ETV Bharat / state

JEE কাণ্ডকলৈ মহানগৰ আৰক্ষী আয়ুক্তৰ সংবাদমেল - NDIGO বিমান যোগে

মহানগৰ আৰক্ষীৰ এটা দল নতুন দিল্লীলৈ ৰাওনা হৈছিল । কেইবাদিনো ধৰি নতুন দিল্লীতে বাহৰ পাতি আছিল আৰক্ষীৰ দলটোৱে । অৱশেষত দেওবাৰে আৰক্ষীৰ জালত পৰে প্ৰদীপ কুমাৰ । এ ডি চি পি সুপ্ৰতিভ লাল বৰুৱাৰ নেতৃত্বত দিল্লীত অভিযান চলাইছিল আৰক্ষীয়ে । গ্ৰেপ্তাৰ কৰাৰ পিছত বিমান যোগে প্ৰদীপ কুমাৰক লৈ অনা হ'ল গুৱাহাটীলৈ ৷

JEE কাণ্ডকলৈ আৰক্ষী আয়ুক্তৰ সংবাদমেল.....

author img

By

Published : Nov 29, 2020, 9:07 PM IST

গুৱাহাটী,29 নৱেম্বৰঃ ছাত্ৰ-ছাত্ৰীৰ জীৱনৰ লগত হেতালি খেলি নতুন দিল্লীত লুকাই থকা প্ৰদীপ কুমাৰক দেওবাৰে গুৱাহাটী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । JEE কেলেংকাৰী সৈতে নাম সাঙোৰ খোৱাৰ পিছতে অসমৰ পৰা পলায়ন কৰিছিল । ভুৱা পৰীক্ষাৰ্থী যোগান চক্ৰৰ অন্যতম আছিল প্ৰদীপ কুমাৰ । পৰীক্ষাৰ্থী যোগান ধৰাই নহয়, নীল নক্ষত্ৰ দাস নামৰ পৰীক্ষাৰ্থীগৰাকীৰ হৈ প্ৰদীপ কুমাৰ পৰীক্ষাত অৱতীৰ্ণও হৈছিল । JEE কেলেংকাৰীৰ তদন্ত প্ৰক্ৰিয়া চলি থকাৰ বাবে নতুন দিল্লীত আত্মগোপন কৰি আছিল প্ৰদীপ কুমাৰ ।

JEE কাণ্ডকলৈ আৰক্ষী আয়ুক্তৰ সংবাদমেল.....

এই বিষয়ে খবৰ পোৱাৰ পিছতে মহানগৰ আৰক্ষীৰ এটা দল নতুন দিল্লীলৈ ৰাওনা হৈছিল । কেইবাদিনো ধৰি নতুন দিল্লীতে বাহৰ পাতি আছিল আৰক্ষীৰ দলটোৱে । অৱশেষত দেওবাৰে আৰক্ষীৰ জালত পৰে প্ৰদীপ কুমাৰ । এ ডি চি পি সুপ্ৰতিভ লাল বৰুৱাৰ নেতৃত্বত দিল্লীত অভিযান চলাইছিল আৰক্ষীয়ে । গ্ৰেপ্তাৰ কৰাৰ পিছত বিমান যোগে প্ৰদীপ কুমাৰক লৈ অনা হ'ল গুৱাহাটীলৈ ৷

উল্লেখ্য যে, পূৰ্বতে JEE কেলেংকাৰীৰে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে ৭ জনকৈ লোক । যোৱা ২৮ অক্টোবৰত ড° জ্যোতিৰ্ময় দাস, নীল নক্ষত্ৰ দাস, হেমেন্দ্ৰ নাথ শৰ্মা, প্ৰাঞ্জল কলিতা, হিৰুকমল পাঠকক গ্ৰেপ্তাৰ কৰা হৈছিল । তাৰ পিছতে ৩১ অক্টোবৰত গ্লৱেল ইডুলাইটৰ কৰ্মচাৰী কাকলি বুজৰবৰুৱাক গ্ৰেপ্তাৰ কৰা হৈছিল ।

শেষত মাষ্টাৰমাইণ্ড ভাৰ্গৱ ডেকাক গ্ৰেপ্তাৰ কৰাত JEE কেলেংকাৰীৰ সকলো তথ্য পোহৰলৈ আহে । ভাৰ্গৱ ডেকাই আৰক্ষীৰ জেৰাত স্বীকাৰ কৰিছিল কেলেংকাৰীৰ কথা । ইয়াৰ পিছতে প্ৰদীপ কুমাৰক বিচাৰি অভিযান চলাইছিল আৰক্ষীয়ে । অৱশেষত দেওবাৰে প্ৰদীপ কুমাৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ।

লগতে পঢ়কঃ JEE কেলেংকাৰীৰ অন্যতম অভিযুক্ত প্ৰদীপ কুমাৰক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.