গুৱাহাটী, 21 জানুৱাৰী : ভাৰতৰ উত্তৰ-পূৱত সূৰ্য উঠা দেশ এই অসম ভূমি ৷ দেশৰ আন ৰাজ্যৰ তুলনাত উত্তৰ-পূৰ্বাঞ্চলত আগতীয়াকৈ বিকিৰিণ হয় সূৰ্যৰ ৰশ্মি ৷ যাৰ বাবে সূৰ্যৰ ৰশ্মিক শক্তি হিচাপে ব্যৱহাৰ কৰাৰ যথেষ্ট সম্ভাৱনা আছে ৷ সৌৰশক্তি হ’ল ‘নিশ্চিত, বিশুদ্ধ আৰু নিৰাপদ’ আৰু ‘নিশ্চিত’ ৷ কিন্তু অসমত বৰ্তমানলৈকে সম্পূৰ্ণ ৰূপত ইয়াক ব্যৱহাৰ কৰিব পৰা হোৱা নাই ৷ গুৱাহাটী ৰেল ষ্টেশ্যনত সৌৰ শক্তি ব্যৱহাৰ কৰা হয় আৰু ই দেশৰ ভিতৰতে অন্যতম হিচাপে পৰিগণিত হৈছে ৷ সেই ধৰণে সৌৰ শক্তি ব্যৱহাৰৰ ক্ষেত্ৰত দেশৰ ভিতৰতে নাম কৰিবলৈ সক্ষম হৈছে জ্যোতি চিত্ৰবনে ৷ জ্যোতি চিত্ৰবন হৈছে দেশৰ প্ৰথমটো পূৰ্ণাংগ গ্ৰীণ ষ্টুডিঅ’ য’ত সৌৰ ৰশ্মিক শক্তি হিচাপে ব্যৱহাৰ কৰা হয় ৷
জ্যোতি চিত্ৰবনত যোৱা ২০১৮ বৰ্ষত ভাৰতীয় বিজ্ঞান প্ৰযুক্তিবিদ্যা অধীনস্থ Assam Energy Development Agency (AEDA) ৰ সহযোগত ৭০ লাখ পুঁজিৰে স্থাপন কৰা হৈছিল দুটা ছ'লাৰ প্লেন। য'ৰ পৰা ১৪৮ কিলোৱাট বিদ্যুৎ উৎপন্ন হয়। প্ৰতিষ্ঠানটিত প্ৰয়োজনীয় সকলো বৈদ্যুতিক কাম প্ৰায় সৌৰশক্তিৰ পৰা উৎপন্ন বিদ্যুতৰ পৰা হয়। তদুপৰি ৰৈ যোৱা বিদ্যুৎ অসম শক্তি বিতৰণ কোম্পানী লিমিটেডকো (এপিডিচিএল)কো যোগান ধৰে।
লক্ষ্যণীয় কথাটো হ’ল যে অসমত থকা বৃহৎ বৃহৎ উদ্যোগ বা কাৰ্যালয় সমূহত যিসময়ত মাহে লক্ষাধিক টকাৰ বিদ্যুৎ শক্তি খৰচ কৰা হয়, তেনে সময়ত জ্যোতি চিত্ৰবনে প্ৰায় 70 শতাংশ বিদ্যুৎ মাচুল ৰাহি কৰিছে সৌৰ শক্তি ব্যৱহাৰ কৰি ৷ বিগত দুটা বছৰে জ্যোতি চিত্ৰবনৰ বিদ্যুতৰ মাচুল ডেৰ লাখৰ পৰা বৰ্তমান প্ৰায় 30 হাজাৰ টকালৈ হ্ৰাস পাইছে বুলি অধ্যক্ষ পবিত্ৰ মাৰ্ঘেৰিটাই জানিবলৈ দিয়ে ।
সৌৰ শক্তি উৎপাদন আৰু ব্যৱহাৰৰ সম্পূৰ্ণ সম্ভাৱনা থকা অসমত কাৰ্যালয় বা আন প্ৰতিষ্ঠান তথা ব্যক্তি বিশেষৰ ঘৰতো যদি এইদৰে ছ’লাৰ পেনেল ব্যৱহাৰ কৰা হয় তেন্তে বিদ্যুৎ শক্তি ৰাহি কৰিব পৰা যায় ৷ ইয়াৰ লগতে সঘনাই হোৱা বিদ্যুৎ কৰ্টনৰ সমস্যাৰ পৰাও সকাহ পাব পাৰে ৰাজ্যবাসীয়ে ৷
লগতে পঢ়ক : বকো আৰক্ষীক চকুত ধুলি দি হেণ্ডকাফ ছিঙি পলাল চোৰ