ETV Bharat / state

Kalchakra Prediction for Assam : অসমীয়া নৱবৰ্ষত ৰাজ্যত বৃদ্ধি পাব অশান্তিজনক ঘটনা

author img

By

Published : Jan 24, 2023, 8:34 PM IST

ৰাজ্যত বৃদ্ধি পাব সন্ত্ৰাসবাদী, গুপ্তঘাতক কাৰ্য । অপহৰণ, হত্যা, লুণ্ঠন, চুৰি-ডকাইতিৰ ঘটনাও বৃদ্ধি পাব । আনহাতে, ৰাজ্যত বান আৰু খহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰিব । এই ভৱিষ্যদ্বাণী কালচক্ৰ পঞ্জিকাৰ (Prediction for Assam by Kalchakra Calendar) ।

kalchakra
kalchakra
কালচক্ৰ পূৰ্ণাংগ পঞ্জিকা মতে আগন্তুক বছৰত অসমত ঘটিব কেইবাটাও ঘটনা

গুৱাহাটী, ২৪ জানুৱাৰী : অসমীয়া নৱবৰ্ষত ৰাজ্যত বান-খহনীয়াই ভয়ংকৰ ৰূপ গ্ৰহণ কৰিব । অসমৰ চুবুৰীয়া ৰাজ্য অৰুণাচল আৰু নাগালেণ্ডৰ মাজত সীমাবিবাদ অব্যাহত থাকিব (Assam border conflict with neighbour states) । আনহাতে, গ্ৰহৰ অশুভ প্ৰভাৱৰ ফলত ৰাজ্যত সন্ত্ৰাসবাদী, গুপ্তঘাতকৰ দৰে কাৰ্য, অপহৰণ, হত্যা, লুণ্ঠন, চুৰি-ডকাইতিৰ ঘটনা বৃদ্ধি পাব । আলফা সমস্যাৰো সমাধান নহ'ব । এনে কেতবোৰ সমস্যাত জনসাধাৰণ জুৰুলা হ'ব ।

এই ভৱিষ্যদ্বাণী কৰিছে কালচক্ৰ পঞ্জিকাই (Kalchakra Panjika prediction for Assam) । কালচক্ৰ পঞ্জিকাৰ গণনাত ৰাজ্যৰ ভৱিষ্যদ্বাণীত প্ৰকাশ পাইছে যে অসমৰ লগত সীমান্তৱৰ্তী ৰাজ্যৰ সীমাবিবাদ আৰু বেদখল চলি থাকিব । চুবুৰীয়া ৰাজ্যৰ সন্ত্ৰাসবাদী কাৰ্যকলাপ, মৌলবাদী, উগ্ৰবাদীৰ দ্বাৰা ৰাজ্যৰ শাসকীয় দলৰ আভ্যন্তৰীণ বিবাদ, ধৰ্মঘট আদিয়ে বিশৃঙ্খল পৰিস্থিতিৰ সৃষ্টি কৰিব (Assamese new year prediction of Assam by Kalchakra) ।

আনহাতে, অসমৰ ৰাজনৈতিক দিশত আভ্যন্তৰীণ ক্ষেত্ৰত বেমেজালিৰ সৃষ্টি কৰিব বুলিও কোৱা হৈছে । তদুপৰি, সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি হ'ব বুলিও ভৱিষ্যদ্বাণী কৰিছে পঞ্জিকাখনে (Prediction Of Assam by Kalchakra Calendar) । মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাবত চন্দ্ৰ প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত কালচক্ৰ পঞ্জিকাখন উন্মোচন কৰি পঞ্জিকাখনৰ প্ৰধান গণনাকাৰক পুলিন চন্দ্ৰ দেৱশৰ্মাই কয় যে ৰাজ্যত ৰাস্তা-ঘাট, দলং-পৰিবহণ, বিদ্যুৎ, পানীযোগান, উদ্যোগ, কল-কাৰখানা, সাহিত্য আদিত উন্নতি হ'ব । ৰাজ্যত কিছু পৰিমাণে নিবনুৱা সমস্যা সমাধান হ'ব । পঞ্জিকাখনৰ ভৱিষ্যদ্বাণী অনুসৰি, অসম প্ৰগতিৰ পথত আগবাঢ়ি যোৱাৰ লগতে গৃহ বিভাগৰ উদ্যম একেই থাকিব ।

মুখ্যমন্ত্ৰীয়ে নিজৰ গতি অব্যাহত ৰখাৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সণোৱালৰো নিজৰ গতি অব্যাহত থাকিব বুলি কোৱা হৈছে । আনহাতে, লোকসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰভুত্ব অব্যাহত থাকিব বুলি পঞ্জিকাখনে উল্লেখ কৰিছে । আনহাতে, কংগ্ৰেছ দলৰ কিছু উন্নতি হ'ব যদিও বিশেষ উত্থান নহ'ব বুলি ভৱিষ্যদ্বাণী কৰা হৈছে । আনহাতে, দেশৰ ভৱিষ্যত সন্দৰ্ভত কোৱা হৈছে যে ভাৰতত সম্প্ৰদায়িক সংঘৰ্ষ বৃদ্ধি হ'ব । তাৰ উপৰি ভাৰতৰ বন্ধু ৰাষ্ট্ৰৰ সৈতে মনোমানিল্য ঘটিব ।

তদুপৰি, চীন আৰু পাকিস্তান একত্ৰিত হৈ ভাৰতক আক্ৰমণ কৰাৰ সম্ভাৱনা আছে বুলিও উল্লেখ কৰা হৈছে । ইপিনে নানা প্ৰতিকূল অৱস্থাৰ মাজত ভাৰতে শিক্ষা, বিজ্ঞান, প্ৰযুক্তিবিদ্যা, গৱেষণা, মহাকাশ বিজ্ঞানৰ ক্ষেত্ৰত উন্নতি সাধনত সফলতা লাভ কৰিব বুলি ভৱিষ্যদ্বাণী কৰা হৈছে । উল্লেখ্য, সংবাদমেলত বাস্তু বিশেষজ্ঞ অনিল বৰুৱা, পঞ্জিকাখনৰ সহকাৰী গণনাকাৰক হেমন্ত কুমাৰ শৰ্মা, সঞ্জীৱ দেৱশৰ্মা, জ্যোতিপ্ৰকাশ শৰ্মা, বিজিত পি শৰ্মা আৰু প্ৰকাশক ডাঃ ৰবীন্দ্ৰ মোহন শৰ্মা উপস্থিত থাকে ।

লগতে পঢ়ক :Cancer Situation in Assam : ৰাজ্যত কৰ্কট ৰোগীৰ সংখ্যা ভয়াৱহ হাৰত বৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.