ETV Bharat / state

প্ৰাগজ্যোতিষপুৰ স্বায়ত্ব পৰিষদ দাবীত সদৌ কলিতা ছাত্ৰ সন্থাৰ প্ৰতিবাদ

author img

By

Published : Sep 10, 2020, 7:51 PM IST

সুকীয়া কমতাপুৰ গঠনৰ দাবীত বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱৰ সন্মুখত প্ৰতিবাদী মানৱ শৃংখল কাৰ্যসূচী ৷ আগন্তুক দিনত চৰকাৰে তেওঁলোকৰ দাবী মানি ন’ললে 2021ৰ নিৰ্বাচনত ইয়াৰ উচিত প্ৰত্যুত্তৰ পাবৰ বাবে চৰকাৰ সাজু থাকিব লাগিব বুলিও হুংকাৰ প্ৰদান কৰিলে সদৌ কলিতা ছাত্ৰ সন্থাই ৷

KAMATAPUR KALITA STUDENTS UNION PROTEST
প্ৰাগজ্যোতিষপুৰ স্বায়ত্ত্ব পৰিষদ দাবীত সদৌ কলিতা ছাত্ৰ সন্থাৰ প্ৰতিবাদ

গুৱাহাটী, ১০ ছেপ্তেম্বৰঃ কমতাপুৰত বসবাস কৰা খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ জনসংখ্যা অনুপাতে আসন সংৰক্ষণ নকৰিলে 2021ৰ বিধানসভা নিৰ্বাচনত বিজেপি দলে উচিত প্ৰত্যুত্তৰ পাব ৷ আমাক কমতাপুৰ স্বায়ত্ব পৰিষদ নালাগে, প্ৰাগজ্যোতিষপুৰ স্বায়ত্ব পৰিষদ লাগে ৷ এই দাবী সদৌ কলিতা ছাত্ৰ সন্থাৰ ৷ সুকীয়া কমতাপুৰ গঠনৰ দাবীত বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱৰ সন্মুখত ৰূপায়ণ কৰা প্ৰতিবাদী মানৱ শৃংখল কাৰ্যসূচীৰ জড়িয়তে এই দাবী উত্থাপন কৰিলে ছাত্ৰ সংগঠনটোৱে ৷

ইপিনে সংগঠনটোৰ সম্পাদক ডঃ দীপাংকৰ কলিতাৰ মন্তব্য- “ ৰাজ্য চৰকাৰে গৃহিত কৰা কমতাপুৰ স্বায়ত্ব পৰিষদ বিধেয়ক 2020ৰ আমি তীব্ৰ বিৰোধিতা কৰিছো ৷ আমি কমতাপুৰ স্বায়ত্ব পৰিষদক আদৰণি জনাইছো ৷ কিন্তু কমতাপুৰ স্বায়ত্ব পৰিষদ কেতিয়াও এটা জনগোষ্ঠীৰ কাৰণে হ’ব নোৱাৰে ৷ অসম চৰকাৰে সকলো জাতি জনগোষ্ঠীৰ লোককে সুৰক্ষা দিবলৈ বিচাৰিলে কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ অন্তৰ্গত সকলো জাতি জনগোষ্ঠীকে তেওঁলোকৰ জনসংখ্যাৰ ভিত্তিত আসন সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগিব ৷ আমাক কমতাপুৰ লাগিব কিন্তু ইয়াৰ সমান্তৰালকৈ কমতাপুৰত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ লোককে সম মৰ্যাদা, সম বিকাশ সম উন্নয়ন চৰকাৰে দিব লাগিব ৷” কেৱল সিমানেই নহয় আগন্তুক দিনত চৰকাৰে তেওঁলোকৰ দাবী মানি নললে 2021ৰ নিৰ্বাচনত ইয়াৰ উচিত প্ৰত্যুত্তৰ পাবৰ বাবে চৰকাৰ সাজু থাকিব লাগিব বুলিও হুংকাৰ প্ৰদান কৰিলে সদৌ কলিতা ছাত্ৰ সন্থাই ৷

উল্লেখ্য যে সুকীয়া কমতাপুৰৰ লগতে কলিতাসকলৰ বাবে জনসংখ্যা অনুযায়ী সুকীয়া আসন সংৰক্ষণ আৰু অন্যান্য দাবীৰ ভিত্তিত 11 ছেপ্তেম্বৰৰ পৰা কমতাপুৰ অঞ্চলত ধাৰাবাহিক আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰাৰ কথা সংবাদমেলযোগে জানিবলৈ দিলে সদৌ কলিতা ছাত্ৰ সন্থাৰ সম্পাদক ড৹ দীপাংকৰ কলিতাই ৷

লগতে পঢ়কঃ গোলাঘাটৰ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.