নিউজ ডেস্ক, 23 মাৰ্চ : মাছখোৱাত আয়োজিত ৰাষ্ট্ৰীয় যুৱ সমাবেশত বিজেপি চৰকাৰক তীব্ৰসমালোচনা গুজৰাটৰ দলিত যুৱনেতা জিগনেশ মেৱানীৰ ৷ লোকসভা নিৰ্বাচনত দেশৰ প্ৰতিজন নাগৰিকে মেৰা ভোট, মেৰা দেশ, মেৰা মুদ্দা অৰ্থাৎ 'মোৰ দেশ,মোৰ ভোট আৰু মোৰ কথা' -এই বাক্যশাৰী শিৰোগত কৰি ল'লে মোডী শাসনচ্যুত হ'ব বুলি প্ৰকাশ কৰে যুৱনেতা গৰাকীয়ে ৷
নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰি মোডীয়ে অসম তথা ভাৰতক ধ্বংস কৰিবলৈ বিচাৰিছে বুলি প্ৰকাশ কৰে মেৱানীয়ে ৷ মেৱানীৰ মন্তব্য- কৰ্মসংস্থাপনৰ ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব দিয়া নাই বিজেপি চৰকাৰে ৷ যাৰ ফলত বিগত চল্লিশ বছৰৰ তুলনাত ভাৰতত 40 শতাংশলৈ হ্ৰাস পাইছে কৰ্মসংস্থাপন ৷ 'সবকা সাথ সবকা বিকাশ' মন্তব্যৰে দপদপাই থকা মোডীয়ে প্ৰকৃততে সমাজৰ দলিত শ্ৰেণীক কোনোধৰণৰ প্ৰাধান্য দিয়া নাই বুলিও প্ৰকাশ কৰে দলিত নেতাগৰাকীয়ে ৷ বহিৰাগত কোম্পানী তথা স্বদেশী ব্যৱসায়ীয়ে নিজ ব্যৱসায় প্ৰতিষ্ঠা কৰিবলৈ ভূমি লাভ কৰে যদিও দলিত শ্ৰেণীক বিজেপিয়ে ভূমি আৱণ্টন দিয়া নাই বুলি ককৰ্থনা কৰে মোডীক৷
দেশৰ উন্নয়নৰ ঠাইত নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত মোডীয়ে এতিয়া 'মে ভী চকীদাৰ' বুলি জনসাধাৰণৰ মন জয় কৰাৰ অপচেষ্টা অব্যাহত ৰখা বুলিও তিৰস্কাৰ কৰে প্ৰধানমন্ত্ৰীগৰাকীক ৷ দেশৰ সন্ত্ৰাসবাদ নিৰ্মূলকৰণৰ ক্ষেত্ৰতো মন্তব্য প্ৰকাশ কৰে জিগনেশ মেৱানীয়ে ৷ তেওঁৰ মতে সকলো ৰাজনৈতিক দলে পৰস্পৰৰ গাত দোষ জাপি দিয়াতকৈ আলোচনাত মিলিত হৈ কাৰ্যপন্থা হাতত ল'লেহে দেশত নিৰ্মূল হ'ব সন্ত্ৰাসবাদৰ সমস্যা ৷