ETV Bharat / state

মাস্ক পৰিধান নকৰিলে এহাজাৰ টকাৰ জৰিমনা - মহানগৰ জিলা প্ৰশাসনৰ জৰুৰী বৈঠক

বিহু কমিটিৰ বিষয়-ববীয়াৰ সৈতে কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ জৰুৰী বৈঠক । বিহুৰ অনুষ্ঠান উপভোগ কৰিবলৈ যোৱা দৰ্শকক প্ৰৱেশদ্বাৰত থাৰ্মেল স্কেনিং কৰিবলৈ আয়োজক সমিতিক নিৰ্দেশ প্ৰশাসনৰ ।

বিহু কমিটীৰ বিষয়ববীয়াৰ সৈতে কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ বৈঠক

author img

By

Published : Apr 17, 2021, 6:47 PM IST

গুৱাহাটী,১৭ এপ্ৰিল: ৰাজ্যত বিশেষকৈ গুৱাহাটী মহানগৰীত ক'ভিড-১৯ ত আক্ৰান্তৰ সংখ্যা দিনকদিনে বৃদ্ধি পোৱাত উদ্বিগ্ন হৈ পৰিছে জিলা প্ৰশাসন । ইফালে বিহুৰ উলহ-মালহ পৰিৱেশৰ মাজত যাতে ক'ভিড পৰিস্থিতিৰ অধিক অৱনতি নঘটে, তাৰ প্ৰতি লক্ষ্য ৰাখি কামৰূপ জিলা প্ৰশাসনে বিশেষ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে ।

বিহু কমিটীৰ বিষয়ববীয়াৰ সৈতে কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ বৈঠক
বিহু কমিটীৰ বিষয়ববীয়াৰ সৈতে কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ বৈঠক

শনিবাৰে বিহু কমিটিৰ বিষয়ববীয়াৰ সৈতে কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ বিষয়াসকলে এক জৰুৰী বৈঠকত মিলিত হয় । জিলা উপায়ুক্ত বিশ্বজিত পেগুৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত কেতবোৰ নীতি-নিৰ্দেশনাৰ ওপৰত আলোচনা কৰা হয় । বৈঠকত আৰক্ষীৰ শীৰ্ষ বিষয়াও উপস্থিত থাকে ।

মহামাৰীৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি বিহু উদযাপনস্থলীত গৈ পৰিৱেশ-পৰিস্থিতি নিৰীক্ষণ কৰিব আৰক্ষীয়ে । বিহু উপভোগ কৰিবলৈ অহা দৰ্শকে মাস্ক নিপিন্ধিলে ভৰিব লাগিব ১০০০ টকাৰ জৰিমনা ।

আনহাতে, বিহুৰ অনুষ্ঠান আয়োজন কৰা স্থানৰ প্ৰৱেশদ্বাৰত দৰ্শকক থাৰ্মেল স্কেনিং কৰিবলৈ আয়োজক সমিতিক নিৰ্দেশ দিয়া হৈছে । উল্লেখ্য যে, গুৱাহাটী মহানগৰীত দৈনিক শ শ লোক নতুনকৈ কৰ’ণাত আক্ৰান্ত হৈছে ।

লগতে পঢ়ক: পৰম্পৰাগত ৰীতি-নীতিৰে অনুষ্ঠিত হৈছে তিৱা বিহু মেলা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.