ETV Bharat / state

৩১ জানুৱাৰীত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা নেতৃত্বাধীন সমিতিয়ে দাখিল কৰিব প্ৰতিবেদন

author img

By

Published : Jan 20, 2020, 3:27 PM IST

Updated : Jan 20, 2020, 3:40 PM IST

৩১ জানুৱাৰীত কেন্দ্ৰীয় চৰকাৰৰ হাতত প্ৰতিবেদন দাখিল কৰিব অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰীকৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিয়া ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা নেতৃত্বাধীন উচ্চ ক্ষমতা সম্পন্ন সমিতিখনে ৷

ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা নেতৃত্বাধীন সমিটি
ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা নেতৃত্বাধীন সমিটি

গুৱাহাটী, ২০ জানুৱাৰী: অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰীকৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিয়া ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা নেতৃত্বাধীন উচ্চ ক্ষমতা সম্পন্ন সমিতিখনে, অহা ৩১ জানুৱাৰীত কেন্দ্ৰীয় চৰকাৰৰ হাতত প্ৰতিবেদন দাখিল কৰিব । কিন্তু খিলঞ্জীয়াক সাংবিধানিক ৰক্ষাকৱচ প্ৰদানৰ ক্ষেত্ৰত সমিতিৰ পৰামৰ্শ কেনেধৰণৰ হ'ব তাকে লৈ এতিয়া বিভিন্ন মহলত জল্পনা কল্পনা চলিছে । প্ৰাপ্ত তথ্য অনুসৰি সমিতিখনে আন কেইবাটাও পৰামৰ্শ আগবঢ়োৱাৰ লগতে, এটা গুৰুত্বপূৰ্ণ পৰামৰ্শ কেন্দ্ৰৰ ওচৰত দাখিল কৰাৰ পূৰ্ণ সম্ভাৱনা আছে ।

৩১ জানুৱাৰীত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা নেতৃত্বাধীন সমিটিয়ে দাখিল কৰিব প্ৰতিবেদন
সেই অনুসৰি অসমত আন্তঃ ৰাজ্যিক পাৰপত্ৰ অৰ্থাৎ ইনাৰ লাইন পাৰ্মিট ( আই এল পি ) প্ৰৱৰ্তনৰ বাবে এইখন সমিতিয়ে, কেন্দ্ৰক পৰামৰ্শ আগবঢ়োৱাৰ পূৰ্ণ সম্ভাৱনা আছে । ইতিমধ্যে ১৩ জানুৱাৰীত দিল্লীত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ সৈতে হোৱা সমিতিৰ বৈঠকখনতো এই বিষয়টোৱে বিশেষ ভাবে স্থান লাভ কৰিছিল । মন কৰিবলগীয়া যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি আন বহুকেইটা সংগঠনে, অসমত খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰি ৰাখিবলৈ আইএলপি প্ৰৱৰ্তনৰ দাবী উত্থাপন কৰি আহিছে ।

লগতে পঢ়কঃ মাজুলীৰ স্বাস্থ্য বিভাগত বাংলা ভাষাত আহিল প্ৰ-পত্ৰ

Intro:গুৱাহাটী, ২০ জানুৱাৰী: অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰীকৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিয়া ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা নেতৃত্বাধীন উচ্চ ক্ষমতা সম্পন্ন সমিতিখনে অহা ৩১ জানুৱাৰীত কেন্দ্ৰীয় চৰকাৰৰ হাতত প্ৰতিবেদন দাখিল কৰিব ।

Body:কিন্তু খিলঞ্জীয়াক সাংবিধানিক ৰক্ষাকৱচ প্ৰদানৰ ক্ষেত্ৰত সমিতিৰ পৰামৰ্শ কেনেধৰণৰ হব তাকে লৈ এতিয়া বিভিন্ন মহলত জল্পনা কল্পনা চলিছে । ই টিভি ভাৰতৰ হাতত আহি পৰা খবৰ অনুসৰি সমিতিয়ে আন কেইবাটাও পৰামৰ্শ আগবঢ়োৱাৰ লগতে এটা গুৰুত্বপূৰ্ণ পৰামৰ্শ কেন্দ্ৰৰ ওচৰত দাখিল কৰাৰ পূৰ্ণ সম্ভাৱনা আছে ।

Conclusion:সেই অনুসৰি অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ অৰ্থাৎ ইনাৰ লাইন পাৰ্মিট ( আই এল পি ) প্ৰৱৰ্তনৰ বাবে এইখন সমিতিয়ে কেন্দ্ৰক পৰামৰ্শ আগবঢ়োৱাৰ পূৰ্ণ সম্ভাৱনা আছে । ইতিমধ্যে ১৩ জানুৱাৰীত দিল্লীত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ সৈতে হোৱা সমিতিৰ বৈঠকখনতো এই বিষয়টোৱে বিশেষ ভাবে স্থান লাভ কৰিছিল । মন কৰিবলগীয়া যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি আন বহুকেইটা সংগঠনে অসমত খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰি ৰাখিবলৈ আই এল পি প্ৰৱৰ্তনৰ দাবী তুলি আহিছে ।
Last Updated : Jan 20, 2020, 3:40 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.