গুৱাহাটী,২৮ জুলাই : "অসমত বাংলাদেশৰ পৰা জেহাদীৰ কাৰ্যকলাপ বৃদ্ধি পাইছে ।" এই গুৰুত্বপূৰ্ণ মন্তব্য অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ (Assam CM statement on Jihadi activities)। গুৱাহাটীত বৃস্পতিবাৰে এক অনুষ্ঠানত অংশগ্ৰহণ কৰি এই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰী শৰ্মাই ।
তেওঁ কয়,"অসম আৰু বাংলাদেশ সীমান্তত একাংশ বাংলাদেশী মৌলবাদীয়ে সক্ৰিয়ভাৱে কাম কৰি আছে । এই সম্পৰ্কত বিভিন্ন লেনদেনৰ তথ্য অসম আৰক্ষীয়ে লাভ কৰিছে । এই সন্দৰ্ভত ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে যৌথভাৱে কাম কৰি আছে ।"
উল্লেখ্য যে মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ নিকটৱৰ্তী চহৰীয়াগাঁৱত থকা জমিউল হুদা নামৰ মাদ্ৰাছাখনত মৰিগাঁও জিলা আৰক্ষীয়ে অভিযান চলায় মাদ্ৰাছাখনৰ প্ৰধান মুফতি মুস্তাফাক জেহাদী সংগঠনৰ লগত সম্পৰ্ক থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে (Jihadi activities from Madrasa)। মৈৰাবাৰী মাদ্ৰাছাৰ মুফতি জোহাদীৰে সম্পৰ্ক থকাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱাৰ সময়তে বেংগালুৰুতো গ্ৰেপ্তাৰ হৈছে অসমৰ আন এজন যুৱক । লগতে গুৱাহাটীৰ হাতীগাঁৱত জেহাদীৰ সন্দেহত আৰক্ষীয়ে তিনিজন যুৱকক সোধা-পোছাৰ বাবে আটক কৰিছে ।
ইপিনে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে বৰপেটাতো আন এজন ধৰ্মীয় মাদ্ৰাছাৰ লগত জড়িত জেহাদীক আটক কৰা হৈছে (Jihadi arrested in Assam)। তেওঁ কয় যে ৰাজ্যত চৰকাৰী মাদ্ৰাছা সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে । এতিয়া ধৰ্মীয় মাদ্ৰাছা কিছু কিছু স্থানত চলি আছে । মৰিগাঁৱৰ ধৰ্মীয় মাদ্ৰাছাৰ শিক্ষকৰ বাংলাদেশৰ সৈতে যোগসূত্ৰ লাভ কৰিছে আৰক্ষীয়ে ।
শিক্ষকগৰাকীক গ্ৰেপ্তাৰ কৰাৰ পাছতে মাদ্ৰাছাখন বন্ধ কৰি দিয়া হৈছে । মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে মাদ্ৰাছাখনৰ শিক্ষাৰ্থীসকলক চৰকাৰী বিদ্যালয়লৈ লৈ অনা হৈছে । ধৰ্মীয় মাদ্ৰাছা সম্পৰ্কত চৰকাৰে অনুসন্ধান আৰম্ভ কৰিছে বুলিও তেওঁ উল্লেখ কৰে ।
লগতে পঢ়ক :Jihadi activities from Madrasa : মৰিগাঁৱৰ দুখন মাদ্ৰাছাৰ ১১ শিক্ষকক আটক