ETV Bharat / state

প্ৰকাশ পালে কামৰূপ(ম) জিলাৰ খচৰা ভোটাৰ তালিকা

author img

By

Published : Nov 1, 2021, 6:29 PM IST

২০২২ চনৰ জানুৱাৰীলৈ সামৰি কামৰূপ মহানগৰ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে ভোটাৰ তালিকাৰ খচৰা প্ৰকাশ কৰে । উপায়ুক্ত কাৰ্যালয়ৰ সভাগৃহত সংবাদমেল সম্বোধনৰ জৰিয়তে খচৰা ভোটাৰ তালিকা প্ৰকাশৰ কথা ৰাজহুৱা কৰে উপায়ুক্ত গৰাকীয়ে ।

Kamrup (M) draft voter list released
প্ৰকাশ পালে কামৰূপ(ম) জিলাৰ খচৰা ভোটাৰ তালিকা

গুৱাহাটী, ১ নৱেম্বৰ : সোমবাৰে প্ৰকাশ পালে কামৰূপ(ম) জিলা খচৰা ভোটাৰ তালিকা । ২০২২ চনৰ জানুৱাৰীলৈ সামৰি কামৰূপ মহানগৰ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে ভোটাৰ তালিকাৰ খচৰাৰ প্ৰকাশ কৰে । উপায়ুক্ত কাৰ্যালয়ৰ সভাগৃহত সংবাদমেল সম্বোধনৰ জৰিয়তে খচৰা ভোটাৰ তালিকা প্ৰকাশৰ কথা ৰাজহুৱা কৰে উপায়ুক্ত গৰাকীয়ে ।

উল্লেখ যে, জালুকবাৰী, পশ্চিম গুৱাহাটী, পূৰ্ব গুৱাহাটী আৰু দিছপুৰ সমষ্টিক সামৰি প্ৰকাশ পোৱা খচৰা ভোটাৰ তালিকাত ওজৰ-আপত্তি থাকিলে পহিলা নৱেম্বৰ পৰা ৩০ নৱেম্বৰ ভিতৰত দাখিল কৰিব লাগিব । বিআইঅ’ জৰিয়তে ওজৰ-আপত্তি কৰিব পাৰিব । তাৰ ভিত্তিত চূড়ান্ত ভোটা তালিকা ২০২২ চনৰ ৫ জানুৱাৰীত প্ৰকাশ পাব ৷

লগতে পঢ়ক : বিৰক্ত জনতা : উপ নিৰ্বাচনে দি গ’ল কিহৰ ইংগিত

খচৰা ভোটাৰ তালিকা মুঠ ভোটাৰ ১১ লাখ ৫২ হাজাৰ ৩১৭ গৰাকীৰ । তাৰে ৫ লাখ ৬৯ হাজাৰ ১৩৬ জন পুৰুষ, ৫ লাখ ৮৩ হাজাৰ ১৩৯ গৰাকী মহিলা আৰু ৪২ গৰাকী তৃতীয় লিংগ ভোটাৰ আছে জিলাখনত ।

উপায়ুক্ত গৰাকীয়ে উল্লেখ কৰা মতে, খচৰা ভোটাৰ তালিকাৰ প্ৰকাশ পোৱা পাছতো নতুন ভোটাৰ নামভৰ্তি বাবে আবেদন চলি থাকিব । অন্য ভোট কেন্দ্ৰত নাম থকা ভোটাৰক নতুন খচৰা খনত নাম কৰ্তন কৰা লগতে যি সকল ভোটাৰে ফটো দিয়া নাই সেইসকলৰ নামো কৰ্তন হৈছে । জিলাখনত মুঠ ভোট কেন্দ্ৰৰ সংখ্যা ১২০৪ টা ।

লগতে পঢ়ক : লক্ষ্য ৩৩ লাখ : প্ৰদেশ কংগ্ৰেছৰ সদস্যভৰ্তি অভিযান আৰম্ভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.