ETV Bharat / state

গুৱাহাটীত ৰাজ্যিক পৰ্যায়ৰ তৃতীয় স্বাস্থ্য মন্থন

author img

By

Published : Sep 28, 2022, 6:55 AM IST

Updated : Sep 28, 2022, 2:19 PM IST

অসমত মাতৃ আৰু শিশু স্বাস্থ্য সেৱা উন্নীতকৰণত গুৰুত্ব আৰোপ ৰাজ্য চৰকাৰৰ । গুৱাহাটীত এন এইচ এমৰ দুদিনীয়া স্বাস্থ্য মন্থন কাৰ্যসূচীত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই (Health Minister Keshab Mahanta) এই বিষয়ে সদৰি কৰিছে । তেওঁ কয় যে অসমত প্ৰসূতি আৰু নৱজাতক শিশুৰ মৃত্যুৰ হাৰ আৰু অধিক হ্ৰাসকৰণত বিশেষ গুৰুত্ব প্ৰদান কৰিছে ৰাজ্য চৰকাৰে।

Discussion on mother and child health
গুৱাহাটীত ৰাজ্যিক পৰ্যায়ৰ তৃতীয় স্বাস্থ্য মন্থন

গুৱাহাটী, ২৮ছেপ্টেম্বৰ: অসমত মাতৃ আৰু শিশু স্বাস্থ্য সেৱাৰ মান উন্নীতকৰণত বিশেষ গুৰুত্ব প্ৰদান কৰিছে ৰাজ্য চৰকাৰে । ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান (National Health Mission Assam) অসমৰ উদ্যোগত গুৱাহাটীত আয়োজিত ৰাজ্যিক পৰ্যায়ৰ 'তৃতীয় স্বাস্থ্য মন্থন'(third health churning in Guwahati) শীৰ্ষক দুদিনীয়া কৰ্মশালাৰ মঙলবাৰে প্ৰথম দিনাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্তই (Health Minister Keshab Mahanta)এইদৰে মন্তব্য় আগবঢ়ায় ।

ৰাজ্যখনত প্ৰসূতি-মাতৃ আৰু নৱজাতক শিশুৰ স্বাস্থ্য সেৱা বিষয়ক গুৰুত্বপূৰ্ণ দিশসমূহৰ পৰ্যালোচনাৰ লগতে জিলাসমূহত মাতৃ তথা শিশু স্বাস্থ্যসেৱা ব্যৱস্থাপনাৰে জড়িত চিকিৎসা-প্ৰশাসক, স্ত্ৰীৰোগ বিশেষজ্ঞ আদিৰ সৈতে এই বিষয়ত অভিৰোচনৰ উদ্দেশ্যে খানাপাৰাৰ অসম প্ৰশাসনিক পদাধিকাৰীৰ মহাবিদ্যালয়ত ২৭ আৰু ২৮ ছেপ্টেম্বৰত এই কৰ্মশালা তথা অভিৰোচন শিবিৰৰ (Discussion on mother and child health)আয়োজন কৰা হয় । পিৰামল ফাউণ্ডেচনৰ (Piramal Foundation) সহযোগত আয়োজিত এই ৰাজ্যিক পৰ্যায়ৰ মাতৃ তথা শিশু স্বাস্থ্য সেৱা পৰ্যালোচনা শিবিৰত অসামৰিক চিকিৎসালয়সমূহৰ স্ত্ৰীৰোগ বিশেষজ্ঞ, জিলাসমূহৰ যুটীয়া স্বাস্থ্যসেৱা সঞ্চালক, জিলা চিকিৎসালয়সমূহৰ অধীক্ষক, প্ৰথম প্ৰেৰক গোট (এফ আৰ ইউ) সমূহৰ উপ-অধীক্ষকসকল আৰু এন এইচ এমৰ জিলা কাৰ্যসূচী প্ৰবন্ধকসকলে অংশগ্ৰহণ কৰে ।

