ETV Bharat / state

আজিৰে পৰা কামাখ্য়া ধামত আৰম্ভ অম্বুবাচীঃ বন্ধ মন্দিৰৰ দুৱাৰ - kamakhya

দোকান পোহাৰ সকলো বন্ধ থকাৰ লগতে নিমাওমাও পৰিৱেশে আবেগিক কৰি তুলিছে স্থানীয় লোকসকলক । প্ৰথমবাৰৰ বাবে নীলাচলৰ বুকুত অনুষ্ঠিত নহয় অম্বুবাচী মেলা ৷

kamakhya ambubasi
আজিৰে পৰা কামাখ্য়া ধামত আৰম্ভ অম্বুবাচী
author img

By

Published : Jun 22, 2020, 9:59 AM IST

গুৱাহাটী, 22 জুন : সোমবাৰৰ পৰা কামাখ্য়া ধামত আৰম্ভ হৈছে অম্বুবাচী ৷ সোমবাৰে সম্পূৰ্ণ ৰীতি নীতিৰে পালন কৰা হ'ল অম্বুবাচী মেলাৰ পূজা অৰ্চনা । ইতিহাসত আজিৰ দিনটো মা কামাখ্যা ভক্তসকলৰ বাবে এক স্মৰণীয় দিন হৈ ৰ'ব । কাৰণ এই বছৰৰ অম্বুবাচী মেলাত মা কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ থাকিব ।

আজিৰে পৰা কামাখ্য়া ধামত আৰম্ভ অম্বুবাচী

অম্বুবাচী মেলাৰ পূজা অৰ্চনাৰ পাচত তিনিদিনৰ বাবে বন্ধ কৰি দিয়া হয় মা কামাখ্যাৰ দুৱাৰ । মন্দিৰৰ প্ৰাঙ্গনত এইবাৰ নাই কোনো ভক্ত তথা সাধু সন্যাসী । নিস্তব্ধ হৈ ৰৈছে এইবছৰৰ অম্বুবাচী মেলাৰ কামাখ্যা মন্দিৰৰ পৰিৱেশ ।

kamakhya ambubasi
আজিৰে পৰা কামাখ্য়া ধামত আৰম্ভ অম্বুবাচী

পুৱা 7.53 মিনিটত কামাখ্যাৰ মূল দুৱাৰ মঙ্গল ধ্বনিৰে বন্ধ কৰি দিয়া হয় । ইতিহাসত প্ৰথমবাৰৰ বাবে কামাখ্যা মন্দিৰৰ চৌপাশ নিস্তব্ধ হৈ থকাত আবেগিক হৈ পৰিছে মন্দিৰৰ পৰিচালনা সমিতি ৷ দোকান পোহাৰ সকলো বন্ধ থকাৰ লগতে নিমাওমাও পৰিৱেশে আবেগিক কৰি তুলিছে স্থানীয় লোকসকলক । কামাখ্যাৰ দলৈ কবীন্দ্ৰ প্ৰসাদ শৰ্মাই জানিবলৈ দিয়া অনুসৰি মা কামাখ্যাৰ ভক্ত সকলৰ বাবে দুৱাৰ বন্ধ থাকিব যদিও পূজা অৰ্চনা ৰীতি নীতিৰে পালন কৰা হৈছে । পুনৰ 25 জুনত পুৱা 8.16.55 বজাত মা কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে খোলাৰ লগতে সম্পূৰ্ণ ধৰ্মীয় ৰীতি নীতিৰে পালন কৰা হ'ব দিনটোৰ পূজা অৰ্চনা ।

লগতে পঢ়ক: 24 জুনত ফ্ৰান্সত ভাৰত আৰু চীনৰ প্ৰতিৰক্ষা মন্ত্ৰী বৈঠকত মিলিত হোৱাৰ সম্ভাৱনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.