গুৱাহাটী, 17 জানুৱাৰীঃ ভাৰতৰ 51 খন শক্তিপীঠৰ ভিতৰত অন্যতম এক শক্তিপীঠ হৈছে মহানগৰীৰ নীলাচল পাহাৰত অৱস্থিত কামাখ্যা মন্দিৰ। প্ৰতিদিনে অগণন ভক্তৰ সমাগমত মুখৰিত হয় মা কামাখ্যা মন্দিৰ। কেৱল অসমৰ ভক্তগণ নহয় ভাৰতবৰ্ষৰ লগতে বিদেশৰ পৰাও অগণন ভক্তৰ আগমণ ঘটে কামাখ্যা মন্দিৰলৈ। ভক্তগণে নিজ মনোবাঞ্চা পূৰণৰ অৰ্থে মা কামাখ্যাৰ শ্ৰী চৰণত উৎসৰ্গা কৰে অসংখ্য জীৱকূল ৷ কিন্তু ক্ৰমাৎ অসুস্থ হৈ মৃত্যুমুখত পৰিছে ভক্তসকলে মাৰ নামত দান কৰা জীৱকূল ৷ কেৱল পাৰ চৰাই নহয় সংকট নামি আহিছে শক্তিপীঠৰ প্ৰায় সংখ্যক জীৱ জন্তু ওপৰত ৷ কামাখ্যা মন্দিৰৰ চৌহদত বৰ্তমান প্ৰায় 500 ৰ অধিক পাৰ চৰাই,বহু ছাগলী,বান্দৰৰ লগতে কাছ দেখিবলৈ পোৱা যায় কিন্তু তাৰে প্ৰায় সংখ্যক জীৱকূল এতিয়া অচিন ৰোগত আক্ৰান্ত । কিন্তু সুস্থ অৱস্থাত মুকলি কৰি দিয়া জীৱকূলৰ মৃত্যু মুখত পৰাৰ কাৰণ কি হ'ব পাৰে তাৰ উত্তৰ নাই মন্দিৰ কতৃপক্ষৰ ওচৰত। মন্দিৰৰ কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে,জীৱকূলৰ চিকিৎসাৰ বাবে বছৰত এবাৰকৈ মন্দিৰলৈ আহে পশু চিকিৎসক ৷ আৰু ইমানতে নিজৰ দায়িত্ব সামৰে মন্দিৰ কতৃপক্ষই ৷
আনহাতে মন্দিৰৰ কৰ্তৃপক্ষৰ ভাষ্য অনুসৰি,মন্দিৰৰ ওচৰে পাজৰে চৰাই সমূহৰ বাবে নিৰ্মাণ কৰা হৈছে বাহ কিন্তু সেই বাহত বাস নকৰি কেৱল মূল মন্দিৰৰ দেৱালত লাগি থাকে চৰাই সমূহ। চিকিৎসাৰ পিছতো এতিয়াও মন্দিৰৰ প্ৰায় সংখ্যক পাৰ চৰাই আৰু ছাগলী অচিন ৰোগত আক্ৰান্ত। এতিয়া প্ৰশ্ন হয় কোনো এক ঐশ্বৰিক শক্তিৰ প্ৰভাৱ নে চিকিৎসাৰ অভাৱত প্ৰত্যেক দিনে মৃত্যু মুখত পৰিছে কামাখ্যাৰ জীৱকূল।
লগতে পঢ়কঃভাৰতৰ প্লাষ্টিক মুক্ত অভিযান আৰু ঝাড়খণ্ডক দুখন গাঁও
আনহাতে এই ক্ষেত্ৰত পশু চিকিৎসকৰ পৰামৰ্শ অনুসৰি, জীৱকূলৰ খাদ্যৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা নকৰাৰ ফলত মৃত্যুমুখত পৰিছে জীৱকূল ৷ একমাত্ৰ পুষ্টি আৰু ভিটামিন B ৰ অভাৱত সুস্থ অৱস্থাত উৎসৰ্গা কৰা পাৰ,ছাগলীসমূহ অতি কম সময়ৰ ভিতৰত অসুস্থ হৈ মৃত্যুমুখত পৰে ৷ গতিকে দিনে দিনে বৃদ্ধি পোৱা এই সমস্যা সমাধানৰ বাবে চিকিৎসকৰ কাষ চাপিবনে মন্দিৰ কতৃপক্ষ নে নিজ মনোবাঞ্চা পূৰণৰ অৰ্থে মা কামাখ্যাৰ শ্ৰী চৰণত উৎসৰ্গা কৰাৰ বুলি হাত সাবটি বহি থাকিব কামাখ্যা মন্দিৰ কৰ্তৃপক্ষ ?