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ ৰাজ্যিক অভিযান সঞ্চালক(Director of State Mission NHM),স্বাস্থ্যসেৱা সঞ্চালক ডাঃ এম এছ লক্ষ্মী প্ৰিয়াৰ (Director of Health Services Dr M S Lakshmi Priya) লগতে পিৰামল ফাউণ্ডেচনৰ কাৰ্যবাহীয়েও অংশগ্ৰহণ কৰা প্ৰথম দিনাৰ কাৰ্যসূচীত ভাগ লৈ স্বাস্থ্যমন্ত্ৰী মহন্তই কয় যে মাতৃ আৰু শিশুৰ স্বাস্থ্যৰ ওপৰত ৰাজ্য তথা দেশৰ বিকাশ বহুখিনি নিৰ্ভৰ কৰে । সেয়ে অসমতো প্ৰসূতি আৰু নৱজাতক শিশুৰ মৃত্যুৰ হাৰ আৰু অধিক হ্ৰাসকৰণত ৰাজ্য চৰকাৰে জোৰ দিয়া বুলি তেওঁ দোহাৰে । জিলাসমূহত মাতৃ আৰু শিশু স্বাস্থ্যসেৱাৰে জড়িত স্বাস্থ্যবিষয়া, স্ত্ৰীৰোগ বিশেষজ্ঞকে ধৰি বিভাগৰ প্ৰতিগৰাকী বিষয়া-কৰ্মচাৰীকে এই দিশত অধিক সক্ৰিয়তা আৰু দায়বদ্ধতাৰে নিজৰ দায়িত্ব চম্ভালিবলৈ মন্ত্ৰীগৰাকীয়ে আহ্বান জনায় ।

উল্লেখ্য যে দুদিনীয়া কৰ্মশালা তথা অভিৰোচন শিবিৰত প্ৰসূতিৰ চিকিৎসা, নৱজাতক আৰু প্ৰসূতি মৃত্যুৰ হাৰ হ্ৰাসকৰণকে ধৰি মাতৃ তথা শিশু স্বাস্থ্য বিষয়ক গুৰুত্বপূৰ্ণ দিশসমূহৰ ক্ষেত্ৰত ল'ব লগীয়া কাৰ্যব্যৱস্থা সন্দৰ্ভত বিষদ ভাৱে আলোচনা কৰা হৈছে । জিলা তথা মহকুমা চিকিৎসালয়, এফ আৰ ইউকে ধৰি চৰকাৰী চিকিৎসালয়সমূহত উপলব্ধ মাতৃ তথা শিশুস্বাস্থ্য সেৱাৰ সা-সুবিধা আৰু ব্যৱস্থাৱলীসমূহৰ বিষয়েও এই শিবিৰত পুংখানুপুংখভাৱে চৰ্চা কৰা হৈছে ।

এই মন্থন শিবিৰৰ আলোচনাৰ সিদ্ধান্তসমূহে আগন্তুক দিনৰ কৰ্মপৰিকল্পনা নিৰূপণত সহায় কৰিব বুলি আশা কৰা হৈছে । প্ৰথম দিনাৰ কাৰ্যসূচীৰ অংশ হিচাপে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে জিলাস্তৰত মাতৃ আৰু শিশু স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত পাৰদৰ্শিতা দেখুওৱা স্বাস্থ্যকৰ্মীসকলক সম্বৰ্ধনা জনাই সেৱাৰ স্বীকৃতি পত্ৰ প্ৰদান কৰে । যোৱা সপ্তাহত ৰাজ্যজুৰি সম্পন্ন হোৱা 'স্বাস্থ্য সেৱা অভিযান' শীৰ্ষক বিশেষ স্বাস্থ্যসেৱা শিবিৰ সন্দৰ্ভত এন এইচ এমে যুগুতোৱা এখন প্ৰতিবেদনো উক্ত অনুষ্ঠানতে স্বাস্থ্যমন্ত্ৰী মহন্তই মুকলি কৰে ।

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ বিভিন্ন মহত্বপূৰ্ণ কাৰ্যসূচী-আঁচনিৰ কাৰ্যৰূপায়নৰ ক্ষেত্ৰত উল্লেখনীয় সেৱা আগবঢ়োৱা এন এইচ এম,অসমৰ স্বাস্থ্যসেৱা ব্যৱস্থাপনা প্ৰবন্ধক ডাঃ ৰাহুল দেৱ চক্ৰৱৰ্তী, স্বাস্থ্য প্ৰণালী বিষয়া (World Health Organization India) ডাঃ বিৰাজ কান্তি সোম আৰু মাতৃ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী তনশ্ৰী পাঠকক অনুষ্ঠানত এন এইচ এম, অসমৰ শ্ৰেষ্ঠ কৰ্মচাৰীৰ বঁটা প্ৰদান (Assams Best Employee Award in Guwahati ) কৰে বিভাগীয় মন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক:পাঁচ কোটি পালি ক’ভিড প্ৰতিষেধক প্ৰদানৰ অভিলেখ অসমৰ

Last Updated : Sep 28, 2022, 2:19 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.