ETV Bharat / state

জেপি নাড্ডাই সম্বোধন কৰিব প্ৰথম ভাৰ্চুৱেল ৰেলী:ৰূপম গোস্বামী

সমাগত অসম বিধানসভা নিৰ্বাচনৰ বাবে সাজু হৈ উঠিছে প্ৰতিটো ৰাজনৈতিক দল ৷ কৰ’ণা ভাইৰাছৰ আতংকৰ মাজতো ৰণকৌশল প্ৰস্তুতত ব্যস্ত শাসকীয় দল বিজেপি ৷ বিজেপিৰ প্ৰস্তুতি সম্পৰ্কত কিছু গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে ৰাজ্য়িক মুখপাত্ৰ ৰূপম গোস্বামীয়ে ।

author img

By

Published : Jun 9, 2020, 8:23 PM IST

JP Nadda will addressed first virtual rally at delhi guwahati kamrup metro assam etv bharat news
অসম বিধানসভা নিৰ্বাচন 2021

গুৱাহাটী, 9 জুন: ক্ৰমাৎ সমাগত ২০২১ৰ অসম বিধানসভা নিৰ্বাচন । নিৰ্বাচনক কেন্দ্ৰ কৰি তৎপৰ হৈ উঠিছে ৰাজ্যৰ প্ৰতিটো ৰাজনৈতিক দল ৷ পিছ পৰি ৰোৱা নাই গেৰুৱা বাহিনীও । বিশ্বত কৰ’ণা মহামাৰীয়ে ভয়ংকৰ ৰূপ লোৱাৰ সময়তে পৰিস্থিতিৰ লগত খাপ খোৱাই নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ লগতে ৰণনীতি তৈয়াৰত ব্যস্ত হৈ পৰিছে ৰাজ‍্যিক বিজেপি । ন ন চমকৰ লগতে বিজেপিয়ে এইবাৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে সম্বোধন কৰিব ভাৰ্চুৱেল ৰেলী ।

নিৰ্বাচনীলৈ সাজু বিজেপি

উল্লেখ্য যে, ১৪ জুনত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই দিল্লীৰ পৰা সম্বোধন কৰিব প্ৰথমখন ভাৰ্চুৱেল ৰেলী। ৰাজ্যত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ’ব প্ৰথমখন ভাৰ্চুৱেল ৰেলী। য’ত ৰাজ‍্যিক বিজেপিৰ সভাপতিৰ লগতে উপস্থিত থাকিব দলীয় কাৰ্যকৰ্তাসকল ৷ ভাৰ্চুৱেল ৰেলীটো চ’ছিয়েল মিডিয়া,দূৰদৰ্শনৰ জৰিয়তে সম্প্ৰচাৰ কৰা হ’ব । ভাৰ্চুৱেল ৰেলী এক প্ৰকাৰৰ অনলাইন সভা য’ত ঘৰতে বহি বিজেপি সমৰ্থকসকলে এই সভাত অংশগ্ৰহণ কৰিব পাৰিব ।

আনহাতে,প্ৰথম পৰ্যায়ত বিজেপিয়ে মুকলি কৰিব তিনিখন ভাৰ্চুৱেল ৰেলী ৷ পৰৱৰ্তী সময়ত পৰ্যায়ক্ৰমে অনুষ্ঠিত হ’ব এই ভাৰ্চুৱেল ৰেলী । ইতিমধ্যে বিজেপিৰ পঞ্চায়ত বুথ পৰ্যায়ত ইয়াৰ প্ৰচাৰৰ বাবে হোৱাটচ এপ গ্ৰুপ বনোৱা হৈছে । এই সন্দৰ্ভত সবিস্তাৰে মন্তব্য প্ৰকাশ কৰে বিজেপিৰ ৰাজ‍্যিক মুখপাত্ৰ ৰূপম গোস্বামীয়ে ।

লগতে চাওকঃ নগাঁও জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয়ত চোৰৰ প্ৰৱেশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.