ETV Bharat / state

আনুষ্ঠানিকভাৱে মুখ্য সচিবৰ দায়িত্ব ল’লে জিষ্ণু বৰুৱাই

শনিবাৰে আনুষ্ঠানিকভাৱে মুখ্য সচিবৰ দায়িত্বভাৰ গ্ৰহণ কৰে জ্যেষ্ঠ প্ৰশাসনিক বিষয়া জিষ্ণু বৰুৱাই । শেহতীয়াকৈ বৰুৱা অধিষ্ঠিত হৈ আছিল অতিৰিক্ত মুখ্য সচিবৰ আসনত ।

author img

By

Published : Oct 31, 2020, 5:18 PM IST

Jishnu Baruah take charge as chief secretary of assam etv bharat news
জিষ্ণু বৰুৱাই ল’লে মুখ্য সচিবৰ দায়িত্ব

গুৱাহাটী,31 অক্টোবৰ: ৰাজ্যৰ নতুন মুখ্য সচিবৰূপে শনিবাৰে আনুষ্ঠানিকভাৱে দায়িত্বভাৰ গ্ৰহণ কৰে জ্যেষ্ঠ প্ৰশাসনিক বিষয়া জিষ্ণু বৰুৱাই । 1988 চনৰ বেটচৰ এইগৰাকী সুদক্ষ আইএএছ বিষয়াই দীৰ্ঘ সময়জুৰি ৰাজ্যৰ প্ৰশাসনত সেৱা আগবঢ়াই আহিছিল । শেহতীয়াকৈ বৰুৱা অধিষ্ঠিত হৈ আছিল অতিৰিক্ত মুখ্য সচিবৰ আসনত । শনিবাৰে দুপৰীয়া জিষ্ণু বৰুৱাক বিদায়ী মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই আনুষ্ঠানিকভাৱে দায়িত্বভাৰ অৰ্পণ কৰে ।

আনহাতে,বিদায়ী মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণক ৰাজ্য প্ৰশাসনৰ শীৰ্ষ আমোলাবৰ্গৰ লগতে সচিবালয়ৰ বিষয়া-কৰ্মচাৰীসকলে জনতা ভৱনৰ কাৰ্যালয়ত বিদায় সম্ভাষণ জনায় । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কাৰ্যালয়ৰ ফালৰ পৰাও কৃষ্ণক বিদায় জনোৱা হয় । উল্লেখ্য যে,2019 ত তেতিয়াৰ মুখ্য সচিব আলোক কুমাৰৰ অৱসৰৰ পিছত কুমাৰ সঞ্জয় কৃষ্ণ অধিষ্ঠিত হৈছিল মুখ্য সচিবৰ আসনত । আনহাতে, নৱ-নিযুক্ত মুখ্য সচিব জিষ্ণু বৰুৱা এই পদত অধিষ্ঠিত থাকিব 2022 চনলৈকে ৷

লগতে চাওকঃ বিজেপি চৰকাৰক মিছলীয়া আখ্যা নুৰুল হুদাৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.