাবে হাজোৰ সোণপাৰা পৰ্বতত ২২৭ বিঘা ভূমি আৱণ্টন দিয়াৰ বাবে অনুমোদন জনায় । মিছন বসুন্ধৰা-২ ৰ ক্ষেত্রতো কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হয় । বসুন্ধৰা-২ ত আবেদন কৰাৰ সময়সীমা ১০ জানুৱাৰীৰ পৰা ৩১ মাৰ্চলৈ বৃদ্ধি কৰা হৈছে (Mission Basundhora in Assam) ।

আনহাতে থানাৰ পৰিদৰ্শক পৰ্যায়ৰ ভাৰপ্ৰাপ্ত বিষয়াৰ বদলিকৰণৰ ক্ষেত্রত আজিৰ কেবিনেটে আৰক্ষী অধীক্ষকসকলক ক্ষমতা প্ৰদান কৰে । পূৰ্বতে আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্যালয়ৰ পৰা থানাৰ ভাৰপ্ৰাপ্ত বিষয়াসকলৰ বদলিকৰণ হৈছিল । এতিয়াৰে পৰা সংশ্লিষ্ট জিলাৰ ভিতৰত বদলিকৰণৰ ক্ষেত্রত জিলাখনৰ আৰক্ষী অধীক্ষকে থানাৰ ভাৰপ্ৰাপ্ত বিষয়াসকলৰ বদলিকৰণ কৰিব পাৰিব ।

লগতে পঢ়ক: Major reshuffle in Assam Police: অসম আৰক্ষীৰ শীৰ্ষ মহলত পদোন্নতিৰ লগতে ব্যাপক ৰদবদল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.