গুৱাহাটী, 26 ডিচেম্বৰ : মুকলি হ’ল ‘Swagatam’ অনলাইন পৰ্টেল ৷ ‘সু-শাসন’ সপ্তাহৰ লগত সংগতি ৰাখি বৃহস্পতিবাৰে কামৰূপ মহানগৰ জিলা প্ৰশাসনে জনসাধাৰণৰ সুবিধাৰ বাবে আৰম্ভ কৰিছে ‘Swagatam’ নামৰ এক অনলাইন পৰ্টেল (Launched the swagatam visitor management portal) । এতিয়াৰে পৰা মহানগৰ জিলা উপায়ুক্ত তথা অতিৰিক্ত উপায়ুক্ত ওচৰত কোনো ব্যক্তিৰ কিবা কাম থাকিলে এই ‘Swagatam’ পৰ্টেল (Swagatam Online portal)ত এপইণ্টমেণ্ট লৈ সেই অনুসৰি আহিলেই সহজে তেওঁলোকক লগ ধৰিব পাৰিব ।
বৃহস্পতিবাৰে মহানগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়তে অতিৰিক্ত উপায়ুক্ত, সহকাৰী উপায়ুক্ত, ৰাষ্ট্ৰীয় তথ্য বিজ্ঞান কেন্দ্ৰ (কামৰূপ মহানগৰ শাখা)ৰ বিষয়-ববীয়াসকলৰ উপস্থিতিত মহানগৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝায়ে এই অনলাইন পৰ্টেলটো মুকলি কৰে (Kamrup Metro DC Pallav Gopal Jha launches Swagatam portal) । পৰ্টেলটো শুভাৰম্ভ কৰি উপায়ুক্তগৰাকীয়ে কয় যে, উপায়ুক্ত বা অতিৰিক্ত উপায়ুক্ত এজনক লগ ধৰাৰ নামত জনসাধাৰণৰ বহুমূলীয়া সময় নষ্ট নকৰাৰ উদ্দেশ্যে আৰু লগতে জনসাধাৰণক সহজসাধ্য সেৱা আগবঢ়োৱাৰ বাবে এই পৰ্টেলটো আৰম্ভ কৰা হৈছে ।
উল্লেখযোগ্য যে, কোনো ব্যক্তিয়ে kamrupmetro.swagatam.gov.in পৰ্টেলটোত ৰেজিষ্ট্ৰেচন কৰি নিজৰ সুবিধা অনুসৰি উপায়ুক্ত-অতিৰিক্ত উপায়ুক্তসকলৰ এপইণ্টমেণ্ট ল’ব পাৰিব । কেনো কাৰণত নিৰ্ধাৰিত এপইণ্টমেণ্ট বাতিল হ’লে ব্যক্তিগৰাকীক নতুন সময় জনোৱা হ’ব ।
লগতে পঢ়ক : Central deputation of IPS officers: ৰাজ্যৰ বাৰগৰাকী IPS বিষয়াই যাব বিচাৰিছে ডেপুটেচনত