ETV Bharat / state

Shivnath Barman health update: ড৹ শিবনাথ বর্মনৰ স্বাস্থ্যৰ সামান্য উন্নতি - ছগনলাল জৈন বঁটা

বিশিষ্ট শিক্ষাবিদ, লেখক, সাংবাদিক ড৹ শিবনাথ বর্মনৰ স্বাস্থ্যৰ সামান্য উন্নতি হৈছে (Health condition of Shivnath Barman improved)। গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত সংকটজনক অৱস্থাত ড৹ বৰ্মনক যোৱা ১০ জুলাইত আই চি ইউত ভৰ্তি কৰা হৈছিল । স্বাস্থ্য় মন্ত্ৰী কেশৱ মহন্তই ড৹ বৰ্মনৰ স্বাস্থ্য়ৰ বুজ লোৱাৰ লগতে আশুআৰোগ্য কামনা কৰিছে ।

Health condition of Shivnath Barman improved
ড০শিবনাথ বর্মনৰ স্বাস্থ্যৰ সামান্য উন্নতি
author img

By

Published : Jul 27, 2022, 6:38 PM IST

গুৱাহাটী, ২৭ জুলাই: বিশিষ্ট শিক্ষাবিদ, লেখক, সাংবাদিক ড৹ শিবনাথ বর্মনৰ স্বাস্থ্যৰ সামান্য উন্নতি হৈছে (Health condition of Shivnath Barman improved)।গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত সংকটজনক অৱস্থাত ড৹ বৰ্মনক যোৱা ১০ জুলাইত আই চি ইউত ভৰ্তি কৰা হৈছিল । তেওঁৰ ভেণ্টিলেটৰ খুলি দিয়াৰ পাছত এতিয়া কেবিনত ৰখা হৈছে ।

তেওঁ মধুমেহ, বৃক্কৰ ৰোগৰ লগতে হৃদৰোগতো আক্ৰান্ত হোৱা বুলি চিকিৎসকে সদৰি কৰিছে । তেওঁক হাস্পতালখনৰ বিশেষজ্ঞ চিকিৎসকৰ জৰিয়তে চিকিৎসা সেৱা আগবঢ়াই থকা হৈছে । চিকিৎসকে সদৰি কৰা মতে, বৰ্তমান তেওঁৰ স্বাস্থ্যৰ সামান্য উন্নতি হৈছে যদিও কিছুদিন হাস্পতালত থাকিব লাগিব । উল্লেখ্য যে, আৰ্য মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞানৰ অধ্যাপক পদৰ পৰা অৱসৰ গ্ৰহণ কৰা ড৹ বৰ্মনৰ অসমীয়া সাহিত্যলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ ভিতৰত ‘শ্ৰীমন্ত শংকৰদেৱ: কৃতি আৰু কৃতিত্ব',‘অসমৰ জনজাতি সমস্যা’, ‘অসমীয়া জীৱনী অভিধান’,‘ভাৰতীয় চিন্তা’ ‘ক্ষুদ্রতম কণাৰ সন্ধানত’ আদি অন্যতম ।

কিছুদিন পূৰ্বে বৰেণ্য সাহিত্যিকগৰাকীক প্ৰদান কৰা হয় ‘ভাষাৰ ওজা’ সন্মান । এই বছৰৰ আৰম্ভণিতে ড° বৰ্মনক প্ৰদান কৰা হৈছে অসম সাহিত্য সভাৰ ‘ছগনলাল জৈন বঁটা’ ।

তেওঁৰ আশু আৰোগ্য কামনা কৰিছে অসংখ্য শিষ্য, অনুৰাগী আৰু শুভাকাংক্ষীয়ে । আনহাতে, মঙলবাৰে আবেলি গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত স্বাস্থ্য় মন্ত্ৰী কেশৱ মহন্তই ড৹ শিৱনাথ বৰ্মনৰ স্বাস্থ্য়ৰ বুজ লোৱাৰ লগতে তেওঁৰ আশু আৰোগ্য কামনা কৰে (Minister Kesab Mahanta observed health condition of Shivnath Barman) ।

লগতে পঢ়ক:Population Control Bill: জনসংখ্যা নিয়ন্ত্ৰণ বিধেয়কৰ ক্ষেত্ৰত অসম এক উদাহৰণ হোৱা উচিত: ডঃ হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.