ETV Bharat / state

Congress Presidential Poll : ভোটাৰ তালিকাত নাম নাই কমলাক্ষ্য দে পুৰকায়স্থৰ

ভোটাধিকাৰ সাব্যস্ত কৰিবলগীয়া অসমৰ ২৮৯ জনীয়া তালিকাত নাম নাই প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি তথা বিধায়ক কমলাক্ষ্য দে পুৰকায়স্থৰ (Congress Presidential Poll)। কাৰ্যকাৰী সভাপতি হিচাপে ভোট দিয়াটো বিচাৰিছিল কমলাক্ষ্যই । বহুতৰে ক্ষোভ থকাটো স্বাভাৱিক বুলি ক'লে প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে ।

author img

By

Published : Oct 16, 2022, 7:49 PM IST

APCC
APCC

গুৱাহাটী, ১৬ অক্টোবৰ : সোমবাৰে অনুষ্ঠিত হ'ব নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সভাপতি পদৰ নিৰ্বাচন (Congress Presidential Poll 2022) । নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সভাপতি পদৰ বাবে দেশজুৰি কাইলৈ হ'বলগীয়া সাংগঠনিক নির্বাচনত অসমতো প্রদেশ কংগ্ৰেছৰ ২৮৯ গৰাকী সদস্য প্রতিনিধিয়ে দলটোৰ মুৰব্বী নিৰ্বাচনৰ বাবে ভোটদান কৰিব (289 delegates from APCC cast votes) । ইয়াৰ বাবে গুৱাহাটীৰ ৰাজীৱ ভৱনো সাজু কৰি তোলা হৈছে ।

কিন্তু নিৰ্বাচনৰ পূৰ্বে অসম প্ৰদেশৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলগীয়া প্ৰতিনিধিৰ তালিকাখনত বিসংগতি হোৱাৰ অভিযোগ উত্থাপন হৈছে । কাৰণ ২৮৯ জনীয়া তালিকাখনত নাম নাই প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি তথা বিধায়ক কমলাক্ষ্য দে পুৰকায়স্থৰ (Kamalakshya Dey Purkayastha) । সভাপতি নিৰ্বাচনত ভোটাধিকাৰ সাব্যস্ত কৰাৰ পৰা বঞ্চিত হ'ল কমলাক্ষ্য দে পুৰকায়স্থ । ইয়াকে লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ । এই সন্দৰ্ভত বিধায়ক কমলাক্ষ্য দে পুৰকায়স্থই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে তেওঁ সভাপতি নিৰ্বাচনত ভোট দিব বুলি ভাবিছিল (AICC presidential election) ।

তেওঁ নিজৰ ব্লকৰ পৰা জ্যেষ্ঠ নেতা আবু চালেহ নিজামুদ্দিনৰ নামটো প্ৰেৰণ কৰিছিল । তেওঁৰ নামটো তালিকাত থাকিব বুলি ভাবিছিল । তেওঁ কয় যে তেওঁ এতিয়া কংগ্ৰেছৰ জ্যেষ্ঠ নেতা । দলৰ সংবিধান মতে, সভাপতি নিৰ্বাচনত ভোটদানৰ বাবে বিধায়কসকলৰ মাজত এটা নিৰ্দ্দিষ্ট শতাংশৰ কোটা থাকে । আগৰবাৰ এই কোটাৰ পৰা তেওঁৰ নামটো গৈছিল আৰু এইবাৰো যাব বুলি ভাবিছিল ।

হয়তো চি এল পিৰ ফালৰ পৰা তালিকা দিয়া নাই । যাৰ বাবে হয়তো তালিকাত তেওঁৰ নাম নাই । এই বিষয়ে তেওঁ প্ৰদেশ কংগ্ৰেছক অৱগত কৰিছে আৰু এইক্ষেত্রত প্ৰদেশ কংগ্ৰেছে ব্যৱস্থা গ্ৰহণ কৰিব বুলি তেওঁ কয় । তেওঁৰ নামটো ব্লকৰ পৰা পঠিওৱা নাই । কাৰ্যকাৰী সভাপতি হিচাপে তেওঁ ভোট দিয়াটো বিচাৰিছিল । এতিয়া তেওঁ জ্যেষ্ঠ নেতা হৈ গ'ল । এতিয়া তেওঁ নতুন বিধায়ক নহয় ।

চি এল পিৰ পৰা তালিকা পঠিওৱা নহ'ল বাবেই তেওঁৰ নামটো তালিকাত নাহিল বুলি তেওঁ কয় । তেওঁ লগতে কয় যে তালিকাত সকলোৰে নাম অহাটো সম্ভৱ নহয় আৰু তাৰবাবে বহুতৰে ক্ষোভ থাকিব পাৰে । ইফালে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰায়ো ক্ষোভ থকাৰ কথা স্বীকাৰ কৰে । কাৰণ ব্লক কংগ্ৰেছৰ এজনকৈ নেতাই ভোটাধিকাৰ পাইছে ।

তেনেস্থলত বহুতৰে ক্ষোভ থকাটো স্বাভাৱিক । তেওঁ সকলো প্ৰতিনিধিকে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰাৰ বাবে আহ্বান জনায় । উল্লেখ্য যে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সভাপতিৰ দৌৰত আছে মল্লিকাৰ্জুন খাৰ্গে (Mallikarjun Kharge) আৰু শশী থাৰুৰ (Sashi Tharoor) । ইতিমধ্যে দুয়োগৰাকীয়ে প্ৰাৰ্থীয়ে গুৱাহাটীলৈ আহি প্ৰচাৰ অভিযান চলাই গৈছে ।

অসমতো প্রদেশ কংগ্ৰেছৰ ২৮৯ গৰাকী সদস্য প্রতিনিধিয়ে দলটোৰ মুৰব্বী নিৰ্বাচনৰ বাবে ভোটদান কৰিব । পুৱা ১০ বজাৰ পৰা বিয়লি ৪ বজালৈকে গুৱাহাটীৰ ৰাজীৱ ভৱনত অসমৰ প্ৰদেশ কংগ্ৰেছৰ ২৮৯ গৰাকী সদস্য প্রতিনিধিয়ে ভোটদান কৰিব । সভাপতি বৰাই অসমৰ প্ৰদেশ কংগ্ৰেছৰ সমূহ সদস্য প্রতিনিধিক পুৱা ১০ বজাৰ পৰা বিয়লি ৪ বজাৰ ভিতৰত গুৱাহাটীৰ ৰাজীৱ ভৱনত উপস্থিত হৈ ভোটদান সাব্যস্ত কৰিবলৈ অনুৰোধ জনাইছে ।

লগতে পঢ়ক :Congress Prez Election : কৰ্ণা টকত ৰ্ণা ভোট দিব ৰাহুল গান্ধীয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.